মৰাণ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । পৰিয়াল কেন্দ্ৰিক বিবাদ, ভূমি কেন্দ্ৰিক বিবাদ আদিৰ ফলত শেহতীয়াকৈ কেবাটাও এনে হত্যাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ ইতিমধ্যেই সংবাদ মাধ্যমত আপোনালোকে দেখিছে । এইবাৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত সংঘটিত হ'ল তেনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ।
লাহোৱালৰ নাহৰতলী চাহ বাগিছাত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড ঘটনা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে । মাজনিশা পত্নীয়ে দুচেও কৰিলে স্বামীক । নাহৰতলী চাহ বাগিছাৰ ৰাজীৱ বেদীয়া নামৰ শ্ৰমিকজনক পত্নী চনম বেদীয়াই কলম কটাৰীৰে ডিঙি, মুখ, কপাল আৰু গালত উপৰ্যুপৰি আক্ৰমণ কৰাত থিতাতে মৃত্যু হয় লোকজনৰ ।
পাৰিবাৰিক কন্দলৰ বাবেই ৰাজীৱ বেদীয়া নামৰ শ্ৰমিকজনক পত্নী চনম বেদীয়াই হত্যা কৰাৰ ঘটনাৰ পাছতেই লাহোৱাল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও মৃতদেহ সোমবাৰে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইফালে, লাহোৱাল আৰক্ষীয়ে ১৩২/২৪ US ১০৩(১)BNS নম্বৰত গোচৰ ৰুজু কৰি ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ।
এই ঘটনাক লৈ কি কয় ৰাজীৱৰ মাতৃয়ে:
পত্নীৰ হাতত প্ৰাণ হেৰুওৱা ৰাজীৱ বেদীয়াৰ পিতৃ-মাতৃয়ে এই সন্দৰ্ভত কয়, "সন্ধিয়া কাজিয়া কৰি আছিল দুয়োজনে । মাজনিশা মাৰপিটৰ শব্দ শুনি মই আৰু ভাতৃ-ভগ্নী ৰাজীৱ বেদীয়াৰ ঘৰলৈ দৌৰি যাও যদিও দৰ্জা বন্ধ কৰি থোৱা আছিল । পিছত দৰ্জা খুলি দেখো তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে ৰাজীৱ । পত্নীয়ে কৈছিল বহু দিনৰ পৰাই তেওঁৰ লগত কাজিয়া কৰি আছিল সেয়ে মাৰি পেলালে ।"