জোনাই: চিলাপথাৰৰ শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমগ্ৰ ধেমাজি জিলাত । প্ৰাপ্ত তথ্য মতে চিচিবৰগাঁও টহলদাৰী আৰক্ষী চকীৰ অধীনৰ নিলখ সুন্দৰপুৰ গাঁৱৰ বুদ্ধিমান বৰাৰ পত্নী সবিতা বৰাই যোৱা ৪ অক্টোবৰত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত এটি শিশু জন্ম দিয়ে ।
দুৰ্ভাগ্যজনকভাৱে জন্মদাত্ৰী পিতৃ-মাতৃয়ে শিশুটি জন্ম দিয়াৰ কিছু সময়ৰ পাছত মেডিকেলৰ আই চি ইউ এৰি পলায়ন কৰে । ইয়াৰ পাছত এই খবৰ লাভ কৰি অনুসন্ধান চলাবলৈ নৱজাতকৰ পিতৃ-মাতৃক ধেমাজি শিশু কল্যাণ বিভাগৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াত চি ডব্লিউ চিত পিতৃ-মাতৃয়ে মেডিকেলৰ পৰা ঘৰলৈ উভতি অহাৰ বাটত নৱজাতকটিৰ মৃত্যু হোৱাত ব্ৰহ্মপুত্ৰ নদীত শিশুটিৰ শেষকৃত্য সম্পন্ন কৰা হয় বুলি সাক্ষ্য প্ৰদান কৰে ।
বিষয়টো চি ডব্লিউ চিয়ে সন্দেহজনক যেন দেখি নিজাববীয়াকৈ তদন্ত চলোৱাত অৱশেষত সকলো তথ্য পোহৰলৈ আহে যে এই দম্পতীয়ে ৩০ হাজাৰ টকাৰ বিনিময়ত জোনাই বেবী পেগু চহৰীয়া নামৰ এগৰাকী মহিলাক বিক্ৰী কৰিছিল নিজৰ কন্যা শিশুটিক । অৱশেষত গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চি ডব্লিউ চিয়ে বিক্ৰী কৰা নৱজাতকটিক চিলাপথাৰ জোনাকী নগৰস্থিত শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শিশু বিশেষজ্ঞৰ বাসগৃহত বিক্ৰী কৰা নৱজাতক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে নৱজাতক ক্ৰয়-বিক্ৰৰ এক বৃহৎ চক্ৰ । নৱজাতকটিৰ পিতৃ-মাতৃৰ বিস্ফোৰক ভাষ্য যে তেওঁলোকৰ অজ্ঞাতেই গাঁওৰক্ষী বাহিনীৰ দুই যুৱকে বিক্ৰী কৰিছিল সন্তানটিক । নৱজাতকটিৰ পিতৃয়ে কয়, "মই নিজে কোচত লৈ মেডিকেলৰ এ চি ৰূমত ভৰাই থৈ আহিছো কন্যা সন্তানটি ৷ নাৰ্চ বাইদেউহঁতে বহুত হাৰাহাস্তি কৰিলে আমাক ৷ পিছত আকৌ লৈ আহি বাটত এগৰাকী মহিলা পালো দি দিলো ৷ ভিডিপি পাৰ্টীয়ে ক’লে এইজনী নি কি কৰিবি, বাটত নিওঁতে মৰি থাকিলে কি কৰিবি ৷ দি দে এইকে ৷
লগতে পঢ়ক: ধিক্কাৰ ! পৃথিৱীত ভৰি থৈয়েই ভৰলু নৈ পালেগৈ নৱজাতক
আনহাতে কেচুৱাটিৰ মাতৃয়ে কয়, "নাৰ্চে মোক সুধিছিল- মানুহ পালে কেচুৱাটো দি থৈ যাবি নেকি ? 500 টকা এটা দিছিল ভাল বস্তু খাবলৈ ৷" ইতিমধ্যে ধেমাজি শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ৰূপালী ডেকা বৰগোঁহায়ে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । অবৈধভাৱে নৱজাতক বিক্ৰী কৰা ঘটনাত শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে বেবী পেগু চহৰীয়া, বাবুল বৰা আৰু দিলীপ শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।
চিলাপথাৰ আৰক্ষীয়ে ২০৯/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলোৱাত ধনৰ বিনিময়ত নৱজাতক বিক্ৰী কৰা নিলখ সুন্দৰপুৰ গাঁৱৰ পিতৃ-মাতৃ সবিতা বৰা, বুদ্ধিমান বৰা আৰু ঘটনাত জড়িত বাবুল বৰা নামৰ লোকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । অৱশ্যে শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে এই পৰ্যন্ত আটক হোৱা নাই দিলীপ শইকীয়া নামৰ আন এজন অভিযুক্ত ।
লগতে পঢ়ক: চিকিৎসকৰ গাফিলতিৰ বাবে চৰকাৰী চিকিৎসালয়ত নৱজাতকৰ মৃত্য়ুৰ অভিযোগ - Infant death in Govt hospital
উল্লেখ্য যে চিলাপথাৰস্থিত এম আৰ ডি নাৰ্চিং হোমৰ স্বত্বাধিকাৰী তথা চিলাপথাৰ লাচিত বৰফুকন পথত থকা আৰোগ্য মেডিকেল চেম্বাৰত চিকিৎসা আগবঢ়োৱা এইগৰাকী ডাঃ চন্দ্ৰজিৎ দলেৰ বিৰুদ্ধে পূৰ্বেও বহু ৰোগীক ভুল চিকিৎসা কৰাৰ অভিযোগ আছে । ইপিনে শিশু ক্ৰয়-বিক্ৰয়ৰ দৰে কোনো ঘটনা অসম মেডিকেল কলেজ হাস্পতালৰ ভিতৰত সংঘটিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই ।