ETV Bharat / state

মুছলমান বিবাহ আইন খাৰিজ, ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:05 PM IST

Updated : Feb 24, 2024, 7:24 PM IST

Muslim Marriage Act Repeals: অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ খাৰিজক লৈ অসম কেবিনেটৰ সিদ্ধান্তৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশৰ মতে ৰাজনৈতিক উদ্দেশ্যৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । কিছুমানৰ মতে ইয়াৰ দ্বাৰা চৰকাৰৰ ক্ষতি হ'ব ।

Muslim Marriage Act Repeals
মুছলমান বিবাহ আইন খাৰিজ, ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া
মুছলমান বিবাহ আইন খাৰিজ, ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ (Muslim Marriages and Divorces Registration Act, 1935) বাতিল কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা এই আইনৰ যোগেদি মুছলমান বিবাহৰ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ নহ'ব । সকলো বিবাহ বিশেষ বিবাহ আইনৰ যোগেদি হ'ব । এতিয়াৰে পৰা এই আইনৰ নিয়ন্ত্ৰণ জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে ল'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচতে মুছলমান সমাজৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক উদ্দেশ্য লৈহে এই আইন খাৰিজ কৰা হৈছে বুলি একাংশই দাবী কৰিছে । এই আইনৰ সমৰ্থন, অসমৰ্থন দুটা পক্ষ হ'ব আৰু মূল বিষয়ৰ পৰা ফালৰি কাটিবলৈ এই আইন খাৰিজ কৰা হৈছে বুলি মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ।

তেওঁ কয় যে আইনখনত কি আছে তাক নজনাকৈ মন্ত্ৰীসকলে কেবিনেটত সিদ্ধান্ত লৈছে । আইন সাধাৰণ মানুহৰ সুবিধাৰ বাবে কৰা হয় ৷ কিন্তু এই আইনখন আনিলে অসুবিধা হ'ব । তদুপৰি যি তিনিটা কাৰণত আইনখন খাৰিজ কৰা হৈছে প্ৰথমটো হৈছে যে এই আইনখন ব্ৰিটিছৰ দিনৰ । অধিবক্তাগৰাকীৰ মতে ইয়াত ক'বলগীয়া একো নাই । কিন্তু ২০১০ চনৰে পৰা এই আইনখনৰ জৰিয়তে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল আৰু ১৮-২১ বছৰ তলৰ বিবাহ হ'লে আইনীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা আছে । তাৰ পিচত আইনখন খাৰিজৰ কোনো অৰ্থ নাই বুলিও তেওঁ দাবী কৰে ।

ইফালে সমাজকৰ্মী নেকিব ইমান শইকীয়াই কয় যে আইনখন খাৰিজ কৰাৰ পিচত ভৱিষ্যতে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । মুছলমানৰ ওপৰত বাৰে বাৰে হেঁচা যাতে নপৰে তাৰ ওপৰত চৰকাৰে দৃষ্টি দিব লাগে বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে অসম মিঞা অসমীয়া পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি মিঞা গিয়াছউদ্দিন আহমেদ হাজৰিকাই এই আইন প্ৰত্যাহাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেটৰ সিদ্ধান্তক একপক্ষীয় আখ্যা দিয়ে । চৰকাৰে মুছলমানসকলৰ আৱেগ অনুভূতিত আঘাত হানিলে চৰকাৰৰ ক্ষতি হ'ব বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ'ব জমিয়ত উলেমা-ই-হিন্দ

Last Updated : Feb 24, 2024, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.