ETV Bharat / state

বিহগুৰিত উদ্ধাৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ - Venomous Snake Rescued

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:37 PM IST

Russell Viper Assam: ৰাছেল ভাইপাৰ প্ৰজাতিৰ সাপে নিদ্ৰা হৰিছে ৰাইজৰ । ৰাছেল ভাইপাৰে অসমত এতিয়ালৈকে ৩ জনক দংশন কৰিছে ।

Russell Viper Assam
বিষাক্ত সাপ ৰাছেল ভাইপাৰ (ETV Bharat Assam)

তেজপুৰ, ২ আগষ্ট : শোনিতপুৰ তেজপুৰৰ বিহুগুৰিত শুক্ৰবাৰে পৃথিৱীৰ অতি বিষাক্ত সাপৰূপে পৰিচিত ৰাছেল ভাইপাৰ উদ্ধাৰ হয় । 'সৰ্প বান্ধৱ' সৌৰভ বৰকটকীয়ে সাপটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে । ঘটনাৰ বিবৰণী অনুসৰি, আজি পুৱা শোণিতপুৰ জিলাৰ বিহগুৰিৰ সেনা শিবিৰৰ কাষত থকা এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপটো । ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰথমে সেই সাপবিধ অজগৰৰ পোৱালিনে ৰাছেল ভাইপাৰ সেই কথা নিশ্চিত নাছিল । সেয়েহে তেওঁ সাপটোৰ ভিডিঅ' সংগ্ৰহ কৰি সৰ্পবান্ধৱ সৌৰভ বৰকটকীলৈ প্ৰেৰণ কৰে । বৰকটকীয়ে সাপটো ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰি কিছু সময়ৰ পিচতেই উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে ।

চিৰিয়াখানাত সংৰক্ষণ কৰাৰ আহ্বান :

এই সৰ্পডাল উদ্ধাৰৰ পিচতেই বৰকটকীয়ে বন বিভাগক পৰামৰ্শ আগবঢ়াই কয়," সাপবিধ চিৰিয়াখানাত সংৰক্ষণ কৰি ৰখাটো সঠিক সিদ্ধান্ত হ'ব । অসমৰ বনাঞ্চলত ইয়াক ৰাখিলে ইয়াৰ বংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ অধিক বংশ বৃদ্ধিয়ে জনাঞ্চলতো প্ৰভাৱ পেলাব ।"

উল্লেখ্য যে ২০২৩ বৰ্ষতে তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিছিল অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে । এই অঞ্চলতেই ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হৈছিল তন্ময় কেওঁট নামৰ এটি শিশুৰ । ৰাছেল ভাইপাৰৰ দংশনত অসমত প্ৰথমবাৰৰ বাবে মৃত্যু হোৱা শিশুটিয়েই আছিল তন্ময় কেওঁট ।

অসমত এতিয়ালৈকে ৪ জনক দংশন :

ইপিনে, সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কয়," ২০২৩ বৰ্ষত দুজন ব্যক্তিক বঙাইগাঁৱত ৰাছেল ভাইপাৰে দংশন কৰিছে । বৰ্তমান এণ্টিভেনম বেজী লৈ তেওঁলোক সুস্থ হৈছে । এতিয়ালৈকৈ অসমত ৩ জনক ৰাছেল ভাইপাৰে দংশন কৰিছে ৷ গতিকে ইয়াৰ পৰা গম পোৱা যায় যে ৰাছেল ভাইপাৰে খুটিলে চিকিৎসা আছে । মাত্ৰ আমি ভয় খাব নালাগে । তৎক্ষণাৎ চিকিৎসালয়লৈ নিব লাগে আৰু সাপে খোঁট মৰা অংশটো লৰচৰ কৰিব নালাগে । বৰ্তমানলৈকে অসমত ৪ টা ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছে ৷ " শোণিতপুৰত ২০১৯ বৰ্ষতে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে এই সাপবিধৰ উপস্থিতিৰ প্ৰমাণিত তথ্য ভিডিঅ' আকাৰত দিছে ।

লগতে পঢ়ক:অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ তেজপুৰত

লখিমপুৰত বিষাক্ত মোচোৰা গোম উদ্ধাৰ - Venomous Snake Rescued

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.