ETV Bharat / state

কাছাৰত নিহত তিনি মাৰ যুৱকৰ মৃতদেহ মর্গতে ৰখাৰ নিৰ্দেশ হাইকোৰ্টৰ - Ploice firing at Mizoram border

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 12:52 PM IST

HC HEARING ON HMAR MILITANT BODY : তিনি মাৰ যুৱকৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যুৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে । শুকুৰবাৰে এই গোচৰৰ তৃতীয় শুনানি অনুষ্ঠিত হয় । এই শুনানিত পূৰ্বৰ দুটা শুনানিৰ দৰেই নিৰ্দেশ দিয়ে আদালতে । আদালতৰ নিৰ্দেশ অনুসৰি পৰৱৰ্তী শুনানিৰ দিনলৈকে চৰকাৰে তিনি মাৰ যুৱকৰ মৃতদেহ সযতনে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গতে ৰাখিব লাগিব ৷

HC HEARING ON HMAR MILITANT BODY
মাৰ যুৱক সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ (ETV Bharat Assam)

শিলচৰ, ৩ আগষ্ট : কাছাৰৰ ভুৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত তিনি মাৰ যুৱকৰ মৃতদেহ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মর্গত ৰখাৰ সময়সীমা বৃদ্ধি ৷ শুকুৰবাৰে তৃতীয়টো শুনানিত একেই নির্দেশ প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

HC HEARING ON HMAR MILITANT BODY
গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ (ETV Bharat Assam)

পৰৱর্তী শুনানিলৈকে তিনি মাৰ যুৱকৰ মৃতদেহ শিলচৰ মেডিকেল কলেজৰ মর্গতে সংৰক্ষিত কৰি ৰাখিব লাগিব । পৰৱর্তী শুনানি গ্রহণ কৰা হ'ব অহা ৭ আগষ্টত । লগতে চৰকাৰৰ পক্ষৰ পৰা আদালতত দাখিল কৰা শপতনামা বাদী পক্ষক পঢ়িবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে, 16 জুলাইত কাছাৰৰ ধলাই গংগানগৰৰ পৰা তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ আনহাতে, 17 জুলাইৰ পুৱতি নিশা ধৃত তিনি যুৱকক লগত লৈ অসম-মিজোৰাম সীমান্তৱৰ্তী ভুৱন পাহাৰলৈ অভিযান চলাবলৈ গৈছিল কাছাৰ আৰক্ষী । এই অভিযান চলাবলৈ যাওঁতেই আন উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলী হয় আৰক্ষীৰ ৷ সেই সময়তে আৰক্ষীৰ জিম্মাত থকা তিনি মাৰ যুৱকৰ মৃত্যু হয় ৷

আৰক্ষীৰ মতে, মৃত তিনি মাৰ যুৱক মাৰ উগ্ৰপন্থী আছিল ৷ কিন্তু এই কথাটো মানি লোৱা নাই মৃত তিনি মাৰ যুৱকৰ পৰিয়ালৰ সদস্যই ৷ লগতে ঘটনাটো সন্দৰ্ভত হাইকোৰ্টৰ কাষ চাপে মৃত তিনি যুৱকৰ পৰিয়ালৰ লোক ৷ ভুৱা এনকাউণ্টাৰত তিনি যুৱকক হত্যা কৰাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে পৰিয়াল তিনিটাই ৷

আনহাতে, এই গোচৰত যোৱা ২৪ আৰু ২৬ জুলাইত উচ্চ ন্যায়ালয়ত প্ৰথম আৰু দ্বিতীয় শুনানি অনুষ্ঠিত হয় ৷ ইয়াৰ পিচত শুকুৰবাৰে তৃতীয়টো শুনানি সম্পন্ন হয় ৷ তৃতীয় শুনানিত পূৰ্বৰ দুটা শুনানিৰ দৰেই নিৰ্দেশ দিয়ে আদালতে । এতিয়া আদালতৰ নিৰ্দেশ অনুসৰি পৰৱৰ্তী শুনানিৰ দিন অৰ্থাৎ ৭ আগষ্টলৈকে চৰকাৰে তিনি মাৰ যুৱকৰ মৃতদেহ সযতনে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গতে ৰাখিব লাগিব ৷

লগতে পঢ়ক :উচিত তদন্ত নোহোৱালৈকে মৃতদেহ চমজি নলয় মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে - Hmar militants killed
লগতে পঢ়ক :নিহত তিনি মাৰ উগ্ৰপন্থী মণিপুৰৰ হিংসাত্মক কাৰ্যৰ সৈতে জড়িতৰ সন্দেহ আৰক্ষীৰ - CACHAR SP REACTS ON POLICE FIRING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.