ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন - Sonitpur District Day

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 11:03 PM IST

Sonitpur District Day: ৩ আগষ্টত শোণিতপুৰ জিলা দিৱস । পাঁচদিনীয়াকৈ বিশেষভাৱে সক্ষমসকলৰ বাবে অনুষ্ঠিত হ'ব "জয়পুৰ ফুট কেম্প" ৷ মঞ্চস্থ হ'ব দেশৰ প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাস পৰিচালিত আৰু অভিনীত নাটক "স্ত্ৰী পত্ৰ" ।

Sonitpur District Day
বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন (ETV Bharat Assam)

তেজপুৰ, ২৭ জুলাই: "ঐতিহ্যৰ বৰ ভেটি প্ৰগতিৰ সত্য" ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই মন্ত্ৰৰে দীক্ষিত হৈ অসম চৰকাৰে শেহতীয়াকৈ যিকোনো ঠাই বা অঞ্চল বিশেষৰ ঐতিহাসিক পটভূমিক পুনৰুজ্জীৱিত কৰি সেই ঠাই বা অঞ্চলসমূহৰ বিকাশ আৰু উত্তৰণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিশেষকৈ চৰকাৰে নতুন প্ৰজন্মক নিজ নিজ অঞ্চলৰ ভৌগোলিক স্থিতিৰ বিষয়ে বোধগম্য হোৱাৰ লগতে নতুন প্ৰজন্মক ইতিহাস অনুসন্ধিৎসু হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ।

চৰকাৰৰ এনে চিন্তাৰ অংশ হিচাপে বিগত সময়ত ৰাজ্যখনৰ প্ৰত্যেকখন জিলাৰ ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস, ক্ৰীড়াৰ লগতে আৰ্থ সামাজিক বিকাশ আৰু উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি "জিলা দিৱস" উদযাপনৰ ব্যৱস্থা কৰিছে । চৰকাৰৰ এনে আলোকসন্ধানী তথা আশাব্যঞ্জক প্ৰয়াসৰ অংশ হিচাপে শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি বিগত দুটা বছৰৰ দৰে এইবাৰো অহা ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ৷ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শনিবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে ।

উল্লেখ্য যে, সেই ঐতিহাসিক দিনটো অৰ্থাৎ ১৯৮৩ চনৰ ৩ আগষ্টৰ দিনটোতে অবিভক্ত বৃহত্তৰ দৰং জিলাৰ পৰা বিভক্ত হৈ নতুনকৈ গঠন কৰা হৈছিল শোণিতপুৰ জিলা । সেই বিশেষ দিনটোৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হ’ব শোণিতপুৰ জিলা দিৱস ৷ সেই উপলক্ষ্যে আজি জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সভাখনত উপস্থিত থাকে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, গৰ্গমোহন দাস, ত্বাহিৰ আলমকে ধৰি একাংশ সহকাৰী আয়ুক্ত ৷

ইয়াৰ পাচতেই শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীৰ বিষয়ে জানিবলৈ দিয়ে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ সেই অনুসৰি ২ আগষ্টৰ বিয়লি ২ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ শোণিতপুৰ জিলা সমিতি আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ সহযোগত দিব্যাংগসকলৰ কৃত্ৰিম ভৰিকে ধৰি আন সামগ্ৰী সংযোজনৰ "জয়পুৰ ফুট কেম্প "আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিব অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ।

এই জয়পুৰ ফুট কেম্প ৬ আগষ্টলৈকে চলিব আৰু ইয়াৰ বাবে ইতিমধ্যে শোণিতপুৰৰ লগতে জিলাখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ সহস্ৰাধিক বিশেষভাৱে সক্ষম লোকে পঞ্জীয়ন কৰিছে বুলি সদৰী কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । আনহাতে ৩ আগষ্টৰ জিলা দিৱসৰ দিনটোৰ পুৱা ৬ বজাত তেজপুৰৰ আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানৰ সন্মুখৰ পৰা "ৱাকাথন" শীৰ্ষক কাৰ্যসূচী শুভাৰম্ভ কৰিব ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ।

