ETV Bharat / state

গোৱালপাৰাৰ ইটাভাটাত কিশোৰীৰ ৰহস্য়জনক আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:17 PM IST

Incident in Goalpara: বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত খৰমুজাস্থিত এছবিএফ ইটাভাটাত মালিকে বলপূৰ্বকভাৱে বনুৱা হিচাপে কামত নিয়োগ কৰা কিশোৰীয়ে ল'লে চৰম সিদ্ধান্ত । ইটাভাটা মালিকৰ বিৰুদ্ধে কামৰ হেঁচা প্ৰয়োগৰ অভিযোগ ।

Incident in Goalpara
খৰমুজাস্থিত এছবিএফ ইটাভাটা

খৰমুজাস্থিত এছবিএফ ইটাভাটা

গোৱালপাৰা, ১৭ মাৰ্চ: গোৱালপাৰা জিলাৰ শিঙিমাৰীৰ এছ বি এফ ইটাভাটাত সংঘটিত হৈছে অঘটন । এছ বি এফ ইটাভাটাটোত ১৪ বছৰীয়া কিশোৰী এগৰাকীয়ে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা । উল্লেখ যে গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত খৰমুজাস্থিত এছবিএফ ইটাভাটাত মালিকে বলপূৰ্বকভাৱে বনুৱা হিচাপে কামত নিয়োগ কৰিছিল কিশোৰীগৰাকীক । কিশোৰী গৰাকীক বলপূৰ্বকভাৱে কামত নিয়োজিত কৰা বাবেই আত্মহত্যা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ইটাভাটা মালিকৰ বিৰুদ্ধে ।

চিপলৈ আত্মহত্যা কৰা কিশোৰীগৰাকীৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত হাপাৰচৰ গাঁৱত । বিগত ৫ মাহ ধৰি কিশোৰীগৰাকীৰ পৰিয়ালটো ইটাভাটাত কাম কৰি আছিল । ইটাভাটাটোত পৰিয়ালৰ সৈতে কাম কৰিবলৈ অহা কৰ্মচাৰীসকলে ৰমজান মাহ উপলক্ষে ছুটি বিচাৰিছিল । কিন্তু ইটাভাটাৰ মালিকে ছুটি নিদিয়াকৈ এক প্ৰকাৰ পণবন্দী কৰি ৰাখিছে শ্ৰমিকসকলক । এই অভিযোগ উত্থাপন কৰিছে ইটাভাটাত কাম কৰিবলৈ অহা শ্ৰমিকসকলে ।

কেৱল এয়াই নহয়, ইটাভাটাত কাম চলি থকা অৱস্থাত যদি কোনো এগৰাকী শ্ৰমিকৰ বেমাৰ আজাৰ হ’লে ঔষধ কিনিবলৈ ফাৰ্মাচীত যাবলৈ নিদিয়ে বুলিও অভিযোগ কৰে শ্ৰমিকসকলে । ৰমজান মাহৰ পূৰ্বৰ পৰাই কিশোৰী গৰাকীৰ পিতৃয়ে ঘৰত যাবলৈ ছুটি বিচাৰি আহিছিল , কিন্তু এছবিএফ ইটাভাটাৰ মালিকে ছুটি দিয়াৰ পৰিৱৰ্তে দাবী-ধমকি দি কাম কৰাই আহিছিল পৰিয়ালটোক । ছুটি নিদিয়া বাবেই আজি আত্মহত্যা কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে এই ইটাভাটাটোত বহু শিশু শ্ৰমিকক কামত নিয়োজিত কৰি আহিছে মালিকে । সেয়েহে,মালিকজনৰ বিৰুদ্ধে উচিত তদন্তৰে শাস্তি বিহিবলৈ দাবী জনাইছে কিশোৰীগৰাকীৰ পিতৃয়ে । পিচত ঘটনাস্থলীত বগুৱান থানাৰ আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক:আৰক্ষীৰ অত্যাচাৰত আত্মহনন কৰা দীপাংকৰ গগৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.