ETV Bharat / state

৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে মুছলমান জনসংখ্যা - Muslim population in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 8:40 PM IST

BJP press meet : বিগত সাত দশকত অসমত কি কাৰণে মুছলমান জনসংখ্যা বৃদ্ধি পাইছে ? কংগ্ৰেছক কি কাৰণে দোষ জাপি দিলে বিজেপিয়ে ?

BJP press meet
ৰাজ্যিক বিজেপিৰ মুখপাত্র (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই: "বাল্য বিবাহ, বহু বিবাহ, প্ৰব্ৰজন আৰু লাভ জেহাদৰ ফলত অসমত অপ্রাকৃতিকভাৱে বাংলাদেশীমূলৰ মুছলমান লোকৰ জনবিস্ফোৰণ হৈছে । এই জনবিস্ফোৰণে অসমৰ থলুৱা লোকৰ ৰাজনৈতিক আৰু অর্থনৈতিক ভৱিষ্যত অনিশ্চিত কৰি তোলাৰ লগতে সামাজিক, সাংস্কৃতিক ক্ষেত্রলৈয়ো ভাবুকি নমাই আনিছে ।" এই মন্তব্য় ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ । শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে ৰাজ্য়ত জনবিস্ফোৰণ সন্দৰ্ভত মন্তব্য় কৰি কয় যে জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা বাংলাদেশীমূলৰ মুছলমান লোকসকলে অসমৰ সত্ৰ, দেৱালয় আদিৰ নামত থকা ভূমি বেদখল কৰাৰ লগতে ব্যাপক হাৰত বনাঞ্চলো ধ্বংস কৰা পৰিলক্ষিত হৈছে ।

ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে পুনৰ কয়," কংগ্ৰেছ দলে আৰম্ভণিৰে পৰাই বাংলাদেশীমূলৰ মুছলমান লোকৰ জনবিস্ফোৰণৰ বিষয়টো গাপ দি ৰখাৰ পৰিকল্পিত প্ৰয়াস কৰি আহিছে ।" মুখপাত্ৰগৰাকীয়ে শনিবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদমেলত কয় যে সদায় মুছলমানৰ মাজত ভয় আৰু শংকাৰ পৰিবেশ সৃষ্টি কৰি কংগ্ৰেছ দলে ৰাজনীতি কৰি আহিছে ।

তেওঁ কয়,"ভাৰতীয় লোকপিয়লৰ তথ্য মতে, ১৯৫১ চনত বর্তমানৰ অসমত মুছলমান জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ, কিন্তু ২০১১ চনত ই বৃদ্ধি হয় ১ কোটি ৭ লাখলৈ । এই হাৰত জনবিস্ফোৰণ হ'লে ২০৫০ চনত অসমৰ মুছলমান জনসংখ্যা কিমান হ'ব সেয়া সহজে অনুমেয় ।"

মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূর্বে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দিয়া বক্তব্যৰ বৈজ্ঞানিক ভিত্তি এই তথ্যই স্পষ্টভাৱে প্রমাণ কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে মতপোষণ কৰে । তেওঁ লগতে কয় যে জনগাঁথনিৰ সমস্যাক লৈ চিন্তিত খিলঞ্জীয়া মানুহ । এটা জনগোষ্ঠীৰ অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধিত মুখ্যমন্ত্ৰীয়েও বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে । অবিভক্ত অসমত ৩ লাখ ৩ হাজাৰ আছিল মুছলমানৰ জনসংখ্যা । ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৫১ চনত মুছলমানৰ জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ । কিন্তু ই ২০২১ত হয়গৈ ১ কোটি ৪৬ লাখ । অনাগত সময়ত কি হ’ব সকলোৱে অনুধাৱন কৰা উচিত বুলিও তেওঁ মন্তব্য় কৰে ।

ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে পুনৰ কয়,"জনসংখ্যা বৃদ্ধিৰ আঁৰত আছে লাভ জেহাদ, প্ৰব্ৰজন, বহু বিবাহ, বাল্য বিবাহ । আমাৰ চৰকাৰে এইবোৰ নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়ন কৰিছে । বাল্য বিবাহ ৰোধৰ বাবে পদক্ষেপ লৈছে । সেয়া সকলোৱে দেখিছে । সংবিধানৰ অনুচ্ছেদ ৩৭০ যদি এইখন চৰকাৰে বাতিল কৰিব পাৰে তেনেহ'লে চৰকাৰে কঠোৰ জনসংখ্যা নীতি আইনো প্ৰণয়ন কৰিব পাৰিব । "

লগতে পঢ়ক:মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ব লাগে : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.