ইয়াৰ পাচত পুৱা ৯ বজাত তেজপুৰৰ মাৰোৱাৰী পঞ্চায়তী ধৰমশালাত ৰটাৰী ক্লাব, তেজপুৰ আৰু স্বেচ্ছাসেৱী সংগঠন টেৰাপন্থ যুৱক পৰিষদৰ লগতে ৰাউণ্ড টেবুলৰ সহযোগত ৰক্তদান শিবিৰ মুকলি কৰিব বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে । পুৱা ১১ বজাত তেজপুৰ পল' ফিল্ডত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মণ্ডল পৰ্যায়ৰ সংগঠন চি এল এফ অনুষ্ঠান উদ্বোধন কৰিব অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ।

১১-৩০ বজাত তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত ৰাজ্যখনৰ বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী বীৰেন সিংহক সম্বৰ্ধনা আৰু শিল্পীগৰাকীৰ সৈতে অন্তৰংগ আলাপৰ এক বিশেষ অনুষ্ঠান উদ্বোধন কৰিব তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । আনহাতে বিয়লি ৫ বজাত শোণিতপুৰ জিলা দিৱসৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব তেজপুৰৰ নেৰিয়ালম সভাকক্ষ । এই মুকলি অনুষ্ঠানতে পৰ্যটক উপকৃত হ'ব পৰাকৈ এখন বিশেষ স্মৰণিকা উন্মোচন কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাই ।

অসম চৰকাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব লগা এই মুকলি অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰিব ৰাজ্যখনৰ বিশিষ্ট কবি, সুবক্তা তথা অসম চৰকাৰৰ অগ্নিনিৰ্বাপন আৰু জৰুৰী সেৱা বিভাগৰ উপ সঞ্চালক নন্দ সিং বৰকলাই । তেজপুৰৰ শিল্পীৰ সমবেত গীতেৰে শুভাৰম্ভ হ'ব লগা আৰু বিভিন্ন ক্ষেত্ৰৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব লগা এই মুকলি অনুষ্ঠানতে প্ৰসিদ্ধ বাঁহী বাদক দীপক শৰ্মাই বাঁহী বাদনৰ এক অনুষ্ঠানৰ লগতে ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুটা বৰ্ষৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান অৰ্জন কৰা তেজপুৰৰ উদীয়মান গায়িকা অন্বেষা কাঞ্চন বৰাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত "মোৰ লক্ষ্য স্থান তেজপুৰ "পৰিৱেশন কৰিব ।

ইয়াৰ পিচতেই সন্ধিয়া ৬-৩০ বজাৰ পৰা দেশৰ প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাস পৰিচালিত আৰু অভিনীত নাটক "স্ত্ৰী পত্ৰ "মঞ্চস্থ হ'ব । আনহাতে ৪ আগষ্টৰ পুৱা ৯ বজাত তেজপুৰৰ দ-পৰ্বতীয়াৰ দ-চুবুৰী আৰু তৰাজান কুমাৰ গাঁৱত স্বেচ্ছাসেৱী সংগঠন "অ' তেজপুৰ ফাউণ্ডেশ্যন"ৰ উদ্যোগত গছপুলি ৰোপণ আৰু বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰিব শোণিতপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই । একে সময়তে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সহযোগত তেজপুৰৰ প্ৰধান ডাকঘৰৰ সন্মুখৰ পৰা মহাভৈৰৱ মন্দিৰৰ সন্মুখলৈও গছপুলি ৰোপণৰ এক কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

আনহাতে ৪ আগষ্টৰ পুৱা ১১ বজাত ৰটাৰী ক্লাব তেজপুৰৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত কৰ্কট ৰোগৰ সজাগতাৰ এক বিশেষ অনুষ্ঠান শুভাৰম্ভ কৰিব তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে । ৫ আগষ্টৰ পুৱা ৮ বজাত তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ ৪০ খন বিদ্যালয় সামৰি শ্ৰমদান কাৰ্যসূচী শুভাৰম্ভ কৰিব তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই । বিয়লি ৫ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত মহিলাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান "মিছন শক্তি "উদ্বোধন কৰিব তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে । এই জিলা দিৱসৰ জৰিয়তে শোণিতপুৰ জিলাৰ বিভিন্ন ঐতিহাসিক স্থানসমূহৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: প্ৰতিবছৰে 26 জুলাইত চৰাইদেউ মৈদাম ক্ষেত্ৰত হ’ব বিশেষ অনুষ্ঠান : মন্ত্ৰী যোগেন মহনৰ ঘোষণা - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.