ETV Bharat / state

কন্যাক সুস্থ কৰিবলৈকে মাতৃয়ে বিক্ৰী কৰিবলৈ ওলাইছে কিডনী - Seek Medical Help

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 6:20 PM IST

Seek Medical Help: মাজুলীৰ এগৰাকী মহিলাই বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ কিডনী । কন্যাৰ চিকিৎসাৰ বাবে মাতৃগৰাকীয়ে লৈছে এই সিদ্ধান্ত । কন্যাক সুস্থ কৰিবলৈ বিচাৰিছে অৰ্থ সাহায্য ।

Seeks help for treatment of child suffering from an disease in Majuli
কন্যাক সুস্থ কৰিবলৈকে মাতৃয়ে বিক্ৰী কৰিবলৈ ওলাইছে কিডনী (ETV Bharat Assam)

মাজুলী, ১২ জুলাই : অভাৱ ৷ অভাৱৰ ফলত লোৱা হয় বহু নল'বলগীয়া সিদ্ধান্ত । তাতে যদি সন্তানৰ কথা আহি পৰে তেতিয়া যিকোনো সিদ্ধান্তই গ্ৰহণ কৰিবলৈ সাজু হৈ পৰে পিতৃ-মাতৃ । মাজুলীত এগৰাকী মাতৃৰ সেমেকা দুচকু । দিশহাৰা মাতৃৰ উচুপনিত সেমেকিছে ঘৰখন । বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ কিডনী ।

মানুহগৰাকীৰ নাম ৰূপালী বৰা শইকীয়া । মানুগৰাকীৰ কন্যা দ্বীপশিখা শইকীয়া চিকিৎসাধীন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত । যোৱা বছৰ এপ্ৰিল মাহৰ পৰা অসুস্থ তেওঁ । কন্যা দ্বীপশিখা শইকীয়াক সুস্থ কৰি তুলিবৰ বাবে ৰূপালী বৰা শইকীয়াই মাজুলীৰ লগতে যোৰহাট, ডিব্ৰুগড়ত বিভিন্নজন চিকিৎসকৰ কাষ চাপিলে যদিও নাপালে অলপো সুফল । উপায়ন্তৰ হৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায় দ্বীপশিখাক । পিচে প্ৰয়োজন হ'ল বৃহৎ ধনৰাশিৰ । চিকিৎসক আৰু নাৰ্চৰ ভৰসাত ১৩ বছৰীয়া নিজ কন্যাক এৰি ধনৰ যোগাৰ কৰিবলৈ মাজুলী পালেহি ৰূপালী বৰা শইকীয়া । পিচে এতিয়াও যোগাৰ হোৱা নাই পৰ্যাপ্ত ধনৰাশি ।

প্ৰায় ১৫ বছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল যদিও স্বামীয়ে এৰি থৈ যোৱাৰ পৰা নিজ মাতৃসহ দুটিকৈ সন্তানক পোহপালৰ গুৰু দায়িত্ব পালন কৰি আহিছে ৰূপালী বৰা শইকীয়াই । কিন্তু এতিয়া যেন ভাগি পৰিছে দুৰ্ভগীয়া মাতৃগৰাকী । সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয়জনৰ পৰা বিচাৰিছে আৰ্থিক সহায় । আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰিব- SBI A/No.- ৩৩৯১৫৯০২২১৩, IFSC No.- SBIN0018990 এই একাউন্টত । হয়তো আপোনাৰ ক্ষুদ্ৰ সহায়ে হাঁহি বিৰিঙাব পাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত । দ্বীপশিখাই লাভ কৰিব এক সুস্থ জীৱন ।

লগতে পঢ়ক: পখিলা খেদাৰ বয়সত দুৰাৰোগ্যত আক্ৰান্ত বাৰ্বি - Seek Medical Help

পৰিয়ালৰ আটাইকেইজন লোকেই জটিল ৰোগত আক্ৰান্ত, সহায়ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.