ETV Bharat / state

ফুৰিবলৈ আহি নাবালিকাক যৌন আতিশায্য তিনি যুৱকৰ - Sexual Abuse In Morigaon

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:22 AM IST

Sexual Assault : মৰিগাঁও মাছখোৱাত এগৰাকী 14 বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন ! স্থানীয় ৰাইজৰ চকুত ধূলি দি ঘটনাস্থলীৰ পৰা দুই অভিযুক্তই পলায়ন কৰে যদিও ৰাইজে আটক কৰে এটা অভিযুক্তক ৷ ধৃত অভিযুক্তটোক ৰাইজে উত্তম-মধ্যম সোধাই গতাই দিয়ে মৰিগাঁও আৰক্ষীক ।

Sexual Abuse In Morigaon
প্ৰেম নে আন কিবা ? (ETV Bharat Assam)

মৰিগাঁও, 21 জুলাই : এটা চাঞ্চল্যকৰ ঘটনাই কঁপাই গৈছে মধ্য অসমৰ মৰিগাঁও জিলা ৷ তিনি শ্ৰমিকে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই চকু কপালত তুলিছে ৰাইজৰ ৷ জানিব পৰা মতে, শনিবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত দক্ষিণ কালিকাজাৰী গাঁৱলৈ দুই বন্ধুক লগত ফুৰিবলৈ আহিছিল আজাহাৰুল ইছলাম নামৰ এজন যুৱক ৷ সেয়ে আজাহাৰুলে উক্ত স্থানলৈ মাতি পঠিয়াই প্ৰেমিকা বুলি দাবী কৰা এগৰাকী 14 বছৰীয়া নাবালিকাক ৷ তাৰ পাচতে তিনি যুৱকে জল জীৱন আঁচনিৰ কালভাৰ্তৰ তলতে নাবালিকাগৰাকীৰ সৈতে অসৎ কৰ্মত লিপ্ত হয় ৷

জলজীৱনৰ কাম কৰিবলৈ আহি নাবালিকাক যৌন নিৰ্যাতন (ETV Bharat Assam)

লগতে পঢ়ক : মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail

কিন্তু দিন বেয়া আছিল অভিযুক্ত আজাহাৰুল ইছলাম আৰু তেওঁৰ আন দুই বন্ধুৰ ৷ কিয়নো এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে গাঁৱৰে এজন স্থানীয় যুৱকে ৷ তাৰ পাচতে স্থানীয় যুৱকজনে চিঞৰ-বাখৰ কৰে ৷ লগে লগে অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু চেগ বুলি অভিযুক্ত আজাহাৰুলৰ দুই বন্ধুৱে উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও ৰাইজে আটক কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত আজাহাৰুল ইছলামক ৷ পৰৱৰ্তী সময়ত ৰাইজে অভিযুক্ত আজাহাৰুলক উত্তম-মধ্যম সোধাই গতাই দিয়ে মৰিগাঁও আৰক্ষীক ।

লগতে পঢ়ক : যৌন হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ ভাতৃ - JDS MLC Suraj Revanna arrested

জানিব পৰা মতে, 14 বছৰীয়া নাবালিকাগৰাকীৰ প্ৰকৃত ঘৰ মাছখোৱাত নহয় ৷ মোমায়েকৰ ঘৰলৈ ফুলিবলৈ আহোঁতেই এই ঘটনা সংঘটিত হয় ৷ ইফালে অভিযুক্ত আজাহাৰুলে উল্লেখ কৰা অনুসৰি, দুয়োৰে মাজত বিগত 10 দিনৰ পৰা গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ সেয়ে তেওঁ প্ৰেমিকাকহে লগ কৰিবলৈ উক্ত স্থানলৈ আহিছিল ৷ আনকি দুয়ো কোনো বেয়াত কামত লিপ্ত হোৱা নাছিল ৷ বৰঞ্চ পুলৰ তলত বহি কথাহে পাতি আছিল ৷

তথ্য অনুসৰি, মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ন কৰি থকা হৈছে জলজীৱন আঁচনিৰ কাম । এগৰাকী ঠিকাদাৰৰ তলত ছাইফুল নামৰ এজন যুৱকে ৰাজমিস্ত্ৰীৰ যোগনীয়া হিচাপে পাইপ পোতাৰ কাম কৰি আছিল ৷ কামৰ শেষত তিনিদিনৰ পূৰ্বেই ঠিকাদাৰৰ পৰা পাবলগীয়া টকাও লৈ গুচি যায় । কিন্তু কাম নথকাকৈয়ে শনিবাৰে প্ৰধান ৰাজমিস্ত্ৰী ছাইফুলৰ পৰা পালচাৰ বাইকখন লৈ কালিকাজাৰিৰ পৰা মাছখোৱালৈ আহিছিল তিনি যুৱক । যাৰ মাজত আছিল মৰিগাঁও ঘটনাৰ মূল অভিযুক্ত আজাহাৰুল ইছলাম ৷

লগতে পঢ়ক : ছাত্ৰীক নিৰ্যাতনৰ ঘটনাক লৈ উত্তপ্ত খোৱাং আৰক্ষী থানা - Student sexual assault case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.