ETV Bharat / state

ব’ল ব’মৰ যাত্ৰীয়ে কাল মাতিলে গৰ্ভৱতীৰ, যানজঁটত আবদ্ধ হৈ হেৰুৱালে সন্তানক - Tragic Incident In Doom Dooma

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 3:12 PM IST

Bol Bom in Tinsukia : ব’ল ব’মৰ নামত ৰাজপথত একাংশই উচ্চস্তৰত গান বজোৱা কাৰ্যই চূড়ান্ত সীমা অতিক্ৰম কৰাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷ এনে তথাকথিত ভক্তই এতিয়া ৰোগী, আৰক্ষীকো এৰা নাই ।

Bol Bom in Tinsukia
ব’ল ব’মৰ নামত ৰাজপথত অপসংস্কৃতি (ETV Bharat Assam)

তিনিচুকীয়া, ১২ আগষ্ট: ব'ল ব'মৰ ফলত সৃষ্টি হোৱা যানজঁট‌‌ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ তিনিচুকীয়া জিলা প্ৰশাসন । দেওবাৰে নিশা মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ ওপৰত ব'ল ব'মৰ নামত একাংশ যাত্ৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ মাজতে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় ।

কি ঘটিছিল দেওবাৰে নিশা ?

ব'ল ব'মৰ ফলত সৃষ্টি হোৱা অত্যাধিক যানজঁটৰ বাবে গৰ্ভস্থ শিশুৰ মৃত্য়ু হোৱাৰ দৰে ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মৰাণ ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ নেতৃত্বই । সোমবাৰে মৰাণ ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ একাংশ নেতাই অভিযোগ উত্থাপন কৰি কয়," দেওবাৰে নিশা টিপুকৰ পৰা ডুমডুমালৈ এম্বুলেন্সেৰে এগৰাকী গৰ্ভৱতী মহিলাক লৈ যোৱা হৈছিল । কিন্তু ৮ কিলোমিটাৰ দূৰত্বৰ বাট অতিক্ৰম কৰিবলৈ এম্বুলেন্সখনক প্ৰয়োজন হ'ল প্ৰায় ২.৪৫ ৰ‌ পৰা ৩ ঘণ্টা । ফলত সময়ত চিকিৎসালয় গৈ নাপালে মহিলাগৰাকীয়ে ৷ যাৰ বাবে শিশুটি গৰ্ভতেই মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হয় । "

মৰাণ ছাত্ৰ সন্থাৰ অভিযোগ :

মৰাণ ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ নেতৃত্বই পুনৰ অভিযোগ উত্থাপন কৰি কয়," গৰ্ভৱতী মহিলাগৰাকীক প্ৰথমতে ডুমডুমাৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তাত উপযুক্ত চিকিৎসা নকৰা তথা চিকিৎসক নথকাত আন এখন ব্য়ক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্য়ে পলমকৈ ভৰ্তি কৰোৱা বাবে শিশুটিৰ গৰ্ভতেই মৃত্য়ু হোৱা বুলি কয় চিকিৎসকে ।"

আৰক্ষীলৈ শিলগুটি নিক্ষেপ :

ইফালে, দেওবাৰে নিশা মাকুমত আৰক্ষীৰ ওপৰত একাংশ লোকে শিলগুটি নিক্ষেপ কৰা ঘটনাত এগৰাকী আৰক্ষী বিষয়াই সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে গানৰ ভলিউমটো অলপ কমাবলৈ কোৱা বাবেই আৰক্ষীক শিলাবৰ্ষণ কৰা কাৰ্যই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:ভক্তসকললৈ বিশেষ নিৰ্দেশনা ব'লব'ম পৰিচালনা সমিতিৰ - Bolbom 2024

Enclosed the Patient in Barhampur: ভক্তিহীন ব’ল বম ভক্ত; এম্বুলেঞ্চত আৱদ্ধ ৰোগীক সহায় কৰিবলৈও নুকুলালে মনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.