ETV Bharat / state

ন-ভূঁই ৰোৱা বতৰ : পথাৰৰ বোকা-মাটিৰ বুকুত এগোঁজ দুগোঁজকৈ কঠীয়াৰে ভৱিষ্যতৰ আখৰ লিখিছে ৰোৱনীয়ে - Paddy Cultivation

Farmers busy in paddy field : কান্ধত নাঙল লৈ পথাৰলৈ গৈছে খেতিয়ক ৷ পাছে পাছে ৰোৱনী ৷ কাৰণ এতিয়া ন-ভূঁই ৰোৱাৰ বতৰ ৷ চহা জীৱনৰ সপোন ৰচাৰ বতৰ এয়া ৷ আহকচোন যাঁও ন-ভূঁই ৰোৱা পথাৰখনলৈ...

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:59 PM IST

Sivasagar farmers and ploughmans busy in paddy field
কান্ধত নাঙল লৈ পথাৰলৈ গৈছে খেতিয়ক (ETV Bharat Assam)

আমগুৰি, 11 জুলাই : এতিয়া আহাৰ মাহ ৷ বাৰিষাই জীপাল কৰি তুলিছে চহা অসমীয়াৰ দেহ-মন ৷ আঘোণৰ পথাৰত চহা অসমীয়াৰ শইচ সোণোৱালী কৰাৰ সপোন আহাৰতে ৰচাৰ বতৰ এয়া । ন-পানীৰ ভৰুণ সোঁতে উপচাই তোলা পথাৰৰ বুকুত এতিয়া সপোন ৰচিবলৈ কান্ধত নাঙল তুলি পথাৰলৈ আহিছে চহা খেতিয়ক ৷ হাঁচতিত তামোল বান্ধি পাছে পাছে আকৌ আহিছে জাকে জাকে ৰোৱনী ৷

ন-ভূঁই ৰোৱা বতৰ এয়া (ETV Bharat Assam)

শিৱসাগৰৰ কালুগাঁৱৰ দৃশ্যই এতিয়া সকলোকে আকৰ্ষিত কৰি তুলিছে ৷ কি যে অপৰূপ দৃশ্য এয়া ! প্ৰতিজন চহা অসমীয়াৰ সিৰাই সিৰাই প্ৰৱাহিত হৈ আছে কেঁচা মাটিৰ গোন্ধ । আহাৰমহীয়া পথাৰৰ বোকা মাটিৰ বুকুত এগোঁজ দুগোঁজকৈ কঠীয়াৰে ভৱিষ্যতৰ আখৰ লিখিছে ৰোৱনীয়ে । ন-ভূঁইৰ বাবে আহৰি নাই এতিয়া প্ৰতিজন গঞাৰ ৷

Farmers busy in paddy field
ন-ভূঁই ৰোৱা বতৰ এয়া (ETV Bharat Assam)

লগতে পঢ়ক : নিৰ্বাচন প্ৰায় শেষ, এতিয়া খেতিত লগাৰ সময় - Minister Atul Bora on paddy field

বৰ্তমান যান্ত্ৰিকতাৰ সময়ত পূৰ্বৰ দৰে নাই সেই ন-ভূঁইৰ মাদকতা ৷ সময়ৰ সোঁতত ই হেৰাই যোৱাৰ উপক্ৰম । অৱশ্যে গ্ৰামাঞ্চলৰ দুই-এক ঠাইত এই ন-ভূঁই ৰোৱা দেখা যায় যদিও পথাৰত জুৰিবলৈ পাবলৈহে নাই গৰুহাল ৷ পথাৰত মাটি চহোৱাৰ পৰা কঠীয়া ৰোৱালৈ সকলোতে এতিয়া যন্ত্ৰৰ ব্যৱহাৰ । গৰুহালৰ সলনি ট্ৰেক্টৰ, কঠীয়া ৰোৱা মেচিনৰ ব্যৱহাৰে গাঁৱৰ নিভাঁজ ছবিখন যেন কাঢ়ি নিলে ।

Farmers busy in paddy field
পথাৰত জাকে জাকে ৰোৱনী (ETV Bharat Assam)

পূৰ্বে গৰুহালেৰে কহোৱা, সমোৱা, মৈদিয়া, কঠীয়াতোলা আৰু ৰোৱটীচাহকে ধৰি পাঁচবাৰকৈ হাল বাই চহ কৰা হৈছিল । বৰ্তমান নাই সেই পৰম্পৰা । এনে সময়তো আহাৰৰ পথাৰত পুৰণি গ্ৰাম্য সমাজৰ এখন ছবি ফুটি উঠিছে । শিৱসাগৰৰ কালুগাঁৱত নামদঙীয়া পৰ্বতীয়া পথাৰত কৃষক আৰু ৰোৱনীৰ ব্যস্ততাময় এক পৰিৱেশ ।

Farmers busy in paddy field
পৰম্পৰাগত সাজপানী (ETV Bharat Assam)

শাওনৰ প্ৰাকক্ষণত আহাৰৰ পথাৰত কৃষক-ৰোৱনীয়ে নাচি-বাগি আনন্দত মতলীয়া হৈ ন-ভূঁই ৰোৱা দেখিবলৈ পোৱা গৈছে ৷ এয়াই হৈছে গাঁৱলীয়া জীৱনৰ মাদকতা ৷ এয়াই হৈছে চহা অসমীয়াৰ অহংকাৰ 'ন-ভূঁই' ৰোৱাৰ কিছু পৰম্পৰা তথা লোকাচাৰ ।

লগতে পঢ়ক : শালি খেতিৰ বতৰ: জোনাইৰ বোকাময় পথাৰত ভূঁই ৰোৱাত ব্যস্ত জাক জাক ৰোৱনী - Paddy Cultivation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.