গুৱাহাটী/হোজাই, ৩১ জুন : অসম আৰক্ষীৰ জালত পৰিছে এগৰাকী বিজেপি নেত্ৰীৰ পুত্ৰ ৷ ৰিয়াজ ইছলাম নামৰ যুৱকজনক অবৈধ অস্ত্ৰ, ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে হাতত অবৈধ মাৰণাস্ত্ৰ লৈ ছ'চিয়েল মিডিয়াত বাহুবল প্ৰদৰ্শন কৰিছিল ৰিয়াজে । AK47 ৰাইফল হাতত লৈ ফটো উঠি সামাজিক মাধ্যমত ভাইৰেল হোৱা ৰিয়াজ ইছলামক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে ৰিয়াজ ইছলামক ।
উল্লেখ্য যে হোজাইৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ হৈছে ৰিয়াজ ইছলাম । কিছুদিন পূৰ্বে হাতত মাৰণাস্ত্ৰ লৈ সামাজিক মাধ্যমত ফটো দিছিল ধৃত ৰিয়াজে । তাৰ পিচৰ পৰাই পলাতক হৈ আছিল ৰিয়াজ । অৱশেষত বৃহস্পতিবাৰে নিশা হোজাইৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামূলীৰ নেতৃত্বত মহানগৰীত অভিযান চলায় । মহানগৰীৰ হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ সমীপৰ এটা ফ্লেটত আত্মগোপন কৰি আছিল ৰিয়াজে । বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰি হোজাই লৈ যায় ৰিয়াজক ।
প্ৰণিধানযোগ্য যে লংকা আৰক্ষীয়ে সমাজিক মাধ্যমত ফটো প্ৰচাৰৰ পাচত বিজেপিৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ হোজাই জিলাৰ অধ্যক্ষা নীলিমা বেগমৰ পুত্ৰ ৰিয়াজ ইছলামৰ বিৰুদ্ধে উত্থাপিত ভয়ংকৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । প্ৰথমে নিজকে মানৱ অধিকাৰ আয়োগৰ কৰ্মী বুলি পৰিচয় দি আৰু ড্ৰাগছ আসক্তৰ পৰা সংগ্ৰহ কৰা ড্ৰাগছ নিজেই অন কেমেৰা সেৱন কৰা দৃশ্য ভাইৰেল কৰি আৰক্ষীৰ জালত পৰে ৰিয়াজ ।
আনহাতে, হাতত মাৰণাস্ত্ৰ লৈ আতংকৰ সৃষ্টি কৰা দৃশ্যও সামাজিক মাধ্যমত ভাইৰেল কৰিছিল । ইয়াৰ উপৰি কিছুদিন পূৰ্বে ডিমা হাছাও আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ গোচৰত আটক কৰিছিল ৰিয়াজক । বৰ্তমান লংকা আৰক্ষীৰ জিম্মাত আছে ৰিয়াজ ।
জানিব পৰা মতে, ৰিয়াজৰ আৰক্ষীৰ স'তে ঘনিষ্ঠতাৰ বাবে বহু সময়ত মানৱ অধিকাৰ কৰ্মীৰ পৰিচয় দি বিভিন্ন সময়ত বহু লোকক বিভিন্ন গোচৰত আটক কৰাও পৰিলক্ষিত হৈছিল । লক্ষণীয় বিষয় যে এনে এজন যুৱকৰ হাতলৈ অত্যাধুনিক মাৰণাস্ত্ৰ ক'ৰ পৰা আহিল তাকে লৈ সকলোতে চৰ্চা চলিছে । বৰ্তমান লংকা আৰক্ষী থানাত ৰিয়াজৰ জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :কোন বিজেপি নেত্ৰীৰ পুত্ৰই হাতত মাৰণাস্ত্ৰ লৈ চলালে তাণ্ডৱ - Son Of BJP Leader Terror