ETV Bharat / state

পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ - CYCLONE REMAL

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:29 AM IST

Updated : May 28, 2024, 1:31 PM IST

CYCLONE REMAL EFFECT IN ASSAM : ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰেমলৰ ধ্বংসলীলা ৷ এগৰাকী ছাত্ৰৰ অকাল মৃত্যুৰ লগতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত হৈছে ৷

CYCLONE REMAL UPDATE
পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ (ETV BHARAT ASSAM)

মৰিগাঁও/তেজপুৰ, 28 মে’ : সোমবাৰৰ পৰা ৰাজ্যজুৰি ৰেমলৰ ব্যাপক প্ৰভাৱ দেখা গৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈছে ৷

মৰিগাঁও জিলাত কাল ধুমুহা ৰেমলৰ ফলত এজন কলেজীয়া ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয় ৷ ঘৰৰ পৰা কলেজলৈ আহি থকাৰ সময়তে চলন্ত টেম্পু বাহনৰ ওপৰত গছ বাগৰি পৰাত মৃত্যু মুখত পৰে কৌশিক আমফি নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন । মৰিগাঁও জিলাৰ দীঘলবড়িত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ মৰিগাঁও গুৰুকূল একাডেমীত একাদশ শ্ৰেণীৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল কৌশিক ৷

দুৰ্ভগীয়া কৌশিক আমফিৰ ঘৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱত । কলেজলৈ আহি থকাৰ সময়তে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দীঘলবড়ী নামৰ ঠাইত চলন্ত টেম্পুখনৰ ওপৰত গছ পৰাৰ ফলত এই শোকাৱহ ঘটনা ঘটে ৷ ছাত্ৰজনৰ লগতে লগতে কেইবাগৰাকীও যাত্ৰী আহত হোৱাৰ কথা জানিব পৰা গৈছে ৷ ইতিমধ্যে আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

আনহাতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিটো সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কেবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে । মঙলবাৰে পুৱা চহৰ খনৰ St.Ursula High School বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী ভৰ্তি এখন গাড়ীত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাত বাছখন দুর্ঘটনাগ্ৰস্ত হয় ৷ লগতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয় ।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, এই ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী আহত হৈছে । এই ঘটনৰ পিছত শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সম্প্ৰতি আন ছাত্ৰ-ছাত্ৰীসকলক ঘৰা-ঘৰি পঠিয়াই দিয়া হৈছে ৷

লগতে পঢ়ক: ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

Last Updated : May 28, 2024, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.