ETV Bharat / state

লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী : উলংগ কৰি উত্তম-মধ্যম ৰাইজৰ - Rape case in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 3:19 PM IST

Rape case in Hojai : নগাঁৱৰ ধিঙৰ ধৰ্ষণকাণ্ডৰ পাচত এইবাৰ হোজাইত অনুৰূপ ঘটনা । লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী । ছাত্ৰীক ধৰ্ষণ কৰাৰ ভিডিঅ' দেখুৱাই পৰিয়ালৰ লোকক ধন দাবী শিক্ষকৰ । উলংগ কৰি উত্তম-মধ্যম শোধালে ক্ষোভিত ৰাইজে ।

Teacher accused of demanding money by video of rape of student in Hojai
লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী (ETV Bharat Assam)

হোজাই, ২৪ আগষ্ট : ৰাজ্যত এটাৰ পিচত এটাকৈ সংঘটিত হ'বলৈ ধৰিছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা । ধিংকাণ্ডই ৰাজ্যত এক প্ৰকাৰ তোলপাৰ লগাইছে । শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে ধিঙৰ দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ অব্যাহত থাকে প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে নিশাৰ ভাগত হোজাইত পোহৰলৈ আহে আন এক লাজ লগা ঘটনা ।

শিক্ষকৰে দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষকে । লম্পট শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী ছাত্ৰী । ঘটনা হোজাইৰ বিদ্যানগৰৰ । পূৰ্বৰে ছাত্ৰী অশালীন ইংগিত দিয়াৰ অভিযোগ থকা লম্পট শিক্ষক বিশ্বজিৎ দাস এইবাৰ পৰিল ৰাইজৰ জালত ।

স্থানীয় এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি সমগ্ৰ দৃশ্যাংশ কেমেৰাত নিজেই বন্দী কৰে ৷ তাৰ পাচত ভুক্তভোগীৰ পৰিয়ালৰ লোকক ধনদাবীৰ কৰা অভিযোগ উত্থাপন হৈছে অভিযুক্ত বিশ্বজিৎ দাসৰ বিৰুদ্ধে । অভিযুক্ত দাস হোজাইৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অংকৰ শিক্ষক আছিল । ইয়াৰ উপৰি তেওঁ ব্যক্তিগতভাৱে টিউচনৰ জৰিয়তে পাঠদান কৰিছিল ।

সেই টিউচন কৰাৰ চলেৰে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ লগত নিৰ্মাণ কৰিছিল অশ্লীল ভিডিঅ' । ছাত্ৰীগৰাকীৰ পিতৃক টকা নিদিলে ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি দিছিল । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।

উত্তেজিত ৰাইজে অভিযুক্ত শিক্ষকক সম্পূৰ্ণ উলংগ কৰি উত্তম-মধ্যম শোধায় । ইফালে ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে অভিযুক্তক গতাই দিয়ে আৰক্ষীৰ হাতত ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আন বহু ছাত্ৰীকো অভিযুক্তক শিক্ষকজনে অশ্লীল ইংগিত দিয়াৰো অভিযোগ উত্থাপন কৰে আন বহু অভিভাৱকে । এনে অভিযুক্ত যাতে আইন সুৰুঙাৰে সাৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচি দিবলৈ দাবী উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী - Encounter in Tezpur

চিৰাঙত গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতনৰ অভিযোগ - Human Trafficking

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.