মিৰ্জা, 19 এপ্ৰিল : ৰাজ্যজুৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে শিহৰণকাৰী পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে পুৱাই বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বায়ু সেনাত কৰ্মৰত লোকৰ বাহনে মহতিয়ালে এখন স্কুল বাহনক । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক লগতে আহত হৈছে আঠজনৰো অধিক ছাত্ৰ-ছাত্ৰী ।
স্কুল বাহনখন বঙৰাৰ পৰা বৰঝাৰ বিমান বন্দৰৰ সমীপত থকা St claret school লৈ আঠজনৰো অধিক শিক্ষাৰ্থী কঢ়িয়াই লৈ নিজ লেনেৰে আহি আছিল ৷ ঠিক তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাহনে স্কুল বাহনখন খুন্দিয়াই মহতিয়াই লৈ যায় । এই ঘটনাত আঠজনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয় ।
8 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত চুহানী (6), চুজান আলী আহমেদ (14), আদ্ৰেজা বেগম (12), চাহিন আফ্ৰিন (8) নামৰ শিক্ষাৰ্থী কেইজনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ।
এই পথ দুৰ্ঘটনাত বাহনখনৰ চালক ভাস্কৰ কুমাৰ থিতাতে নিহত হয় আৰু পবিত্ৰ কুমাৰ নামৰ লোকজন আহত হয় । দুৰ্ঘটনাত পতিত স্কুল বাহনখনৰ নম্বৰ AS-01-BB- 2102 আৰু আনখন 23 BH 5027 A । বায়ুসেনাৰ লোকজনৰ ভুলৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ইফালে স্কুল বাহনখনক খুন্দিয়াই পলায়ন কৰে বায়ুসেনাৰ লোকজন ।
বিগত সময়চোৱাতো বায়ুসেনাৰ লোকে অঞ্চলটোত চলাই নানান উদ্ভণ্ডালি চলাই আহিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে ঘটনাস্থলীত বায়ুসেনা আৰক্ষীৰ বিষয়া উপস্থিত হৈ সোধা-পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে প্ৰাণ হেৰুৱালে চাৰিজনে - road accident in Dhubri