ETV Bharat / state

গোলাঘাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় যুৱ আৰু সামাজিক উন্নয়ন সন্মিলন - Social Development Forum

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:08 PM IST

Social Development Forum: গোলাঘাটত পোনপ্ৰথমবাৰৰ বাবে ছ'চিয়েল ডেভেলপমেণ্ট ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় সন্মিলন । সন্মিলনৰ প্ৰস্তুতি সম্পৰ্কে শনিবাৰে আলোচনা কৰা হয় । সন্মিলনত ভাৰতৰ লগতে বিদেশৰো বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

Social Development Forum
গোলাঘাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় যুৱ আৰু সামাজিক উন্নয়ন সন্মিলন (ETV Bharat)

গোলাঘাট,১৭ আগষ্ট : গোলাঘাট জিলাত প্ৰথমবাৰৰ বাবে অহা ৫ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় সন্মিলন । অসমৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ছ'চিয়েল ডেভেলপমেণ্ট ফ'ৰামৰ উদ্যোগত গোলাঘাট নগৰত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন । কেইবাখনো বিদেশী ৰাষ্ট্ৰ আৰু ভাৰতৰ ৰাজ্যসমূহৰ বিশেষ আমন্ত্ৰিত প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই সন্মিলন ।

এছ ডি এফৰ প্ৰস্তুতি সভা :

এই উপলক্ষে গোলাঘাট নগৰৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনা সভা ।‌ ছ'চিয়েল ডেভেলপমেণ্ট ফ'ৰাম চমুকৈ এছ ডি এফৰ সভাপতি প্ৰিয়ংদ্বীপ কাকতিৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত ফ'ৰামৰ সাধাৰণ সম্পাদক তথা অধিবক্তা ধ্ৰুৱজ্যোতি বৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ।‌ সভাত নতুন দিল্লীৰ বিশিষ্ট সমাজ কৰ্মী শুভ্ৰ ৰয়, হাৰিয়ানাৰ বিশিষ্ট সমাজ কৰ্মী তথা সাংবাদিক সুভাষ চৌহান আৰু গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ।

আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব বিদেশী প্ৰতিনিধি :

ফ'ৰামৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই জানিবলৈ দিয়া মতে ফ'ৰামৰ উদ্যোগত আৰু বিভিন্ন মহাবিদ্যালয়ৰ সহযোগত আগন্তুক ডিচেম্বৰত সন্মিলনৰ অনুষ্ঠিত হ'ব । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় । ইফালে সন্মিলনত দেশী-বিদেশী প্ৰায় ১৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব য'ত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ লগতে অসম তথা গোলাঘাট জিলাৰ বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰতো আলোচনা কৰি স্থায়ী সামাধানৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হ'ব । নতুন দিল্লীৰ সমাজ কৰ্মী শুভ্ৰ ৰয়ে ডিচেম্বৰত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে ।

শনিবাৰে এই পৰ্যালোচনা সভাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অধ্যাপক তথা অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত, জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । য'ত তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰে ।

লগতে পঢ়ক :আকৌ প্ৰাণ পাব যোৰহাটৰ চ’ক বজাৰে : পুনৰ নিৰ্মাণকাৰ্যৰ ভূমি পূজন মন্ত্ৰী অজন্তা নেওগৰ - Jorhat Chowk Bazaar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.