ETV Bharat / state

হাতী ক'ৰবাতে থাকিল, গুলী গৈ লাগিল খেলি থকা কণমানি ছাত্ৰৰ ভৰিতহে

হাতী খেদিবলৈ যোৱা বন-বিষয়াৰ গুলী লাগিল ছাত্ৰৰ ভৰিত । নলবাৰীৰ ভদ্ৰবংগালত বন বিষয়াৰ গুলীত আহত ছাত্ৰক লৈ তীব্ৰ উত্তেজনা ।

Student injured in firing by forest officials while chasing elephant
বন-বিষয়াৰ গুলীত আহত ছাত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 9:56 PM IST

নলবাৰী: নলবাৰীৰ ভদ্ৰবংগালত ভয়ংকৰ ঘটনা । হাতী খেদিবলৈ ব্যৰ্থ হোৱা বন বিষয়াৰ গুলী লাগিল ছাত্ৰৰ ভৰিত । বন বিভাগৰ বিষয়াৰ গুলীত এজন ষষ্ঠ শ্ৰেণীৰ ছাত্র আহত হোৱাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।

বিগত এবছৰে নলবাৰী জিলাৰ উত্তৰ অঞ্চলসমূহত বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ । বন্যহস্তীয়ে নিতৌ তহিলং কৰি আহিছে নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ কেইবাখনো গাঁৱৰ লোকৰ খেতিপথাৰ, বাসস্থান আদি ।

বন-বিষয়াৰ গুলীত আহত ছাত্ৰ (ETV Bharat Assam)

দীৰ্ঘদিনে বন বিভাগে হাতী খেদি পঠিওৱাত ব্যৰ্থ হোৱাত ৰাইজেও দীৰ্ঘদিনে কাকুতি মিনতি অব্যাহত ৰাখিছিল বন বিভাগৰ ওচৰত । আজি বন বিভাগে এক্সকেভেটৰৰ সহায়ত হাতী খেদিবলৈ যোৱাত সন্ধিয়া ভদ্ৰবংগালৰ এজন ছাত্ৰৰ ভৰিত গুলী চলাই এগৰাকী বন বিষয়াই । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ । আহত ছাত্রজন ষষ্ঠ শ্ৰেণীত অধ্যায়নৰত ৰেকিবুল হুছেইন বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে বিয়লি ভদ্ৰবংগালৰ মথাউৰিৰ ওচৰত খেলপথাৰত অঞ্চলটোৰ কনিষ্ঠ আৰু যুৱকসকলে খেলাধূলা কৰি আছিল । সন্ধিয়া হোৱাত বন বিভাগৰ বিষয়াগৰাকীয়ে স্থানীয় লোকসকলক গুলীয়াম বুলিও ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় । তাৰ পিছতে উক্ত ঘটনাটি সংঘটিত হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকলে । লগে লগে স্থানীয় লোকসকলে বন বিভাগৰ লোকসকলক আৱদ্ধ কৰি ৰাখে বহু সময়লৈ ।

পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক । সম্প্ৰতি আহত ছাত্র ৰেকিবুল হুছেইনক চিকিৎসাৰ বাবে নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে নলবাৰী আঞ্চলিক বন বিভাগে আজি বনৰীয়া হাতী খেদাৰ অভিযান চলাইছিল অঞ্চলটোত । বনৰীয়া হাতীক উদ্দেশ্যি গুলী চলাওতে ছাত্ৰজনৰ ভৰিত গুলী লাগে ।

লগতে পঢ়ক: সঁজাল ধৰা ধাননি গচকি সাং কৰিলে বন্যহস্তীৰ জাকে - wild elephant menace

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.