ETV Bharat / state

গোলাঘাট প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষ; কেবাগৰাকী ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান - Golaghat Press Club

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:07 PM IST

Awards to eminent personalities : গোলাঘাট প্ৰেছ ক্লাৱৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান ৷ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অধিৱেশনত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ১১ গৰাকী বিশিষ্ট ব্য়ক্তিক প্ৰদান কৰা হয় বঁটা ।

Special session of Golaghat Press Club
গোলাঘাট প্ৰেছ ক্লাবৰ বিশেষ অধিৱেশন (ETV BHARAT ASSAM)

গোলাঘাট, ২৪ জুন : দেওবাৰে বৰ্ণাঢ্য় কাৰ্যসূচীৰে গোলাঘাট প্ৰেছ ক্লাৱৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানৰ লগতে বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকনে ।‌

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক জয়দ্বীপ গুপ্তাই ।‌ ইয়াৰ পিচতেই স্মৃতি তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস আৰু সাংবাদিক চন্দন কৰ্মাকাৰে ।‌ এই অনুষ্ঠানটোত ৰূপালী জয়ন্তী বৰ্ষৰ শিখা প্ৰজ্বলন কৰে সাংবাদিক সৌভিক বৰাই ।‌

গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত প্ৰেছ ক্লাৱৰ সভাপতি দেৱজিৎ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰবীণ সাংবাদিক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই । আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাই ।

আনহাতে, বন্তি প্ৰজ্বলন কৰে গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰাই । সভাখনত সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতি, পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, লেখক শিক্ষাবিদ গনেশ গোস্বামী, প্ৰবীণ সাংবাদিক নগেন বৰা, বিশিষ্ট শিক্ষাবিদ, লেখক তিলেশ্বৰ তামুলী আদি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানতে বোকাখাতৰ প্ৰবীণ সাংবাদিক বুবুল দত্তক 'সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা', গোলাঘাটৰ মোস্তাক হুছেইনক 'অনুসন্ধানমূলক সাংবাদিকতা বঁটা', জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইক 'সংগীত মাধুৰ্য বঁটা', পূৰ্ণ ৰাজখোৱাক 'বিশিষ্ট সামাজকৰ্মী বঁটা' প্ৰদান কৰা হয় ৷

লগতে সঞ্জীৱ সন্দিকৈক 'বিশিষ্ট ক্ৰীড়া সংগঠক বঁটা' আৰু সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক দ্বীপেন বৰা, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ বৰা, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজক, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক পংকজ হাজৰিকা, দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বিজয় হাজৰিকা, মেৰাপানীৰ জ্যেষ্ঠ সাংবাদিক হিৰণ্য গগৈ, খুমটাইৰ জ্যেষ্ঠ সাংবাদিক বাবুল গগৈক' সক্ৰিয় সাংবাদিকতা বঁটা' প্ৰদান কৰা হয় ।

লগতে পঢ়ক:নগাঁও প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন; জিতেন বৰকটকী সভাপতি আৰু নীলোৎপল বৰা সাধাৰণ সম্পাদক নিৰ্বাচিত - Nagaon Press Club new committee

গোলাঘাট প্ৰেছ ক্লাৱৰ পতাকাৰ তলত একেখন মঞ্চত সমবেত হয় গোলাঘাট জিলাৰ প্ৰতিটো প্ৰান্তৰ সাংবাদিক, লেখক, কবি আৰু বহু সচেতন নাগৰিক ।‌ গোলাঘাট জিলাৰ বোকাখাত, কাজিৰঙা, দেৰগাঁও, মেৰাপানী, সৰুপথাৰ, বৰপথাৰ, খুমটাই আদিৰ জ্যেষ্ঠ সাংবাদিকসকলে অংশগ্ৰহণ কৰি গোলাঘাট জিলা ভিত্তিত পৰিসৰ বৃদ্ধি কৰি সৰ্বসন্মতি ক্ৰমে গঠন কৰে গোলাঘাট প্ৰেছ ক্লাৱৰ ১১১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি ।

আগন্তুক কাৰ্যকালৰ বাবে বিশিষ্ট লেখক, শিক্ষাবিদ দেৱজিৎ ফুকনক সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাক কাৰ্যকৰী সভাপতি, সাংবাদিক প্ৰবীণ কুমাৰ দাসক সাধাৰণ সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় ।‌ সেইদৰে বোকাখাতৰ প্ৰবীণ সাংবাদিক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক দ্বীপেন কুমাৰ বৰা, সাংবাদিক চন্দন কৰ্মকাৰ আৰু চুমি দত্তক কাৰ্যালয় সম্পাদক ৰূপে নিৰ্বাচিত কৰি গোলাঘাট প্ৰেছ ক্লাৱৰ ১১১ জনীয়া নতুন সমিতি গঠন কৰা হয় ।‌

লগতে পঢ়ক:মঙলদৈ প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনত নতুন সমিতি গঠন - Mangaldoi Press Club

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.