ETV Bharat / state

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী: ৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল - APSC scam

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:54 PM IST

APSC Cash for job scam: ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল বিশেষ তদন্তকাৰী গোটৰ ৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বক্ৰ পথৰে উত্তীৰ্ণ হোৱাৰ অভিযোগত বিশেষ তদন্তকাৰী গোটে এই চাৰিজন অভিযুক্তক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ৷

APSC CASH FOR JOB SCAM
অভিযোগনামা দাখিল বিশেষ তদন্তকাৰী গোটৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 20 জুন: অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ‌বৃহস্পতিবাৰে বিশেষ তদন্তকাৰী গোটে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে ৷ তদন্তকাৰী গোটে অভিযোগনামা দাখিল কৰা বিষয়া কেইগৰাকী হৈছে ৷ নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক এ নন্দ বাবু সিনহা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস ৷

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বহীত নম্বৰ বৃদ্ধি কৰা, ভুৱা উত্তৰ বহীত লিখা, হিচাপতকৈ অধিক উত্তৰ বহী ওলোৱা আদি বিভিন্ন তথ্য, প্ৰমাণেৰে বিশেষ তদন্তকাৰী গোটে এই সকল অভিযুক্তৰ বিৰুদ্ধে আজি অভিযোগনামা দাখিল কৰে ৷ উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বক্ৰ পথৰে উত্তীৰ্ণ হোৱাৰ অভিযোগত বিশেষ তদন্তকাৰী গোটে এই চাৰিজন অভিযুক্তক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক : APSC কেলেংকাৰীৰ তিনি অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ হ’ব তদন্ত : তদন্তকাৰী গোটে লাভ কৰিছে অনুমতি - APSC cash for job scam

উল্লেখ্য যে, এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়িক তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে দিয়া প্ৰতিবেদনৰ আধাৰত দ্বিতীয় পৰ্যায়ৰ তদন্তৰ দায়িত্ব এছ আই টিক দিয়া হৈছে ৷ ৰাকেশ কুমাৰ পালৰ আমোলত সংঘটিত হোৱা অসম লোকসেৱা আয়োগৰ এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত পূৰ্বে ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ তদন্ত গোট গঠন কৰিছিল ৷ বিগত বৰ্ষৰ অক্টোবৰত চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছ আই টিয়ে এই পর্যন্ত এ পি এছ চি কেলেংকাৰীৰ কেবাগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী : চাকৰিৰ পৰা নিলম্বিত হ’ল আৰু এগৰাকী ৰাজপত্ৰিত বিষয়া - APSC scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.