ETV Bharat / state

শতাধিক নদীবান্ধ নির্মাণ কৰি অসমক মৰুভূমিত পৰিণত কৰাৰ চক্ৰান্ত বিজেপি চৰকাৰৰ

অৰুণাচলত এন এইচ পি চিয়ে নিৰ্মাণ কৰিছে এটাৰ পাছত আন এটা বৃহৎ নদীবান্ধ ৷ তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

MEGA DAM IN ARUNACHAL
ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

তিনিচুকীয়া: “অৰুণাচল প্ৰদেশত এটাৰ পাছত আন এটা বৃহৎ নদীবান্ধৰ নিৰ্মাণ আৰম্ভ কৰিছে জলবিদ্যুৎ উৎপাদনকাৰী সংস্থা এন এইচ পি চিয়ে । ৩ হাজাৰ মেগাৱাটৰ দিবাং নদীবান্ধৰ নিৰ্মাণ আৰম্ভ কৰাৰ পাছত পুনৰ ১২ হাজাৰ মেগাৱাটৰ ছিয়াং নদীবান্ধৰ নিৰ্মাণ কৰিবলৈ যো-জা কৰিছে বান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে ।" সোমবাৰে তিনিচুকীয়াত এক সংবাদমেল আয়োজন কৰি অৰুণাচলত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধসমূহৰ ক্ষেত্ৰত এইদৰে প্ৰতিক্রিয়া প্রকাশ কৰে ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে ।

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সভাপতি দেৱব্ৰত শইকীয়াই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ ক্ষুৰধাৰ সমালোচনা কৰি সংবাদমেলত লগতে কয়, "এন এইচ পি চিয়ে এইবাৰ উজনি ছিয়াং জিলাৰ গেকো নামৰ গাওঁখনত এই বান্ধ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি কৰিছে । লগতে নতুনকৈ আৰু ১৩ টা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি প্রদান কৰিছে সংস্থাটোক । এইসমূহ নদীবান্ধ নির্মাণ সম্পূর্ণ হৈ উঠিলে অৰুণাচলৰ লগতে অসমৰ জনজীৱনো বিস্তৰভাৱে ক্ষতিগ্রস্ত হ'ব । উজনি অসমৰ লগতে উত্তৰ অসম মৰুভূমি পৰিণত হ'ব । বিজেপিক অসমৰ ৰাইজে শাসনত বহুওৱাৰ প্ৰতিদান হিচাপে এইদৰে অসমখন ধ্বংস কৰি অসমৰ ৰাইজক অথাই সাগৰত পেলাব কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ।”

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সংবাদমেল (ETV Bharat Assam)

এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয় "বিজেপি চৰকাৰে শাসনলৈ অহাৰ আগতে এই নদীবান্ধসমূহৰ বিৰোধিতা কৰিছিল আৰু এতিয়া তেওঁলোকেই এই বান্ধসমূহ নিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিছে । অসমৰ মূৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা জলবোমা সদৃশ এই নদীবান্ধসমূহৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনোধৰণৰ প্ৰতিক্রিয়া নাই । অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্রীজনে এইক্ষেত্ৰত সম্পূৰ্ণৰূপে নীৰৱ । ক্ষমতাৰ স্বাৰ্থত, শাসনৰ লোভত তেওঁ এতিয়া অসমৰ মানুহক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ নাই কৰা ।" মুখত সদায় অসম প্ৰেমৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া প্রেম এতিয়া ক'ত গ'ল বুলিও প্রশ্ন কৰে সংগঠনটোৰ নেতৃত্বই ।

উল্লেখ্য যে, অৰুণাচল প্রদেশ হৈ অসমলৈ বৈ অহা নদীসমূহত কেন্দ্রীয় চৰকাৰে পূৰ্বৰে পৰা বৃহৎ সংখ্যক নদীবান্ধ নিৰ্মাণ কৰিবলৈ কৰা পৰিকল্পনাস্বৰূপে পুনৰ ১৩ টা বান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি প্রদান কৰিছে । অৰুণাচলৰ উজনি ছিয়াং জিলাৰ গেকোত ছিয়াং নদীত ১২৫০০ মেগাৱাট উৎপাদনক্ষম এটা অতি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ এন এইচ পি চিয়ে প্রাথমিক কাম-কাজ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও সোৱণশিৰি নদীত বৰ্তমানে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি নদীবান্ধৰ উপৰিও মধ্যম আৰু উজনি সোৱণশিৰি নদীবান্ধ, ছিয়াং নদীৰ কেইবাখনো উপনৈত নিৰ্মাণ কৰিব আৰু পৃথক পাঁচটা বান্ধ, দিবাং নৈত নিৰ্মাণ কৰিব পাঁচটা আৰু লোহিত নদীত নির্মাণ কৰিব ডেম ৱে ১, ২, ৩ নামেৰে তিনিটা বৃহৎ নদীবান্ধ প্রকল্প ।

৭৫ মেগাৱাটতকৈ অধিক উৎপাদনক্ষম নদীবান্ধক সাধাৰণতে বৃহৎ নদীবান্ধ বুলি কোৱা হয় । এই নদীবান্ধ নির্মাণ হ'লে অৰুণাচল আৰু অসমৰ পৰিৱেশ আৰু জনজীৱনৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব । অৰুণাচল প্রদেশত ইতিমধ্যেই ১২,০০০ মেগাৱাটৰ অতি বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে তাৰ স্থানীয় জনসাধাৰণে প্রতিবাদ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও বৰ্তমান এন এইচ পি চিয়ে আৰম্ভ কৰিছে ৩০০০ মেগাৱাট উৎপাদনক্ষম নামনি দিবাং জলবিদ্যুৎ প্রকল্প । যি প্ৰকল্পৰ বাবে ধ্বংস কৰা হৈছে ২১ হাজাৰ বিঘা অৰণ্য ভূমিৰ । কটা হৈছে ৫০ হাজাৰ গছ ।

এই নদীবান্ধসমূহ নির্মাণ হৈ উঠিল খৰালি কালত অসমৰ জীৱন ৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰ একেবাৰে শুকাই যাব আৰু বাৰিষা বৰষুণ বেছি হোৱা সময়ত বৃহৎ বান্ধসমূহে পানী যেতিয়া এৰি দিব তেতিয়া উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত ছুনামি সদৃশ পৰিবেশৰ সৃষ্টি হ'ব । অসম আৰু অসমীয়া মানুহৰ সমাজ-সংস্কৃতি-অর্থনীতি সম্পূর্ণৰূপে ধ্বংস হ'বলগীয়া এইসমূহ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰিবলৈ সংগঠনটোৱে আজি সংবাদমেলৰ জৰিয়তে দাবী জনায় ।

লগতে পঢ়ক: ভূটানত ভাৰতৰ অনুদান প্ৰাপ্ত বৃহৎ বান্ধ নিৰ্মাণ পুনৰ আৰম্ভ, ইয়াৰ তাৎপৰ্য কি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.