ETV Bharat / state

চাঞ্চল্যকৰ হত্যাকাণ্ড: দুই বন্ধুৱে হত্যা কৰিলে নেকি বিশালক ? - Moran murder case

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 2:14 PM IST

Moran murder case: মৰাণত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে । চাহ বাগিচাৰ পথত উদ্ধাৰ যুৱকৰ মৃতদেহ । দুই যুৱকে মিলি বন্ধুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক আটক কৰিছে ।

Moran murder case
দুই বন্ধুৱে হত্যা কৰিলে নেকি বিশালক (ETV Bharat)

মৰাণ,২৭ আগষ্ট : দেশবাসী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক লৈ ব্যস্ত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ মৰাণত ভয়ংকৰ ঘটনা । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াই হত্যা কৰা হ'ল এজন যুৱকক । বাগিচাৰ মাজত পথৰ ওপৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ।

যুৱকৰ মৃতদেহ উদ্ধাৰ

সন্ধিয়া বাগিচাৰ চকীদাৰে মৃতদেহটো প্ৰত্যক্ষ কৰি বাগিচা কৰ্তৃপক্ষক খবৰ দিয়ে । পিচত মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ইফালে ঘটনাস্থলীৰ সমীপতে সুৰাৰ বটল আৰু গিলাচ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

বন্ধুৱে হত্যা কৰিলে নেকি ?

হত্যাৰ বলি হোৱা ছাত্ৰজন ডিমৌ চকলা পথাৰৰ বিশাল বৰা বুলি চিনাক্ত কৰা হৈছে ৷ বিশাল বৰা মৰাণ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল ৷ ছাত্ৰজনৰ মৃতদেহ নিশা চিনাক্ত হোৱাৰ পিচতে মৰাণ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ডিমৌৰ উদয়পুৰৰ দুজন যুৱকক আটক কৰিছে । ধৃত দুয়োজন যুৱক ডিমৌৰ ১ নং উদয়পুৰৰ বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি সোমবাৰে বিয়লি বিশাল বৰাক ফোন কৰি যুৱককেইজনক মাতি আনিছিল ।

জানিব পৰা মতে অভিযুক্ত দুই যুৱক শিৱসাগৰ ডিমৌ মহাবিদ্যালয়ৰ ছাত্ৰ । সমগ্ৰ ঘটনাটোক লৈ এতিয়া ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । দুই অভিযুক্তক লৈ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে । আনহাতে দুই অভিযুক্তক মৰাণ থানালৈ অনাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত লোকে অভিযুক্তক আক্ৰমণৰ চেষ্টা কৰে ।

লগতে পঢ়ক :অনাঅসমীয়াৰ আতিশায্যৰ পিচতে ৰহস্যজনকভাৱে সন্ধানহীন দুই কিশোৰ - Teenager Missing Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.