ETV Bharat / state

ফাৰ্মাচীখনৰ নাম জান: সেইবাবে তেওঁৰ ওচৰলৈ চিকিৎসা কৰিবলৈ অহা মহিলাও জান ! - sex scandle of politicians

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:31 PM IST

Updated : May 18, 2024, 10:54 PM IST

Sex scandle : এগৰাকী প্ৰাৰ্থী । নিৰ্বাচন আহিলেই অৱতীৰ্ণ হয় প্ৰাৰ্থীগৰাকী । এইবাৰ লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছে প্ৰাৰ্থীগৰাকী । নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই লাভ কৰে দেহৰক্ষী । নিজকে ভি ভি আই পিৰ শাৰীত ৰাখিব খোজা প্ৰাৰ্থীগৰাকীৰ কেবাটাও অশ্লীল ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে বিভিন্ন মাধ্যমত । এইগৰাকী প্ৰাৰ্থীৰ অশ্লীল ভিডিঅ’ই এতিয়া লগাইছে তোলপাৰ ।

sex scandle of nagaon lok sabha candidate creates controversy in nagaon
নগাঁও লোকসভা সমষ্টিৰ এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামা (etv bharat assam)

আবু শ্বামাৰ বিৰুদ্ধে ক্ষোভ (etv bharat assam)

নগাঁও, 18 মে’ : নিৰ্বাচন আহিলেই মনোনয়ন দাখিল কৰি দেহৰক্ষী লৈ কেইদিনমানৰ বাবে ভি ভি আই পি হৈ পৰা এগৰাকী প্ৰাৰ্থী । নাম আবু শ্বামা । নগাঁও জিলাৰ জুৰীয়াৰ মাহেৰীপাৰত ঘৰ এইজন আবু শ্বামাৰ । এইবাৰো নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী এইজন আবু শ্বামা ৷ শেহতীয়াকৈ তেওঁৰ কেইবাটাও অশ্লীল ভিডিঅ’ বিভিন্ন মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতেই এতিয়া লাগিছে তোলপাৰ । ভাইৰেল হৈছে লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ পৰস্ত্ৰীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ অতি অশ্লীল ভিডিঅ’ ।

আচলতে নগাঁও লোকসভা সমষ্টিৰ এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ জুৰীয়া বজাৰত আছে এখন ফাৰ্মাচী । ফাৰ্মাচীখনৰ নাম জান মেডিকেল । এই জান মেডিকেলতেই চিকিৎসা কৰিবলৈ অহা মহিলাক জান বুলি মাতি অসৎ চৰিতাৰ্থ কৰাৰ অভিযোগ আছে শ্বামাৰ বিৰুদ্ধে । আনকি অন্য পুৰুষৰ সহ-ধৰ্মিনীক প্ৰেমৰ জালত পেলাই অসৎ কাৰ্যত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে এইজন আবু শ্বামাৰ বিৰুদ্ধে । কেৱল অভিযোগেই নহয়, মহিলাৰ সৈতে কু-কাৰ্যত লিপ্ত হৈ ভিডিঅ’ বনাই বুলিও জানিব পৰা গৈছে ৷ এতিয়া এই অশ্লীল ভিডিঅ’ পোহৰলৈ অহাৰ পাচত সকলোৱে ধিক্কাৰ-গৰিহণা দিছে সাংসদ প্ৰাৰ্থী আবু শ্বামাক ।

এগৰাকী ব্যৱসায়ীৰ পত্নীক প্ৰেমৰ জালত পেলাই অসৎ চৰিতাৰ্থ পূৰণ কৰা উপৰিও মহিলাগৰাকীক ব্লেকমেইলিং কৰি কেইবালক্ষাধিক টকাও আদায় কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে এইজন আবু শ্বামাৰ বিৰুদ্ধে । অনলাইন যোগে আবু শ্বামাক ধন দিয়াৰ তথ্যও ৰাজহুৱা কৰিছে মহিলাগৰাকীয়ে । চিকিৎসাৰ বাবে ফাৰ্মাচীলৈ যোৱা মহিলাৰ শ্লীলতা হানি কৰাৰ উপৰিও ব্লেকমেইলিং কৰি ধন আদায় কৰা সন্দৰ্ভত শুকুৰবাৰে বিয়লি মহিলাগৰাকীয়ে ন্যায় বিচাৰি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ ।

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ সময়তো পৰস্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্কৰ প্ৰসংগৰে চৰ্চালৈ আহিছিল এইজন আবু শ্বামা । কেৱল এয়াই নহয়, বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । শেহতীয়াকৈ এগৰাকী মহিলাই এজাহাৰ দাখিল কৰাৰ পাচত এতিয়া সাংসদ প্ৰাৰ্থী আবু শ্বামাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিভিন্ন মহলে ।

স্মৰ্তব্য যে, নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ গৈ মহিলাৰ সৈতে অবৈধ সম্পৰ্ক কৰাৰ অভিযোগত অভিযুক্ত সাংসদ প্ৰাৰ্থী আবু শ্বামাই মহিলাগৰাকীৰ লগতে আন কেইবাগৰাকী মহিলাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আনকি কু-কাৰ্য ফাদিল হোৱাৰ পাচত আবু শ্বামাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা দল-সংগঠনৰ নেতাৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে আবু শ্বামাই । যাক লৈ সমগ্ৰ জুৰীয়া অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : এয়াই প্ৰেম! প্ৰথমে বিবাহৰ ছলেৰে প্ৰেমিকাক পলুৱাই আনি হত্যা; পাচত থানাত আত্মসমপৰ্ণ - Man Kills Girlfriend

Last Updated : May 18, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.