ETV Bharat / state

মহা অম্বুবাচী মেলালৈ কেইটিমান দিন, কি কি নিৰ্দেশনা অম্বুবাচীৰ সময়ত ? - Ambubachi Mela 2024

Maha Ambubachi Mela: অহা ২২ জুনৰ পৰা কামাখ্যাত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । মেলাৰ পূৰ্বে কামাখ্যা ধামত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । এইবাৰ পাণ্ডু বন্দৰত হ'ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান ।

Special meeting of Jayanta Malla Barua regarding preparations for Maha Ambubachi Mela
কামাখ্যা ধামত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 11:03 PM IST

গুৱাহাটী,১১ জুন: সমাগত মহা অম্বুবাচী মেলা । লাখ লাখ সাধু-সন্তৰে উখল-মাখল হৈ পৰিব নীলাচলৰ বুকু । ইতিমধ্য়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে কামাখ্যা ধামলৈ । ভক্তক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে কামাখ্যা ধাম কৰ্তৃপক্ষই । ইয়াৰ মাজতে মঙলবাৰে আগন্তুক অম্বুবাচী মেলাক সন্দৰ্ভত কামাখ্যা মন্দিৰৰত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ।

কামাখ্যা ধামত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয় এই বিশেষ বৈঠক । বৈঠকত উপস্থিত থাকে মন্দিৰ পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী । লগতে অম্বুবাচী মেলা উদযাপনৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়,"কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ হোৱাৰ পৰা দুৱাৰ খোলাৰ দুদিনলৈ নাথাকিব কোনো ভি আই পি, ভি ভি আই পি সেৱা । ভি আই পি তথা ভি ভি আইপিয়েও এইবাৰ সাধাৰণ দর্শনাৰ্থীৰ দৰে দৰ্শন কৰিব লাগিব ।"

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে তেওঁ কয়, "মেলাৰ সময়চোৱাত কামাখ্যা ধামলৈ অহা মূল পথ সন্ধিয়া ৮ বজাৰ পৰা বন্ধ কৰি দিয়া হ'ব । লগতে পাণ্ডু ঘাটৰ পৰা অহা পথচোৱা নিশা ৯ বজাৰ পৰা বন্ধ কৰি দিয়া হ'ব । এইবাৰ কামাখ্যা গেটৰ পৰা কোনো ধৰণৰ ফেৰী সেৱা অথবা গাড়ীৰ চলাচল কৰিবলৈ দিয়া নহ'ব । কেৱল পাণ্ডুৰ দিশৰ পৰা কামাখ্যালৈ অহা পথত থাকিব ফেৰী সেৱা । এইবাৰ পাণ্ডু বন্দৰত হ'ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান ।"

তেওঁ লগতে কয়,"বহিঃৰাজ্য তথা বিদেশৰ পৰা অহা অতিথিৰ বাবে পাণ্ডু বন্দৰ ঘাট আৰু কামাখ্যা ষ্টেচনৰ বিপৰীত দিশত হ'ব আন এটা কেম্প । খাদ্য বিলোৱাৰ লগতে ভাণ্ডাৰা লগোৱাৰ ক্ষেত্ৰটো থাকিব বিশেষ নীতি নিৰ্দেশনা । কোনেও য'তে ত'তে খাদ্য বিলাব নাইবা ভাণ্ডাৰা লগাবও নোৱাৰিব ।"

লগতে পঢ়ক: মহা অম্বুবাচীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ - Ambubachi Mela 2024

উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.