ETV Bharat / state

নদফীয়া দাবীত গোলাঘাটৰ গৰঙা চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - Assam Tea Workers Association

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 5:34 PM IST

Tea Workers Protest in Golaghat : গোলাঘাটৰ গৰঙা চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নদফীয়া দাবী সন্মিলিত স্মাৰকপত্ৰ বাগিচা পৰিচালকৰ হাতত প্ৰদান ।

Tea Workers Protest in Golaghat
গোলাঘাটৰ গৰঙা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)

গোলাঘাট, ১০ জুলাই : গোলাঘাটৰ গৰঙা চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ । অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ অন্তৰ্গত বাগিচা সংঘৰ উদ্যোগত চাহ বাগিচাখনৰ শ্ৰমিকসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । চাহ শ্ৰমিকসকলৰ বিভিন্ন দাবী পূৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাগিচাখনৰ চাহ শ্ৰমিকসকলে । প্ৰতিবাদী চাহ শ্ৰমিকসকলে অসম চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দাবী কাৰ্যকৰী কৰক, অসম চাহ নিগম মুৰ্দাবাদ আদি শ্লোগানেৰে বাগিচাৰ পৰিৱেশ‌ উত্তাল কৰি তোলে ।

গৰঙা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, বাগিচাৰ চাহ শ্ৰমিকৰ ঘৰ নিৰ্মাণ, শৌচাগাৰ, স্নানাগাৰ নিৰ্মাণ, বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা, বাগিচাৰ‌ চিকিৎসালয়ৰ উন্নীতকৰণ, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভৱিষ্যনিধি আদি আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰা, বাগিচাৰ দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা সন্দৰ্ভত সোচ্চাৰ হৈ উঠে প্ৰতিবাদী চাহ শ্ৰমিকসকল ।

আনহাতে, বাগিচাৰ স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখা, বাগিচাৰ শ্ৰমিকসকলে বসবাস কৰা কোম্পানীৰ গৃহসমূহ আৰু মাটিডোখৰ শ্ৰমিকজনৰ নামত আৱণ্টনৰ ব্যৱস্থা কৰা, মেকলয়ড ৰাছেল আৰু অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগ তথা সমস্যাসমূহৰ তৎকালে সমাধানৰ ব্যৱস্থা কৰা,সংঘৰ পূৰ্বৰ এঘাৰদফীয়া দাবীসমূহৰ ভিতৰত অমীমাংসিত দাবীসমূহ ৰূপায়ণ কৰা ইত্যাদি নদফীয়া দাবী সন্মিলিত এখন স্মাৰক-পত্ৰও চাহ শ্ৰমিকসকলে বাগিচাৰ পৰিচালকৰ হাতত প্ৰদান‌ কৰে ।

লগতে প্ৰতিবাদকাৰীসকলে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকো তেওঁলোকৰ দাবীসমূহ সংসদত সজোৰে উত্থাপন কৰিবলৈ আহ্বান জনায় । তদুপৰি, অসম চাহ নিগম আৰু অসমৰ মুখ্যমন্ত্ৰীক দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে সমস্যাসমূহৰ ক্ষিপ্ৰ সমাধান সূত্ৰ উলি‌য়াবলৈ প্ৰতিবাদী শ্ৰমিকসকলে আহ্বান জনায় ।

লগতে পঢ়ক :কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest In Guwahati
লগতে পঢ়ক :সমস্য়া সমাধানৰ দাবীত শ্ৰমিক বিক্ষোভত উত্তাল কাজলগাঁও - CITU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.