ETV Bharat / state

তলা নথকা লক্আপত ফটোৰ বাবে প’জ ! চুমি-তাৰ্কিকক এনেদৰে কোনে কৰিলে ৰাজহুৱা ? - Sumi Tarkik Locked Up

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:29 PM IST

Updated : Sep 12, 2024, 10:59 PM IST

Dibrugarh Sadar Police Station : লক্ আপৰ কোঠাত নাই তলা ৷ নাই যে নাই, তলা লগাব পৰা ব্যৱস্থাও নাই ৷ তেনেকৈয়ে ভাইৰেল হ’ল দুই বহুচৰ্চিত অভিযুক্তৰ ফটো ৷ থানাৰ ভিতৰৰ পৰা লক্ আপৰ ফটো কোনে ৰাজহুৱা কৰিলে, তাক লৈও সৃষ্টি হৈছে প্ৰশ্নৰ ৷

SUMI TARKIK LOCKED UP
তলা নথকা লক্ আপত তাৰ্কিক বৰাৰ ফটো ভাইৰেল (Etv Bharat)

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : ৯ দিন ‘লুকাই থকা’(অভিযুক্তৰ মতে)ৰ পিছত বৃহস্পতিবাৰে ডিব্ৰুগড় সদৰ থানাত লক্আপ্ হ’ল চুমী-তাৰ্কিক বৰা ৷ অতদিনে আৰক্ষীয়ে দুই ভি আই পি অভিযুক্তক বিচাৰি উলিয়াব নোৱৰা ঘটনাই ৰাজ্যজুৰি ৰহস্যৰ সৃষ্টি কৰিছিল ৷ বহুতেই এতিয়া ক’ব বিচাৰিছে এইখন এখন স্ক্ৰীপ্টেড ড্ৰামা ৷

SUMI TARKIK LOCKED UP
তলা নথকা লক্ আপত তাৰ্কিক বৰাৰ ফটো ভাইৰেল (ETV Bharat Assam)

তাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া ভাইৰেল হৈ পৰিল দুখন ফটো ৷ যি দুখন ফটো চুমী বৰা আৰু তাৰ্কিক বৰা লক্ আপ্ হৈ থকা অৱস্থাৰ ৷ যিটো সম্পূৰ্ণ বে-আইনী ৷ কোনো কাৰণতে অভিযুক্ত লক্ আপ হৈ থকা অৱস্থাত ফটো বা ভিডিঅ’ সংগ্ৰহ কৰিব নোৱাৰে, ই সৰ্বজনবিদিত ৷ যুক্তিৰ খাতিৰত যদি ধৰি লোৱা হয় যে আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত লক্ আপত থকা অভিযুক্তৰ ফটো বা ভিডিঅ’ সংগ্ৰহ কৰেও, তথাপি ইয়াক ৰাজহুৱা কৰিব নোৱাৰে ৷ গতিকে বৃহস্পতিবাৰে সন্ধিয়া ভাইৰেল হোৱা ফটো দুখনক কেন্দ্ৰ কৰি আৰক্ষীৰ ভুমিকাক লৈও পুনৰ সৃষ্টি হৈছে আন এক ৰহস্যৰ ৷ কিয়নো আৰক্ষীৰ সহযোগিতা অবিহনে এই ফটো সংগ্ৰহ অসম্ভৱ ৷

SUMI TARKIK LOCKED UP
তলাতো নায়েই, তলা লগাব পৰা ব্যৱস্থাও নাই ৷ তেনেদৰেই লক্ আপত থকা অৱস্থাৰ ফটো ভাইৰেল (ETV Bharat Assam)

তাতোকৈ ৰহস্যজনক কথাটো হ’ল যে চুমী বৰা আৰু তাৰ্কিক বৰাক যি দুটা কোঠাত লক্ আপ্ কৰা ফটোত দেখা গৈছে, সেই লক্ আপৰ দুৱাৰত নাই কোনো তলা অথবা তেনে ব্যৱস্থা ৷ তদুপৰি ফটোত দেখা অনুসৰি চুমী বৰাই পৰিধান কৰি আছে ছেণ্ডেল ৷ উল্লেখ্য যে লক্ আপ কৰাৰ পূৰ্বে অভিযুক্তৰ বহু বস্তু বাহিৰত ৰাখি থোৱা হয়, তাৰ ভিতৰত জোতা-ছেণ্ডেলো অন্যতম ৷ এনেবোৰ বিষয়ে বহু প্ৰশ্নৰ উদয় কৰিছে ৷ সেয়া যিয়েই নহওক, লক্ আপৰ ফটো ভাইৰেল হোৱাক লৈ আচৰিত হৈছে ভিন্নজন ৷

এই সন্দৰ্ভত ই টিভি ভাৰতে কথা পাতিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ সৈতে ৷ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ই টিভি ভাৰতক কয়, ‘‘থানাৰ ভিতৰত ফটো ল’ব পাৰে বিশেষ কাৰণত, কিন্তু লক্আপত থাকিলে এনেদেৰে ফটো ল’ব নালাগে ৷ ই আইনবিৰুদ্ধ ৷ লক্ আপত থকা লোকজনৰ ব্যক্তি স্বাধীনতা আছে ৷ যিহেতু এতিয়ালৈকে তেওঁ দোষী সাব্যস্ত হোৱা নাই, অভিযুক্তহে তেওঁ ৷ সেয়ে লক্ আপত থকা অৱস্থাত ফটো ল’ব নোৱাৰে ৷ ই এক অপমানৰ কথা হৈ পৰে ৷ তেওঁ অপৰাধী হিচাবে প্ৰমাণিত হ’বও পাৰে, নহ’বও পাৰে ৷ সেয়া তদন্তৰ পিছতহে হ’ব ৷’’

বৃহস্পতিবাৰে খৰধৰকৈ ডিব্ৰুগড় সদৰ থানাৰ মহিলা লক্ আপৰ কোঠা চাফ-চিকুণ কৰি চুমী বৰাক ৰখা হ’ল ৷ আন এটা কোঠাত ৰখা হ’ল তাৰ্কিক বৰাক ৷ তাৰ কিছু সময়ৰ পিছতে ভাইৰেল হৈ পৰিল ফটো দুখন ৷ দুই ভি আই পি অভিযুক্তক লক্ আপ কৰিবলৈ আৰক্ষী সক্ষম হোৱাৰ প্ৰমাণ হিচাবেই ফটো দুখন ৰাজহুৱা কৰা হ’ল নেকি, তাক লৈও প্ৰশ্নৰ উদয় হৈছে ৷

লগতে পঢ়ক : চুমী-তাৰ্কিকক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ভুৱা বাতৰিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিব ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জন শইকীয়া

Last Updated : Sep 12, 2024, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.