ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ শেষ সকীয়নি শিলসাঁকোৰ উচ্ছেদিতৰ : ভেঁটি ঘূৰাই নিদিলে কাঢ়ি আনিবলৈ প্ৰস্তুত - Protest in Chasal

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 4:49 PM IST

Protest against Silsako eviction: মুখ্যমন্ত্ৰীলৈ সকীয়নি শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ ৷ অনতি পলমে মাটি-ভেঁটি ঘূৰাই নিদিলে নিজৰ মাটি কাঢ়ি আনিবলৈ প্ৰস্তুত বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

Silsako Evicted people Protests Against Assam Govt and CM in Guwahati Chasal
মুখ্যমন্ত্ৰীলৈ শেষ সকীয়নি শিলসাঁকোৰ উচ্ছেদিতৰ (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : পুনৰ প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ লোকসকল ৷ প্ৰতিবাদকাৰীৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিছে শিলসাঁকোৰ উচ্ছেদিত লোকসকলক ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম বিধানসভাৰ প্ৰথম দিনাই শিলসাঁকোৰ উচ্ছেদিত লোকসকলে চচলৰ প্ৰতিবাদস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীৰ এটাই দাবী- শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰসংস্থাপন আৰু যথোপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰক ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বড়িয়ে কয়, ‘‘শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে উচ্ছেদিত ৰাইজৰ লগত আলোচনাৰ নামত ভেকোভাওনা কৰিছে । শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ লগত বিভাগীয় মন্ত্ৰী অশোক সিংহলে দুবাৰকৈ আলোচনাত মিলিত হৈছে ।’’

লগতে পঢ়ক : জি এম ডি এৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহিল উচ্ছেদিত শিলসাঁকোবাসী - Tree Cutting In Guwahati

তেওঁ কয়, ‘‘আলোচনাকালত মন্ত্ৰীগৰাকীয়ে প্ৰতিবাৰেই পুনৰসংস্থাপনৰ কথা কয় ৷ কিন্তু কেতিয়া দিয়া হ’ব সেই কথাহে স্পষ্টকৈ নকয় । সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ শেষ সকীয়নি, আমাক পুৰণি মাটিখিনি ঘূৰাই দিয়ক ৷ অন্যথা আমি আমাৰ মাটি কাঢ়ি আনিবলৈ সাজু আছো ।’’

তেওঁ লগতে কয়, ‘‘শাসনাধিস্থ বিজেপি চৰকাৰখনৰ দিনত এফালেদি খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে, আনফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ নামত মাটি-সম্পত্তি গোটাইছে । শিলসাঁকোত যিসময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক উচ্ছেদ কৰিছে, সেই একেটা সময়তে বদৰুদ্দিন আজমলৰ বিশাল মাটি সম্পত্তিত বুলড'জাৰ চলাব পৰা নাই । এই কাৰ্যই ইয়াকে প্ৰমাণ কৰে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজন বন্ধু ৷’’

এইবোৰৰ উপৰিও সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰে উচ্ছেদিত লোকসকলে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলেয়ো ।

লগতে পঢ়ক : ৪ মহীয়া সন্তানক বোকোচাত লৈ প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত - Protests Against Silsako Eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.