ETV Bharat / state

উমৰাংছুত নতুন চিমেন্ট উদ্যোগৰ বাবে ভূমি আবন্টনক লৈ বিতৰ্ক - UMRANGSO CEMENT FACTORY

ডিমা হাছাওত বন সংৰক্ষণ আৰু সংবৰ্ধন অধিনিয়ম অনুসৰি কাম হ'ব নে ? এই লৈ চলিছে চৰ্চা ।

Special Chief Secretary of Forest Department
বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

হাফলং: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংছুত নতুন চিমেন্ট উদ্যোগ স্থাপনৰ বাবে ভূমি আবন্টন কৰাক লৈ আৰম্ভ হৈছে বিতৰ্কৰ । এনে বিতৰ্কৰ মাজতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে । বনাঞ্চলত থকা জনজাতি লোকসকলক লৈ মন্তব্য় কৰিলে বন বিভাগৰ বিশেষ মুখ্য সচিবগৰাকীয়ে ।

মঙলবাৰে হাফলং আৱৰ্ত ভৱনত বন বিভাগৰ বিশেষ মুখ্য সচিবগৰাকীয়ে কয়, "বন বিভাগৰ ভূমিক লৈ উচ্চতম ন্যায়ালয়ৰ পৰা এখন নিৰ্দেশনা আহিছে, বন সংৰক্ষণ আৰু বন সংবৰ্ধন অধিনিয়ম 1980/ ৰুল 20-23 আৰু সেয়া সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য হ'ব ।" বন বিভাগৰ বিশেষ মুখ্য সচিবগৰাকীয়ে পুনৰ কয় যে এই নিৰ্দেশনা অনুসৰি ইতিমধ্যে ৰাজ্যৰ বন বিভাগে এখন কমিটী গঠন কৰাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু এই কমিটী গঠন কৰাৰ পিচতে ৰাজ্য আৰু জিলা পৰ্যায়ত এখন কমিটী গঠন কৰা হ'ব ।" এই কমিটীয়ে বন সংৰক্ষণ আৰু সংবৰ্ধন অধিনিয়ম অনুসৰি কাম কৰিব বুলি এম কে যাদৱে মন্ত্যব কৰে ।

বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ (ETV Bharat Assam)

উমৰাংছুত নতুন চিমেন্ট উদ্যোগ স্থাপন কৰাৰ বাবে ভূমি আবন্টন দিয়াক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে ৷ এই ভূমি যদি বন বিভাগে 'ডিমড ফ'ৰেষ্ট'(Deemed Forest) হিচাবে ঘোষণা কৰে তেনেহ'লে এই ভূমিত বসবাস কৰা লোক সকলৰ কি হ'ব সেই সন্দৰ্ভতো তেওঁ মন্তব্য় আগবঢ়ায় । তেওঁ কয়," বন বিভাগে এই স্থানসমূহ ডিমড ফ'ৰেষ্ট হিচাপে ঘোষণা কৰিলে এই স্থান আৰু জংঘলত বসবাস কৰা জনজাতি লোকসকলৰ বাবে একো সমস্যা নহয় ।"

লগতে পঢ়ক:ডিমা হাছাওত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪ - FALCON FESTIVAL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.