ETV Bharat / state

শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ: মাষ্টাৰ মাইণ্ড কোন ? - Online Trading Scam - ONLINE TRADING SCAM

Online Trading Scam in Sonitpur : গুৱাহাটী, ডিব্ৰুগড়ৰ পিচত এইবাৰ শোণিতপুৰ । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ যেন ভূতে খেদি ফুৰিছে ৰাজ্যবাসীক । কিহৰ লালসাত দৌৰিছে সৰ্বসাধাৰণ ? সহজ ধনৰ মায়া নে প্ৰৱঞ্চকৰ জাল ? ইটোৰ পিচত সিটো ঘটনা পোহৰলৈ অহাৰ পিচতো কিয় সজাগ নহয় জনসাধাৰণ ? এইবাৰ তেজপুৰত ঘটিছে অনুৰূপ ঘটনা । অনলাইন ট্ৰেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে আঠজন । লগতে আৰক্ষীৰ জালত পৰিছে মাষ্টাৰ মাইণ্ডো ।

Online Trading Scam in Sonitpur
শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 1:05 PM IST

তেজপুৰ, ৪ ছেপ্টেম্বৰ : এইবাৰ শোণিতপুৰ আৰক্ষীৰ জালত অনলাইন ট্রেডিঙৰ মাষ্টাৰ মাইণ্ডসহ এক বৃহৎ চক্ৰ । কেইবাটাও কোম্পানীৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠান সৃষ্টি কৰি ধন ঘটাৰ অভিযোগ এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে । যাৰ বাবে ৰঙাপৰা, মিছামাৰী আৰু তেজপুৰ সদৰ থানাৰ অন্তৰ্গত মুঠ ৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এইকথা জানিবলৈ দিছে শোণিতপুৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে ।

কি জনালে অতিৰিক্ত আৰক্ষী অধীক্ষকে

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "তেজপুৰ সদৰ থানাৰ অন্তৰ্গত চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোক হৈছে চন্দনা দেৱী, কমল কুমাৰ কাৰ্কি, শান্তি দেৱী আৰু ধ্ৰুৱ বাছফৰ । আনহাতে, ৰঙাপৰা থানাৰ অন্তৰ্গত দুজন ব্যক্তি হৈছে উজ্বলা অমৃত নিধি লিমিটেডৰ বীৰেন লিম্বু আৰু চিন্ময় চাহানি । মিছামাৰী থানাৰ অন্তৰ্গত দুজন ব্যক্তিয়ে ট্ৰিডিশ ট্রেডিং এপৰ জৰিয়তে ধন সংগ্ৰহৰ কৰিছিল । তেওঁলোক হৈছে ঢেকীয়াজুলিৰ চাইফুল ইছলাম আৰু মিছামাৰীৰ আব্দুল কাদিৰ ।"

আৰক্ষীৰ জালত অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড

জানিব পৰা মতে, এই লোকসকলক গ্ৰেপ্তাৰ কৰা সময়তে আৰক্ষীৰ জালত পৰে হেমেন ৰাভা নামৰ অনলাইন ট্ৰেডিঙৰ এজন মাষ্টাৰ মাইণ্ড । উল্লেখ্য যে গ্ৰামাঞ্চলত সাধাৰণ লোকক নিমিষতে ধন ঘটাৰ প্ৰলোভন দিয়া এটা বৃহৎ চক্ৰ যে আছে সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচত আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহিছে ।

কোন এই হেমেন ৰাভা

অনলাইন ট্ৰেডিঙৰ নামত কেইবাশ কোটি টকা আত্মসাৎ কৰি দীৰ্ঘদিন ধৰি পলাতক হৈ থকা তেজপুৰৰ বান্দৰমাৰীৰ যুৱক হেমেন ৰাভা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷ উল্লেখ্য, একাংশ ভুক্তভোগী যুৱকে হেমেন ৰাভাক বিচাৰি আছিল ৷ আনহাতে, তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীত ইতিমধ্যে কেইবাখনো এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷ আনকি আৰক্ষীয়েও বিচাৰি আছিল হেমেন ৰাভাক ৷

কেনেদৰে আৰক্ষীৰ জালত পৰিল হেমেন ৰাভা

অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ সময়তে একাংশ ভুক্তভোগী যুৱকে তেজপুৰ মুঢ়াতেতেলীত থকা অনলাইন ট্ৰেডিং প্ৰতিষ্ঠান 'গিনি কেপিটেল'ত হেমেন ৰাভাক যোগাযোগ কৰে ৷ ভুক্তভোগী একাংশ যুৱকে দিনত তেওঁৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি একেখন হোটেলতে নিশা কটায় ৷ তাৰ পিচত অতি কৌশলেৰে বিনিয়োগ কৰা ধন বিচৰা যুৱককে অপহৰণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত গোচৰ দিয়ে ৷ তাৰেই ভিত্তিত আৰক্ষীয়ে পুৱা হোটেলখনত অভিযান চলাই হেমেন ৰাভাসহ আটাইকেইজন যুৱকক আটক কৰি তেজপুৰ সদৰ থানালৈ লৈ আহে ৷

মুখ্যমন্ত্ৰীৰ ঘোষণা

উল্লেখ্য যে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল, "ষ্টক মাৰ্কেটত বিনিয়োগৰ ক্ষেত্ৰত যিসকল লোকে টকা-পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খুজিছোঁ যে এনে ধৰণৰ কোনো ব্যৱস্থা নাই । আনহাতে, নটাৰী পাব্লিক কৰি সুত দিম বুলি যিসকলে ধন লৈছে, এই ধৰণৰ কাম একেবাৰে প্ৰৱঞ্চকৰ কাম । যিসকলে ধন বিনিয়োগ কৰিছে আৰু যাতে নকৰে তাৰবাবে ৰাইজক অৱগত কৰিছোঁ ।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ষ্টক মাৰ্কেটত সোমাব লাগিলে তাত এটা নিজৰ ডিমেট একাউণ্ট খুলিব লাগে আৰু এক সুকীয়া ব্যৱস্থা আছে । ব্ৰকাৰৰ জৰিয়তে কোনো ধন বিনিয়োগ কৰিব নালাগে, নহ'লে ৰাইজৰ বহু ধন অপচয় হ'ব । ৰাইজক অনুৰোধ কৰিছোঁ যে এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে । আজিৰে পৰা আৰক্ষীয়ে একচন লৈছে । অহা তিনি-চাৰি দিনত আৰক্ষীয়ে আৰু ব্যৱস্থা গ্ৰহণ কৰিব ।"

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই কঠোৰ বাৰ্তাৰ পিচতে শোণিতপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান আৰম্ভ চলাই মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud
লগতে পঢ়ক :প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.