ETV Bharat / state

বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ: তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ - Oil Theft Racket

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 10:31 PM IST

Updated : Aug 4, 2024, 10:54 PM IST

Son of MLA Nurul Huda surrendered : তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগৰ পিচতে আত্মসমৰ্পণ বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ ৷ বিধায়ক পুত্ৰ ৰকিবুল হুদাক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান ৷

Son of MLA Nurul Huda surrendered
বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ (ETV Bharat Assam)

কলিয়াবৰ, 4 আগষ্ট : অৱশেষত আত্মসমৰ্পণ কৰিলে বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই ৷ উলুৱনী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই ৷

উল্লেখ্য যে তেলচুৰি চক্ৰৰ সৈতে নাম সাঙোৰ খাই পৰিছে বিধায়ক পুত্ৰ ৰকিবুল হুদাৰ ৷ আত্মসমৰ্পণৰ পিচতে ৰকিবুল হুদাক স্বাস্থ্য পৰীক্ষাৰ বাবে কিছু সময় পিচতে লৈ যোৱা হ’ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ ৷ অভিযুক্ত ৰকিবুল হুদাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিচতে আৰক্ষী আগবাঢ়িব তদন্ত প্ৰক্ৰিয়াৰ বাবে ৷

উল্লেখ্য যে বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটী, ৰূপহীত অভিযান চলাই আছিল তেলচুৰি চক্ৰৰ বিৰুদ্ধে ৷ ইতিমধ্যে শনিবাৰে এই চক্ৰৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি দেওবাৰে পুৱাৰে পৰা নগাঁও জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত সক্ৰিয় হৈ আছিল কলিয়াবৰ আৰক্ষী ৷

অতি শেহতীয়াকৈ বিধায়ক পুত্ৰৰ আত্মসমৰ্পণে সমগ্ৰ ঘটনা ৰহস্যঘন কৰি তুলিছে ৷ উল্লেখ্য যে কলিয়াবৰত তেলচুৰি চক্ৰৰ পাঁচ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিচতে ন-ন তথ্য পোহৰলৈ আহিছে । তেলচুৰি চক্ৰটোৰ লগত এগৰাকী কংগ্ৰেছী বিধায়কৰ পুত্ৰৰ নাম সাঙোৰ খাই পৰা বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিশ্চিত কৰিছিল ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি শনিবাৰে গ্ৰেপ্তাৰ হোৱা চামগুৰিৰ ইব্ৰাহিমৰ আলীয়ে অনলাইনযোগে ৰকিবুলক টকা দিছিল ৷ সেই তথ্য লাভৰ পিচতে বিধায়ক পুত্ৰগৰাকীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ৷

ইফালে এই সন্দৰ্ভত অভিযুক্ত ৰকিবুল হুদাৰ পিতৃ তথা বিধায়ক নুৰুল হুদাই সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিমৰ আলীয়ে তেওঁৰ পুত্ৰৰ পৰা টকা ধাৰলৈ লৈছিল ৷ সেই টকাহে অনলাইযোগে ঘূৰাই দিছিল পুত্ৰক ৷

লগতে পঢ়ক : বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত তেলচুৰিত ! বিধায়ক পুত্ৰৰ সন্ধানত আৰক্ষীৰ অভিযান

Last Updated : Aug 4, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.