ETV Bharat / state

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ

Bhasha Gaurav Week: অসম চৰকাৰে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰিব ভাষা গৌৰৱ সপ্তাহ ৷ অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক জনোৱা হ’ব শ্ৰদ্ধা ৷

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 8:09 PM IST

Bhasha Gaurav Week
ভাষা গৌৰৱ সপ্তাহ (ETV Bharat Assam)

গুৱাহাটী, ১৩ অক্টোবৰ: ৰাজ্যত পালন কৰা হ'ব 'ভাষা গৌৰৱ সপ্তাহ' । অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ উদযাপন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ । অসম চৰকাৰৰ উদ্যোগত পালিত হ’ব ভাষা গৌৰৱ সপ্তাহ । অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক জনোৱা হ’ব শ্ৰদ্ধা । আনহাতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীকো জনাব ধন্যবাদ । অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা দিয়াৰ পাছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব । এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ'ব । এই কাৰ্যসূচীত আপোনাসৱৰ আন্তৰিক সহযোগিতা আমাৰ একান্তই কাম্য ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "ৰাজ্যখনৰ সাংস্কৃতিক আৰু ভাষাৰ ঐতিহ্যৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব ।" উল্লেখ্য যে ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল । অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা নেৰানেপেৰা চেষ্টাৰ ফলতেই অসমীয়া ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি ।

লগতে পঢ়ক: ভাষাৰ স্বীকৃতিত আনন্দিত অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি - Classical Status to Assamese

লক্ষণীয় বিষয় যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে সেই ভাষা হ’ব লাগিব কমেও পোন্ধৰশৰ পৰা দুহাজাৰ বছৰৰ প্ৰাচীন আৰু সেই ভাষা এতিয়াও ব্যৱহাৰ হৈ থকা হ’ব লাগিব ৷ ইতিমধ্যে ভাৰতত ছটা ভাষাই ধ্ৰুপদী ভাষাৰ মান্যতা লাভ কৰিছিল । শেহতীয়াকৈ আৰু পাঁচটা ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা । এই বিশাল প্ৰাপ্তিৰ বাবে অসম চৰকাৰে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰিব ভাষা গৌৰৱ সপ্তাহ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.