ETV Bharat / state

নগাঁৱত কিয় পৰাস্ত হ'ল বিজেপি ? ৰূপম গোস্বামীৰ পোষ্টমৰ্টেম - BJP Black Day Observed in Nagaon

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:33 PM IST

BJP Black Day Observed in Nagaon : নগাঁৱত সংবাদমেল সম্বোধন কৰি কেবাটাও বিস্ফোৰণ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ । কংগ্ৰেছে এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ বিৰুদ্ধে সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাই চলাইছিল । কিন্তু সংবিধান ইন্দিৰা গান্ধীয়েহে হত্যা কৰিছিল । নগাঁৱত ইছলাম ধৰ্মাৱলম্বী ভোট অধিক হোৱা বাবে জয়ী হ’ব পৰা নাই বিজেপি । যোৰহাটত পৰাজয়ৰ পৰ্যালোচনা কৰিব বিজেপিয়ে ।

BJP Black Day Observed in Nagaon
নগাঁৱত বিজেপি নেতা ৰূপম গোস্বামীৰ বিস্ফোৰক মন্তব্য (ETV Bharat Assam)

নগাঁও, ২৫ জুন : মঙলবাৰে নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । 1975 চনৰ 25 জুন তাৰিখে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ দিনটোক বিজেপিয়ে ক'লা দিৱস হিচাপে পালন কৰিছে । নগাঁৱতো এই 25 জুন তাৰিখটো বিজেপিয়ে ক’লা দিৱস হিচাপে পালন কৰে ।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল (ETV Bharat Assam)

নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ ক’লা দিৱসত অংশগ্ৰহণ কৰি দলীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী । জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়তেই ইন্দিৰা গান্ধীয়ে দেশৰ সংবিধান হত্যা কৰিছিল বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে । আনহাতে, কংগ্ৰেছৰ শাসনকালতে কমেও 75 বাৰ সংবিধান সলনি কৰিছিল বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয়, কংগ্ৰেছৰ শাসনকালতেই সংবিধান হত্যা কৰাৰ পাচত এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ দৰেই বিজেপিয়ে চাৰিশ আসন লাভ কৰিলেই সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাইছিল । কিন্তু সংসদত এজনো সাংসদ উপস্থিত নথকাকৈয়ে কংগ্ৰেছে সংবিধান সংশোধন কৰাৰ ব্যৱস্থা কৰিছিল বুলিও উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে । দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্তন কৰা হৈছিল বুলি উল্লেখ কৰি বিজেপি নেতা ৰূপম গোস্বামীয়ে মন্তব্য কৰে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো কংগ্ৰেছেই হত্যা কৰিছিল ।

সংবাদমেলত বিজেপি নেতা ৰূপম গোস্বামীৰ মন্তব্য, “ৰাজীৱ গান্ধীক হত্যাৰ সময়ত কংগ্ৰেছে ছয় মাহ নিৰ্বাচন পিছুৱাই দিছিল । আনহাতে, সেই সময়ৰ নিৰ্বাচন আয়ুক্তই পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচন খেলিছিল ।” ইফালে বিজেপি শাসনাধিষ্ঠিত চৰকাৰে আঁচনি প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও জাতি-ধৰ্মৰ ওপৰত বাছনি নকৰে বুলিও বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰে ।

কিন্তু তৎসত্ত্বেও নগাঁৱত ইছলাম ধৰ্মৰ মানুহ অধিক হোৱা বাবেই বিজেপি পৰাজিত হৈছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰূপম গোস্বামীয়ে । এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে এইবাৰ লোকসভা নিৰ্বাচনত পূৰ্বতে এ আই ইউ ডি এফক ভোটদান কৰাসকল কংগ্ৰেছলৈ ধাৱমান হৈছে । সংখ্যালঘুসকলক উদ্দেশ্য কৰি বিজেপি নেতাগৰাকীয়ে আন এক মন্তব্য কৰে ।

আনহাতে, কংগ্ৰেছে সংখ্যালঘু লোকসকলৰ কেতিয়াও উন্নতি কৰা নাই যদিও তেওঁলোকে কংগ্ৰেছকে সমৰ্থন কৰি অহা বুলিও মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে । ইয়াৰ উপৰি যোৰহাটত বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত পৰাজয় সন্দৰ্ভত দলে পৰ্যালোচনা কৰিব বুলিও মন্তব্য কৰে বিজেপি নেতা ৰূপম গোস্বামীয়ে ।

উল্লেখ্য, বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ লগতে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক :অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Speaker election

লগতে পঢ়ক :উপ-নিৰ্বাচনত নিজাববীয়া প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে : স্পষ্ট কৰিলে অখিল গগৈয়ে - BYE ELECTION IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.