ETV Bharat / state

নীলাচলত ধ্যান এৰি প্ৰতিবাদত বহিল সাধু-সন্যাসী - Protest at Kamakhya

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 5:40 PM IST

Protest at Kamakhya : কামাখ্যাত সাধু-সন্যাসীৰ প্ৰতিবাদ । ধ্যান এৰি প্ৰতিবাদত বহিল হাজাৰ হাজাৰ সাধু-সন্ত । আৰক্ষীৰ সৈতে সৃষ্টি হৈছে সাধু-সন্তৰ হতাহতি ।

Protest at Kamakhya
অম্বুবাচী মেলাত প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৫ জুন : অম্বুবাচী মেলাৰ অন্তিমটো দিনত প্ৰতিবাদমুখৰ হৈ পৰিছে নীলাচল ধাম । ধ্যান এৰি প্ৰতিবাদত বহিছে সহস্ৰাধিক সাধু-সন্ত । আৰক্ষীয়ে সাধু-সন্তক হাৰাশাস্তি কৰাৰ অভিযোগৰ লগতে পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগত কামাখ্যাৰ মূল প্ৰৱেশ পথত প্ৰতিবাদত বহে হাজাৰোধিক সাধু-সন্ত । আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সাধু-সন্তসকলে ।

অম্বুবাচীত প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, সাধু-সন্তৰ প্ৰতিবাদৰ পাচতে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় কামাখ্যা ধামত । সাধু-সন্যাসীসকলৰ প্ৰতিবাদৰ বাবে কামাখ্যালৈ অম্বুবাচী মেলা উপলক্ষে অহা ভক্তসকলে প্ৰৱেশ কৰিব পৰা নাই মন্দিৰ চৌহদৰ ভিতৰত । যাৰ বাবে তলৰ পৰা ওপৰলৈ উঠি যোৱা পথছোৱাত এতিয়া অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ।

ইফালে সাধু-সন্তক প্ৰদান কৰা সুবিধা সন্দৰ্ভত মন্তব্য কৰি কামাখ্যাৰ দলৈ কবীন্দ্ৰ শৰ্মাই কয়, "কামাখ্যা এখন সীমিত ঠাই । সীমিত ঠাইৰ ভিতৰত যিখিনি ভক্তক আমি ৰাখিব পাৰো, সেইখিনিয়ে ৰাখিছো । আমি প্ৰতিবাৰে তেওঁলোকক আমাৰ তৰফৰ পৰা থকা-খোৱাৰ যিখিনি সুবিধা দিব লাগে সেইখিনি প্ৰদান কৰি আহিছো ।"

উল্লেখযোগ্য ২২ জুনৰ পৰা আৰম্ভ হৈছে নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামৰ অম্বুবাচী মেলা । এই অম্বুবাচী মেলা উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰো নীলাচলৰ বুকুত ভিৰ কৰিছে দেশ-বিদেশৰ বহু সাধু-সন্যাসীয়ে । অম্বুবাচীৰ নিবৃত্তিৰ পিচত কামাখ্যা মাক দৰ্শন কৰি পুনৰ নিজ নিজ স্থানলৈ উভতি যাব তেওঁলোক । কিন্তু অম্বুবাচী মেলা উপলক্ষে অহা এইসকল সাধু-সন্তক চৰকাৰ তথা প্ৰশাসনে উপযুক্ত সুবিধা কৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে কামাখ্যা ধামত এনে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় ।

উল্লেখ্য, শনিবাৰৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচীৰ মহাপৰ্বৰ বাবে বিগত কেইবাদিনৰে পৰা কামাখ্যা ধামলৈ আগমন ঘটিছে দেশ-বিদেশৰ সহস্ৰাধিক ভক্তৰ । 22 জুনৰ পুৱা 8 বাজি 35 মিনিট 14 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হয় ৷ অম্বুবাচী প্ৰবৃত্তিৰ পাচত 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷ মঙলবাৰে নিশা 8.56 মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটিব । তাৰ পিচত 26 জুন অৰ্থাৎ বুধবাৰৰ পুৱা নিত্য পূজা সমাপনৰ অন্তত ভক্তৰ বাবে খুলি দিয়া হ'ব কামাখ্যা মন্দিৰৰ মূলদ্বাৰ ।

লগতে পঢ়ক :কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস : ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰ নীলাচল পাহাৰ - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.