লখিমপুৰ, 8 জুলাই : মেধাবী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে সোমবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ৷ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠানত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নব্বৈ শতাংশৰো অধিক নম্বৰ লাভ কৰা 412 গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখা কৰে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক পুনম জ্যোতি বুঢ়াগোহাঁয়ে ৷
সভাখন উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই ৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈ, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, জিলাৰ উপদেষ্টা ফৰিদুৰ ৰহমান, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকা, অসম উন্নতি সভাৰ জিলা সভাপতি বাবুল চন্দ্ৰ চুতীয়া আদি কেবাজনো লোকে অংশগ্ৰহণ কৰে ৷
সভাত ছাত্ৰ সন্থাৰ 'বোধিদ্ৰুম' নামৰ আলোচনীখন উন্মোচন কৰা হয় ৷ সভাখনত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বহিঃৰাজ্য আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ তুলনামূলক বিশ্লেষণ কৰি মেধাবী ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত নেতৃত্ব দিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, বাহিৰৰ ছাত্ৰ-ছাত্ৰীসকলে যি সময়ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স, ডাটা লাৰ্নিং আদি বিভিন্ন বিষয়ত নিজকে সংপৃক্ত কৰি সময়ৰ সৈতে খাপ খুৱাই আগুৱাই গৈছে সেই সময়ত অসমত এজনীয়া শিক্ষকেৰে কিমান স্কুল চলিছে, কিমান স্কুলত পৰ্যাপ্ত ডেস্ক-বেঞ্চ নাই আদি বিষয়ৰহে চৰ্চা চলিছে ৷ তেওঁ কয় যে, বাহিৰৰ শিক্ষকসকলক গবেষণাৰ সুযোগ দিয়া হৈছে ৷ বিশ্বৰ জ্ঞান-বিজ্ঞানৰ নতুন ধাৰণা, সমাজ অধ্যয়ন কেনেকুৱা আদি বিষয়বোৰৰ জ্ঞানেৰে তেওঁলোকক অধিক পাৰদৰ্শী কৰি তোলা হৈছে ৷ কিন্তু অসমত শিক্ষাসেতুৰ ভিতৰতে তেওঁ লোকক আৱদ্ধ কৰি ৰখা হৈছে ৷
লগতে পঢ়ক : চৰকাৰখন বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছিল নে নাই সন্দেহ হয়: উৎপল শৰ্মা - Felicitation Programme In Raha