ETV Bharat / state

লখিমপুৰত শিশুক পলিঅ’ প্ৰদানৰ লক্ষ্যৰে টাস্ক ফ’ৰ্চৰ সভা - WHO

Task force meeting : লখিমপুৰত লক্ষ্যাধিক শিশুক পলিঅ’ প্ৰদানৰ লক্ষ্যৰে জিলা টাস্ক ফৰ্চৰ সভা অনুষ্ঠিত কৰা হয় । লগতে এই সভাত জিলাখনত দ্বিতীয় পৰ্যায়ৰ উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

Task force meeting
লখিমপুৰত শিশুক পলিঅ’ প্ৰদানৰ লক্ষ্যৰে টাস্ক ফ’ৰ্চৰ সভা
author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:02 AM IST

লখিমপুৰ, ১ মাৰ্চ : লখিমপুৰ জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য (পৰিয়াল কল্যাণ) বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দ্বিতীয় পৰ্যায়ৰ উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পৰ্কত জিলা টাস্ক ফৰ্চৰ এখন সভা অনুষ্ঠিত কৰা হয় ৷ জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক তথা জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীয়ে আঁতধৰে এই সভাখন ৷ লগতে সভাখনৰ সভাপতিত্ব কৰে জিলা অতিৰিক্ত আয়ুক্ত মিনাক্ষী পেৰমেই ।

এই বিশেষ সভাখনত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে বক্তব্য ৰাখি কয় যে ভাৰত পলিঅ' মুক্ত দেশ । কিন্তু কিছু দেশত এতিয়াও পলিঅ' সংক্ৰমিত হৈ আছে । সেয়ে আমাৰ দেশতো পুনৰ পলিঅ’ সংক্ৰমণ হোৱাৰ আশংকা থকাৰ বাবেই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী হাতত লোৱা হৈছে ।

আগন্তুক তিনি দিনত জিলাখনত ১,৩৬,০৫৩ টা শিশুক পলিঅ' প্ৰদান কৰাৰ লক্ষ্য হাতত লোৱা হৈছে । এই সভাত জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে অহা ৩, ৪ আৰু ৫ মাৰ্চত জিলাখনত অনুষ্ঠিত হ’বলগীয়া উপৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্রদান কাৰ্যসূচী সম্পৰ্কে বিস্তৃতভাৱে সকলোকে অৱগত কৰে ।

জিলাখনত মুঠ ৮৭১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ, ১৬৮ জন বুথ ছুপাৰভাইজাৰ, ২৯ জন চেক্টৰৰেল ছুপাৰভাইজাৰ, ১৪ জন ব্লক ছুপাৰভাইজাৰ আৰু ৪ জন জিলা ছুপাৰভাইজাৰ এই কাৰ্যসূচী নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা হৈছে ।

পলিঅ’ ভাইৰাছে ৫ বছৰৰ তলৰ শিশুক আক্ৰমণ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি ৷ সেয়েহে সমগ্ৰ ৰাইজক নিজৰ সন্তানক পলিঅ' দৰৱ গ্ৰহণ কৰোৱাই পলিঅ’ মুক্ত সমাজ গঢ়িবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ডাঃ ভাৰতী গগৈয়ে ।

উল্লেখ্য যে, অহা ৩ মাৰ্চ পৰা আৰম্ভ হ’বলগীয়া এই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জন্মৰ পৰা ৫ বছৰ পৰ্যন্ত সকলো শিশুক সামৰি লোৱা হ’ব । জিলাখনৰ ৫ বছৰ বয়সৰ শিশুৰ সকলো অভিভাৱকক অহা ৩ মাৰ্চৰ পুৱা ৮ বজাত নিকটতম পলিঅ’ প্ৰতিষেধক কেন্দ্ৰলৈ নি পলিঅ’ প্ৰতিষেধক সেৱন কৰিবলৈ আহ্বান জনোৱা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সভাতে জিলা যক্ষ্মা ৰোগ বিষয়া (DTO) ডাঃ হূদয়ানন্দ বৰুৱাই আগন্তুক লখিমপুৰ আৰু শিৱসাগৰ জিলাত হ’বলগীয়া প্ৰাপ্তবয়স্ক বি. চি. জি, টীকাকৰণ অভিযান (Adult BCG Vaccination Campaign) সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে ।

লগতে পঢ়ক: ক’ভিডে ভাৰতীয়ৰ হাওঁফাওঁৰ গুৰুতৰ ক্ষতিসাধন কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.