ETV Bharat / state

চাহ খেতিয়কে ম'বাইলতে লাভ কৰিব খেতিৰ তথ্য, সংযোজিত হ'ব নতুন প্ৰযুক্তি - New Technology for tea farmers

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:29 AM IST

NABARD : ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ নতুন প্ৰচেষ্টা । ৰাজ্য়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ।

New Technology for small tea farmers
চাপানালাত নতুন পৰিকল্পনাৰ শুভাৰম্ভণী (ETV BHARAT ASSAM)

চামগুৰি, ২৬ জুন : ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বৃহৎ চাহ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলেও গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা । কিন্তু উন্নত কাৰিকৰীৰ অভাৱত লাহে লাহে যেন স্তিমিত হৈ পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগটো ।

জলবায়ুৰ লগতে সঘনাই কেঁচাপাতৰ দৰৰ তাৰতম্য হৈ থকাৰ বাবে লাভালাভ হ্ৰাস হৈ অহাৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । এনে সময়তে খেতিয়কসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড কিষাণ(IFFCO KISHAN) আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(NABARD)ৰ দ্বাৰা পৰিচালিত এটা নতুন প্ৰযুক্তিয়ে ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাপানালা অঞ্চলৰ সেউজ জ্যোতি টি ফেডাৰেচনৰ ৬৪ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত ৫ জনকৈ কৃষকৰ চাহখেতিত পৰৱৰ্তী দুটা বছৰৰ বাবে পৰীক্ষামূলকভাৱে কৰিবলৈ ওলাইছে প্ৰতিষ্ঠান দুটাই পৰিচয় কৰাই দিয়া নব্য প্ৰযুক্তিৰ । AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰযুক্তিৰ জৰিয়তে খেতিয়কসকলে আগতীয়াকৈ জানিবলৈ সক্ষম হ'ব জলবায়ুৰ আগজাননী, কীত-পতংগৰ অৱস্থিতি, প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে ।

লগতে পঢ়ক: পিপিচি অনুমোদিত দৰৱ ব্যৱহাৰ কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Farmers

ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড কিষাণ আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ বিষয়াসকলে কয় যে, এতিয়াৰে পৰা এই নতুন প্ৰযুক্তিটোৰ জৰিয়তে নিজৰ খেতিডৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য খেতিয়কজনে নিজৰ ম'বাইলতে আগতীয়াকৈ আপোনা-আপুনি জনিব পাৰিব । নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানালাত এই সমগ্ৰ পৰিকল্পনাটোৰ শুভাৰম্ভণী সভাত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকি প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক উৎসাহিত কৰে ।

লগতে পঢ়ক:কেঁচা পাত নলয় বটলিফ ফেক্টৰীয়ে: ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ - Assam Tea Industry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.