ETV Bharat / state

শিলচৰ: কোন ধনী ? বিজেপিৰ পৰিমল‌ শুক্লবৈদ্য নে কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ ? - property list of candidates

Silchar Lok Sabha constituency's candidates property list: পোহৰলৈ আহিছে শিলচৰ লোকসভা সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী পৰিমল‌ শুক্লবৈদ্য আৰু সূৰ্যকান্ত সৰকাৰৰ সম্পত্তিৰ তালিকা ৷ জানক কোনগৰাকী প্ৰাৰ্থীৰ সম্পত্তি অধিক ...

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 5:05 PM IST

Etv BharatSilchar Lok Sabha constituency's candidates property list
শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৰিমল‌ শুক্লবৈদ্য আৰু সূৰ্যকান্ত সৰকাৰ কিমান সম্পত্তিৰ স্বত্বাধিকাৰী ?

গুৱাহাটী, ৪ এপ্ৰিল : শিলচৰ লোকসভা সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী পৰিমল‌ শুক্লবৈদ্য আৰু সূৰ্যকান্ত সৰকাৰৰ মাজত কোন বেছি ধনী ? সেয়া ইতিমধ্যে দুয়োগৰাকীয়ে দাখিল‌ কৰা মনোনয়ন পত্ৰত প্ৰতিফলিত হৈছে ।

উল্লেখ্য যে, অসমৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তালিকাত শিলচৰ লোকসভা সমষ্টি অন্তৰ্ভুক্ত আছে । শিলচৰৰ লগতে অসমৰ নগাঁও, কৰিমগঞ্জ, দৰং ওদালগুৰি আৰু ডিফু লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

বুধবাৰে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে । কেবাবাৰৰো বিধায়ক আৰু বিভিন্ন বিভাগত মন্ত্ৰী হোৱা পৰিমল শুক্লবৈদ্যই শপতনামাত দাখিল কৰা তথ্যমতে পৰিমল শুক্লবৈদ্যৰ হাতত নগদ ধন জমা আছে ৫০ হাজাৰ টকা । শুক্লবৈদ্যৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ৭৪, ৬৬, ৬২৩ টকা । আকৌ শুক্লবৈদ্যৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ২৯, ৫৮,৪৬০ টকা ।

শুক্লবৈদ্যই শপতনামাত দাখিল কৰা তথ্যমতে তেওঁৰ দুটা বেংক একাউণ্ট ক্ৰমে ৫,৫৪,৫৯০ আৰু ৫৬,৪৯,৩৪৮ টকা আছে । তেওঁৰ নামত এখন জিপছী বাহন, ইক’ স্পৰ্ট বাহন, হোণ্ডা ইউক্ৰন‌ বাহন আৰু এখন ৰয়েল এনফীল্ড আছে । তেওঁৰ নামত ১, ১১, ০০৮ টকাৰ অলংকাৰ আছে ৷

ইপিনে শুক্লবৈদ্যৰ পত্নীৰ লগত নগদ ধন জমা আছে ১৮,০০০ টকা । তেওঁৰ পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ২৯, ৫৮,৪৬০ টকা ।‌ তেওঁৰ পত্নীৰ নামত তিনিটা বেংক একাউণ্ট আছে । আকৌ শুক্লবৈদ্যৰ সতি-সন্ততিৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ১৪,৭, ৫৪৪ টকা।

ইপিনে বুধবাৰে শিলচৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল‌ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰৰ শপতনামাত হাতত নগদ ধন জমা আছে ৬০ হাজাৰ টকা । সৰকাৰৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ৬৩,৮৪,৩৭৬ টকা । আকৌ সৰকাৰৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ১৯, ০০,০০০ টকা ।

সৰকাৰে শপতনামাত দাখিল কৰা তথ্যমতে তেওঁৰ ছয়টা বেংক একাউণ্ট আছে । তেওঁৰ নামত এখন মাৰুতী বেলেন’, মহিন্দ্ৰা স্ক'ৰপিঅ’ আৰু এখন বাইক আছে । তেওঁৰ নামত কোনো অলংকাৰ নাই ।

ইপিনে সৰকাৰৰ পত্নীৰ লগত নগদ ধন জমা আছে ২৫,০০০ টকা । তেওঁৰ পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ'ল ২,১১,৯১০ টকা ।‌ তেওঁৰ পত্নীৰ নামত দুটা বেংক একাউণ্ট আছে । আকৌ সৰকাৰৰ‌ পত্নীৰ নামত ১২ লাখ টকাৰ অস্থাৱৰ সম্পত্তি আছে ।

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Modi to visit Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.