ETV Bharat / state

অম্বুবাচী মেলালৈ অহা ভক্তৰ মাজত খাদ্য বিতৰণৰ সাতটাকৈ বেচৰকাৰী সংস্থাৰ - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:18 PM IST

Ambubachi Mela 2024: পাণ্ডু জাহাজ ঘাটত চৰকাৰীভাৱে স্থাপন কৰা টেণ্টৰ যোগেদি খাদ্য বিতৰণৰ সাতটাকৈ বেচৰকাৰী সংস্থাৰ । পুৱাৰ পৰা নিশালৈ হাজাৰ হাজাৰ তীৰ্থযাত্রীৰ মাজত খাদ্য বিতৰণ সংস্থাকেইটাৰ ।

Ambubachi Mela 2024
অম্বুবাচী মেলালৈ অহা ভক্তৰ মাজত খাদ্য বিতৰণ (ETV BHARAT ASSAM)

গুৱাহাটী, ২৪ জুন: লাখ লাখ ভক্ত-দৰ্শনাৰ্থীৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী । নীলাচল পাহাৰত এতিয়া বিৰ দি বাট নোপোৱাৰ অৱস্থা । বিশ্ব প্ৰসিদ্ধ মহা অম্বুবাচী মেলা উপলক্ষ্যে মা কামাখ্যা ধামলৈ বুলি ঢাপলি মেলি আহিছে দেশ-বিদেশৰ লাখ লাখ ভক্ত-দৰ্শনাৰ্থী আৰু সাধু-সন্ন্যাসী । শনিবাৰৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচী মেলাৰ মঙলবাৰে সামৰণি পৰিব । ইতিমধ্যে চৰকাৰীভাৱে আয়োজন কৰা অস্থায়ী শিবিৰসমূহত সমবেত হৈছে অগণন লোক ।

লগতে পঢ়ক: অম্বুবাচী মেলা : সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি - Ambubachi Mela 2024

গুৱাহাটীৰ পাণ্ডু জাহাজ ঘাটত নিৰ্মাণ কৰা অস্থায়ী শিবিৰত হাজাৰ হাজাৰ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হৈছে । ইফালে সমাগম হোৱা এই হাজাৰ হাজাৰ লোকৰ পুৱাৰ পৰা নিশালৈ খাদ্যৰ যোগান ধৰি আহিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত তথা সংস্থাই । চৰকাৰে শিবিৰৰ ব্যৱস্থা কৰিছে যদিও খাদ্যৰ ব্যৱস্থা চৰকাৰীভাৱে কৰা হোৱা নাই । পাণ্ডু জাহাজ ঘাটত সমাগম হোৱা হাজাৰ হাজাৰ লোকৰ বাবে সাতটাকৈ বেচৰকাৰী সংস্থাই খাদ্যৰ যোগান ধৰি আহিছে ।

আনহাতে চৰকাৰীভাৱে নিয়োজিত হৈ থকা বিষয়া-কৰ্মচাৰীসকলেও সংস্থাসমূহৰ ভাণ্ডাৰাতে খাদ্য গ্ৰহণ কৰি আহিছে । প্ৰত্যেক বছৰৰ দৰে এইবাৰো ওদালবাক্ৰা যুৱ মঞ্চৰ উদ্যোগত তীৰ্থযাত্রী সকলৰ বাবে খাদ্যৰ যোগান ধৰা হৈছে । পাণ্ডু জাহাজ ঘাটত চৰকাৰীভাৱে স্থাপন কৰা টেণ্টৰ যোগেদি ওদালবাক্ৰা যুৱ মঞ্চই পুৱাৰ পৰা নিশালৈ হাজাৰ হাজাৰ তীৰ্থযাত্রীৰ বাবে খাদ্যৰ যোগান ধৰি আহিছে ।

লগতে পঢ়ক: তিনিবাৰকৈ মা কামাখ্যাৰ সাক্ষাৎ লাভৰ দাবী নীলাচললৈ অহা সাধুৰ - Ambubachi Mela 2024

ওদালবাক্ৰা যুৱ মঞ্চৰ সাধাৰণ সম্পাদক বাপ্পা বণিকে কয়, 'আমি বিগত কেইবাবছৰ ধৰি ইয়াতে আমি অম্বুবাচী মেলালৈ অহা ভক্তসকলৰ মাজত খাদ্য বিতৰণ কৰি আহিছো । দৈনিক হাজাৰ হাজাৰ লোকে ইয়াতে খাদ্য গ্ৰহণ কৰে ।" পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰলৈকে শিবিৰত থকা লোকসকলক সংস্থাসমূহে খাদ্যৰ যোগান ধৰি আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.