ETV Bharat / state

মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 10:01 PM IST

Teenage Girl Missing: ৰাজ্যত প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহিছে ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনা । নাৰীদেহ চক্ৰ সক্ৰিয় হৈ উঠাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । ইয়াৰ মাজতে উদ্ধাৰ কৰা হ'ল মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা তিনিগৰাকীকৈ ছাত্ৰী ।

Schoolgirl found missing from Guwahati
মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ
মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ

গুৱাহাটী,২০ ফেব্ৰুৱাৰী: ৰাজ্যত সঘনে সংঘটিত হৈছে ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনা । মহানগৰীতো প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহিছে এনে ঘটনা । সোমবাৰে উদ্ধাৰ কৰা হয় মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা তিনিগৰাকী ছাত্ৰীক । সোমবাৰে নিশা প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানা আৰু পানীখাইতি আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ছাত্ৰী তিনিগৰাকীক । মহানগৰীৰ গাতে লাগি থকা সোণাপুৰৰ কমলাজাৰীৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰী তিনিগৰাকীক । সম্প্ৰতি আৰক্ষীয়ে ছাত্ৰী তিনিগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে চলিত মাহৰ ১৭ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল বীৰকুচি, বোন্দা আৰু আমগাঁৱৰ তিনিগৰাকী ছাত্ৰী । ছাত্ৰী তিনিগৰাকী বীৰকুচিস্থিত ৰঘুনাথ চৌধুৰী হিন্দী উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী । ৰহস্যজনভাৱে তিনি ছাত্ৰীৰ নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে সাঙোৰ খাইছে এগৰাকী মহিলাৰ নাম । মহিলাগৰাকীয়ে তিনিগৰাকী ছাত্ৰীক থকাৰ আশ্ৰয় দিছিল সোণাপুৰত ।

মাত্ৰ এদিনৰ চিনাকি হৈয়েই তিনিগৰাকী ছাত্ৰীয়ে আশ্ৰয় লৈছিল মহিলাগৰাকীৰ ঘৰত । তিনি ছাত্ৰীয়ে ১৮ তাৰিখে দিনৰ ভাগত ট্ৰেইনেৰে নাৰেংগীৰ পৰা ডিগাৰুলৈ গৈছিল ফুৰিবলৈ । সন্ধিয়া ছাত্ৰী কেইগৰাকী ৰে'লযোগে ঘৰলৈ উভতি আহিবলৈ ষ্টেচনত ৰৈ থকা সময়তে সাক্ষাৎ হয় এগৰাকী মহিলাৰ সৈতে । কিন্তু মহিলাগৰাকীয়ে ছাত্ৰী তিনিগৰাকীক সন্ধিয়া হোৱা বুলি কৈ সোণাপুৰৰ কমলাজাৰীৰ নিজৰ ঘৰলৈ লৈ যায় ।

১৮ তাৰিখে নিশা কটোৱাৰ পিছত ১৯ তাৰিখে আবেলি উভতি কথা আছিল । কিন্তু বিয়লিৰ ভাগত ট্ৰেইন নোপোৱাৰ অভিযোগত পুনৰ আন এটা নিশা মহিলাগৰাকীৰ ঘৰত থকাৰ সিদ্ধান্ত লয় কিশোৰী কেইগৰাকীয়ে । ৰহস্যজনকভাৱে ছাত্ৰী কেইগৰাকীয়ে অথবা ঘৰত ৰখা মহিলাগৰাকীয়ে ছাত্ৰী কেইগৰাকীৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল ।

পিছত সোমবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা গোচৰ ৰুজু কৰি ম'বাইল লোকেচনৰ জৰিয়তে ছাত্ৰী কেইগৰাকীক সোণাপুৰৰ কমলাজাৰীৰ পৰা উদ্ধাৰ কৰে । ইফালে ঘটনা সন্দৰ্ভত নয়ন জ্যোতি দাস আৰু সুবল ৰহাঙ নামৰ দুজন যুৱকক আটক কৰা ঘটনাই সৃষ্টি কৰিছে আন এক ৰহস্যৰ । আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব ছাত্ৰী তিনিগৰাকী সন্ধানহীন হোৱাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক: আৰক্ষীৰ হাৰাশাস্তিৰ অভিযোগ নিৰুদ্দেশ ঘটনাৰ লগত সাঙোৰ খোৱা অভিযুক্তৰ পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.