ETV Bharat / state

একেবাৰে সাধাৰণ এজনী ছোৱালী আছিল চুমী ! শিক্ষাগুৰুৰ দৃষ্টিত বিতৰ্কিত চুমী বৰা - Sumi Borah

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 6:22 AM IST

Sumi Borah controversy: ‘‘চুমী বৰা কষ্টেৰে ডাঙৰ হোৱা ছোৱালী আছিল ৷ দেউতাকে এখন দোকান দি পৰিয়ালটো পোহপাল দিছিল ৷ স্কলাৰশ্বিপেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিবেশ‍্য কলা বিভাগত অধ‍্যয়ন কৰিছিল চুমীয়ে ৷ বিয়াত ইমান পইছা খৰচ কৰাত মই গালি দিছিলো ৷’’ বিতৰ্কত সোমাই পৰা চুমী বৰাৰ সন্দৰ্ভত তেওঁৰ শিক্ষাগুৰুৱে আগবঢ়ালে এই মন্তব্য ৷

Sumi Bora
চুমী বৰাৰ সন্দৰ্ভত কি ক’লে তেওঁৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ৰূপলেখা বৰবৰা দাস (Etv Bharat Assam)

ডিব্ৰুগড়, ১১ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । কোটি কোটি টকা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী কৰিলে । কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মূল সহযোগী হিচাপে অভিযুক্ত হোৱা অভিনেত্ৰী চুমী বৰাক বিচাৰি যোৱা প্ৰায় এসপ্তাহে হাবাথুৰি খাবলগীয়া হৈছিল আৰক্ষীয়ে ৷ অৱশেষত আত্মপ্ৰকাশ কৰিলে চুমীয়ে ৷

শিক্ষাগুৰুৰ দৃষ্টিত বিতৰ্কিত চুমী বৰা (Etv Bharat Assam)

এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা চুমী বৰাই শেহতীয়াকৈ অসমীয়া ছবিত কাম আৰম্ভ কৰিছিল । ২২ বছৰ বয়সতে কোটিপতি হোৱা বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আত্মগোপন কৰিছিল নৃত্য নিৰ্দেশক চুমী বৰাই । তেওঁৰ সম্পৰ্কত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে । সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চাৰ বিষয় বিশাল ফুকন আৰু চুমীৰ বৰা ।

চুমী বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিবেশ‍্য কলা বিভাগত অধ্যয়ন কৰিছিল । চুমীক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰা সময়ত চুমী বৰাৰ শিক্ষয়িত্ৰী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ‍্য কলা বিভাগৰ সহকাৰী অধ‍্যাপিকা ড৹ ৰূপলেখা বৰবৰা দাসে বুধবাৰে ডিব্ৰুগড়ত চুমী বৰাৰ বিষয়ে কৰিলে বহুকেইটা মন্তব্য ।

চুমীৰ বৰা সম্পৰ্কত কি কয় অধ‍্যাপিকা ড৹ ৰূপলেখা বৰবৰা দাসে :

সহকাৰী অধ‍্যাপিকা ড৹ ৰূপলেখা বৰবৰা দাসে কয়, "চুমী বৰাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ পৰাই নহয়, ২০০০ চন মানৰ পৰাই একেবাৰে সৰু অৱস্থাৰ পৰাই পাইছোঁ । ১১ বছৰ বয়সৰ পৰাই মোৰ ওচৰত নৃত্য শিক্ষা লৈছিল । চুমীৰ দেউতাকে এখন দোকান দি পৰিয়ালটো পোহপাল দিছিল । একেবাৰে সাধাৰণ এজনী ছোৱালী আছিল চুমী । সৰুৰে পৰা তাই নাচৰ প্ৰতি বৰ আগ্ৰহী আছিল ৷ সেয়ে নাচটো ভালকৈ শিকক বুলি স্কলাৰশ্বিপৰ টকাও তাইক দিছিলো ।"

তেওঁ লগতে কয়, ‘‘ক'ভিডৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিবেশ‍্য কলা বিভাগৰ পৰা উত্তীৰ্ণ হৈছিল চুমী । সকলোৰে সৈতে সহজেই মিলিব পৰা ছোৱালী আছিল । ৰাজস্থানৰ উদয়পুৰৰ বিয়ালৈ আমাক নিমন্ত্ৰণ কৰিছিল । আমি ৰে'লতেই যাম বুলি ভাবিছিলো যদিও তাই ক'লে, তুমি মোক পইছা নোলোৱাকৈয়েই নাচ শিকালা, সেয়ে ফ্লাইটৰ টিকট তুমি কাটিব নালাগে । চুমীয়ে যিখন বিয়া পাতিলে তেনেকুৱা বিয়া আগতে দেখা নাই । মই সকলো ধৰণৰ পৰিবেশৰ লগত মিলিব নোৱাৰো সেয়ে দেউতাক-পেহীয়েকৰ লগত বেলেগকৈ আছিলো ।’’

তেওঁ আৰু কয়, ‘‘বিয়াখনত ইমান পইছা খৰচ হৈছে বুলি ভবা নাছিলো । পিছতহে ইমান পইছা খৰচ হৈছে বুলি গম পাইছো । তেতিয়াই তাইক ইমান পইছা খৰচ কিয় কৰিব লাগে বুলি গালি পাৰিছিলো । চুমীয়ে বহুত কষ্ট কৰি এটা পজিচন পাইছিল । তাই নাচ শিকাইছিল, মাজতে মেকআপৰ কাম কৰিছিল । বিয়াত বহুত মানুহ যোৱা নাছিল যদিও বহুত কেমেৰা আছিল । তাৰ্কিকৰ গোটেই কেমেৰাৰ দলটো গৈছিল ।’’

এতিয়া চুমী বৰাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ৷ প্ৰৱঞ্চনাৰ বজাৰখনত বিশালৰ সৈতে সঁচাকৈয়ে চুমী জড়িত আছিল নেকি ? আনৰ টকাৰে বিলাসী জীৱন কটোৱাৰ যি অভিযোগ চুমীৰ বিৰুদ্ধে উঠিছে সেয়া প্ৰকৃততে কিমান সঁচা ? বিশালৰ ওচৰত কোনে কোনে বিনিয়োগ কৰিছিল টকা ? আৰক্ষীৰ উপযুক্ত তদন্তত এই সকলো প্ৰশ্নৰ উত্তৰ ওলাব বুলি বাট চাইছে সকলোৱে ৷

লগতে পঢ়ক: বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.