ETV Bharat / state

চিন্তাৰ আৰু কাৰণ নাই; গুগল শ্বিটৰ জৰিয়তে কৰদাতাই শিৱসাগৰ পৌৰসভাক দিব পাৰিব অভিযোগ - Sivasagar Municipality Press meet - SIVASAGAR MUNICIPALITY PRESS MEET

Sivasagar Municipality : পৌৰসভা আৰু কৰদাতা ৰাইজৰ মাজত সেতু বন্ধনৰ বাবে গুগল শ্বিটৰ ব্যৱস্থা কৰা হৈছে ৷ কৰদাতা ৰাইজে পৌৰসভাক পোনপটীয়াকৈ দিব পাৰিব অভিযোগ তথ পৰামৰ্শ ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰে ৷

Press Conference of Sivasagar Municipality
শিৱসাগৰ পৌৰসভাৰ সংবাদ মেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 7:32 AM IST

শিৱসাগৰ, 27 জুন : বুধবাৰে শিৱসাগৰ পৌৰসভাই পৌৰসভাৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে । এই সংবাদমেলতে শিৱসাগৰ পৌৰসভাক জনমুখী কৰাৰ উদ্দেশ্যে পৌৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ সন্দৰ্ভত পৌৰনেত্ৰী মৃণালী কোঁৱৰে ব্যাখ্যা কৰে ।

শিৱসাগৰ পৌৰসভাৰ সংবাদ মেল (ETV Bharat Assam)

শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত কৰদাতা ৰাইজৰ লগত এক পোনপটীয়া সম্পৰ্ক স্থাপনৰ বাবে শিৱসাগৰ পৌৰসভাৰ তৰফৰ পৰা এক সেতু বন্ধনৰ কাৰ্যসূচী হাতত লৈছে বুলিও তেওঁ কয় । পৌৰ কৰ্তৃপক্ষই শিৱসাগৰ নগৰত কৰদাতা ৰাইজে লাভ কৰা সুবিধা-অসুবিধাসমূহ পোনে পোনে জানিবৰ বাবে এক অনলাইন গুগল শ্বিটৰ ব্যৱস্থা কৰিছে বুলি পৌৰনেত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে ।

উক্ত গুগল শ্বিটৰ জৰিয়তে কৰদাতা ৰাইজে তেওঁলোকে পৌৰ এলেকাত বাট-পথ, নলা-নৰ্দমা, ষ্ট্ৰিট লাইট, জাৱৰ সংগ্ৰহ, খোৱাপানী আদিৰ লগতে পৌৰসভাৰ দায়িত্বৰ ভিতৰত পৰা বিভিন্ন বিষয় সন্দৰ্ভত উক্ত গুগল শ্বিটৰ জৰিয়তে লাভ কৰা অসুবিধাৰ অভিযোগ দাখিলৰ লগতে পৌৰসভাক পৰামৰ্শও প্ৰদান কৰিব পাৰিব বুলি মৃণালী কোঁৱৰে জানিব দিয়ে ।

লগতে পঢ়ক : অচিৰেই গেলা-পচা আৰু দুৰ্গন্ধময় নগৰীলৈ পৰিণত হ'ব যোৰহাট ! - Municipal employees protest

অনলাইনৰ দ্বাৰা পৌৰসভা আৰু কৰদাতা ৰাইজৰ মাজত সংস্থাপিত কৰিব লোৱা এই প্ৰয়াসে পৌৰসভাৰ লগতে কৰদাতা ৰাইজকো উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । অৱশ্যে কৰদাতা ৰাইজৰ অভিযোগ পৰামৰ্শসমূহ তাৎক্ষণিকভাৱে নহ'লেও পৰ্যায় ক্ৰমে সমাধান কৰাৰ চেষ্টা কৰিব বুলিও তেওঁ সংবাদমেলত আশ্বাস প্ৰদান কৰে ।

এই সংবাদমেলতে পৌৰনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰ নগৰত খোৱাপানী যোগানৰ বাবে 'অমূৰ্ত' আঁচনিৰ এক বুজন ধন লাভ কৰা বুলি জানিব দিয়ে ৷ লগতে তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ বদান্যতাক কৃতজ্ঞতা জ্ঞাপন কৰে ।

নগৰীয়া পানী যোগান আৰু পয়-প্ৰণালী বৰ্ডৰ সৈতে অমূৰ্তৰ হোৱা এক বুজাবুজিৰ পাচত শিৱসাগৰ নগৰৰ সকলো পৰিয়ালক বিশুদ্ধ খোৱাপানী অনাগত কিছু মাহৰ পাচত প্ৰদান কৰিব পৰা যাব বুলিও তেওঁ আশা ব্যক্ত কৰে । উক্ত সংবাদমেলত পৌৰনেত্ৰীগৰাকীয়ে শিৱসাগৰ পৌৰসভাৰ কৰদাতা ৰাইজৰ পৰা সংগ্ৰহ কৰা পৌৰ কৰৰ তথ্য দাঙি ধৰাৰ লগতে বকেয়া কৰ ৰাশিৰ পৰিমাণৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক : সৰু সৰু দোকানত অভিযান; পাইকাৰী দোকানৰ কাষ চাপিব নোখোজে প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিষয়া ! - Ban On Plastic

শিৱসাগৰ নগৰৰ বহুকেইটা চৰকাৰী কাৰ্যালয়ৰ পৰা পৌৰসভাই লাভ কৰিবলগীয়া পৌৰকৰৰ তথ্য দাঙি ধৰি এইসমূহ কৰ সংগ্ৰহ হ’লে পৌৰসভাই বিভিন্ন শিতানৰ কাম হাতত ল’ব পাৰিব বুলিও উল্লেখ কৰে । পৌৰকৰ প্ৰদান কৰিবলগীয়া চৰকাৰী বিভাগৰ ভিতৰত শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়, শিৱসাগৰ জেল, শিৱসাগৰ ছোৱালী কলেজ আদিকে কৰি বহু বিভাগ-প্ৰতিষ্ঠান থকা বুলিও তেওঁ আজিৰ সংবাদমেলত জানিব দিয়ে ।

আনহাতে উক্ত সংবাদমেলতে শিৱসাগৰ পোৰসভাই বিগত দিনত কৰা বিভিন্ন জনহিতকৰ কামৰ তথ্য দাঙি ধৰি পৌৰসভাকে ধৰি নগৰখন সূচাৰুভাৱে পৰিচালনা কৰাৰ বাবে শিৱসাগৰ নগৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে । এই সংবাদ মেলত পৌৰনেত্ৰী মৃণালী কোঁৱৰৰ লগতে শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱব্ৰত শৰ্মা আৰু উপ-পৌৰপতি সঞ্জীৱ বৰাও উপস্থিত থাকে ৷

লগতে পঢ়ক : জব্দ হোৱা ড্ৰাগছৰ ওপৰেৰে ৰোলাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.