ETV Bharat / state

শিক্ষক দিৱসৰ দিনা বিয়পিল সমন্বয়ৰ বাৰ্তা: জেকিহ অচুমিক দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:33 PM IST

Teachers Day 2024: অসম-নাগালেণ্ডৰ মাজত শান্তি, ঐক্য আৰু সমন্বয় দেখা গ'ল পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত । জ্ঞানৰ পোহৰ বিলোৱা নাগালেণ্ডৰ জেকিহ অচুমিক শিক্ষক-সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান ।

Teacher's Day celebrated in Jorhat
শিক্ষক দিৱসৰ দিনা যোৰহাট বিয়পিল সমন্বয়ৰ বাৰ্তা (ETV Bharat Assam)

যোৰহাট,৫ ছেপ্টেম্বৰ: আজি পৱিত্ৰ শিক্ষক দিৱস আৰু পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই যোৰহাটৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান চিনামৰা মহাবিদ্যালয়ে দাঙি ধৰিলে ঐক্য-সংহতি আৰু সমন্বয়ৰ অপূৰ্ব নিদৰ্শন । চিনামৰা মহাবিদ্যালয়ৰ বাৰ্তালোচনী বিশ্বমুখী যুগবাৰ্তাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ মান নিৰূপণ কোষ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান অধ্যয়ন গৱেষণা কেন্দ্ৰ আৰু ইণ্ডিয়ান একাডেমিক ৰিচাৰ্চ এছোচিয়েচন তামিলনাডুৰ সহযোগত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত নাগালেণ্ডৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক জেকিহ অচুমিক শিক্ষক-সমাজকৰ্মী দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান কৰা হয় ।

শিক্ষক দিৱসৰ দিনা যোৰহাটত বিয়পিল সমন্বয়ৰ বাৰ্তা (ETV Bharat Assam)

লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধ্যাপক ড৹ বিপিন খঙীয়াক গুৰু মহীয়ান আনন্দ কেওট স্মাৰক বঁটাৰে সন্মানিত কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম-নাগালেণ্ডৰ সীমা সন্দৰ্ভত নাগালেণ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক জেকিহ অচুমিয়ে কয়,"শিক্ষক দিৱসৰ দিনটো এটা ডাঙৰ দিন । পঢ়ালৈ যে শিক্ষকক সন্মান দিয়ে ,কিন্তু ভাল পথ দেখুৱাই দিয়াজন এজন শিক্ষক হ'ব পাৰে । কাৰণ পাহাৰত কি হৈছে সেয়া শিক্ষক হিচাপে একো নকও , সেই সমস্যা সমাধান কৰিব চৰকাৰে, নগা আৰু অসমীয়া সকলো মানুহ আৰু আমি সকলোৱে মিলা-প্ৰীতিৰে থকাটোহে উচিত ।

ড৹ খঙীয়াই কয়,"নাগালেণ্ডৰ শিক্ষক জেকিহ অচুমিক চিনামৰা মহাবিদ্যালয়ে দিয়া স্বীকৃতি হ'ল সমন্বয়ৰ স্বীকৃতি । এই বাৰ্তাই অসম পৰা নাগালেণ্ডলৈ কঢ়িয়াই নিব এক সমন্বয়ৰ বাৰ্তা ।" উল্লেখ্য যে, এনেধৰণৰ কৰ্মসূচীয়ে দুয়োখন ৰাজ্যৰ মাজত থকা সাতমপুৰুষীয়া সম্পৰ্কক অধিক মজবুত কৰিব বুলি উপস্থিত সকলোৱে উল্লেখ কৰে ।

লগতে পঢ়ক: শিক্ষক দিৱস বিশেষ: জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী ব্যতিক্ৰমী শিক্ষক - Teachers Day 2024

শিক্ষক দিৱসৰ উপহাৰ নহয়, নিৰাপত্তাহে লাগে ! - Teachers Day 2024

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.