ETV Bharat / state

ডিমা হাছাওত 337 কোটি টকাৰ আঁচনি উদ্বোধন - লোকসভা নিৰ্বাচন

Vikas yatra at Dima Hasao : ডিমা হাছাও জিলাত বিকাশ যাত্ৰাৰ অংশ স্বৰূপে 337 কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে বহু অভিলাষী আঁচনিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় ৷

scheme inaugurated at Dima Hasao
ডিমা হাছাওত 337 কোটি টকাৰ আঁচনি উদ্বোধন
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 1:09 PM IST

ডিমা হাছাওত 337 কোটি টকাৰ আঁচনি উদ্বোধন

হাফলং, 4 মাৰ্চ : ৰাজ্যজুৰি অব্যাহত আছে অসম চৰকাৰৰ বিকাশ যাত্ৰা ৷ এই বিকাশ যাত্ৰাৰ অংশ স্বৰূপে ডিমা হাছাও জিলাত 337 কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধন কৰাৰ লগতে আন বহু অভিলাষী আঁচনিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

দেওবাৰে মাইবং চৰকাৰী এম ই স্কুল খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি হৈ দেৱলাল গাৰ্লোচাই এইসমূহ আচঁনিৰ উদ্বোধন কৰে ৷ ইয়াৰ লগতে আন বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰে দেৱলাল গাৰ্লোচাই ।

এই অনুষ্ঠানত দেৱলাল গাৰ্লোচাই কয় যে বিগত 1 মাৰ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰ সূচনা কৰে ৷ এই বিকাশ যাত্ৰা কাৰ্যসূচী 10 মাৰ্চলৈকে চলিব । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত প্লেনিং ব’ৰ্ড চলি থকাৰ বাবে এই বিকাশ যাত্ৰাৰ অনুষ্ঠান 3 মাৰ্চত অনুষ্ঠিত কৰা হয় ৷ পৰৱৰ্তী সময়ত উমৰাংছু আৰু 9 মাৰ্চ গুণজোঙত এই বিকাশ যাত্ৰাৰ অংশৰূপে বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে আন বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ’ব ।

গাৰ্লোচাই লগতে কয় যে মাইবাং মহকুমাৰ লগতে বিভিন্ন প্ৰত্যন্ত এলেকাৰ সংযোগী পথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব । মাইবং আৰু দিহাংগীৰ মাজতে পথ নিৰ্মাণৰ কাম এই বছৰৰ মাজতে সম্পূৰ্ণ হ’ব ৷ অনাগত দিনত ডিমা হাছাও জিলাত এনে ধৰণৰ উন্নয়ন কাম অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবলৈ আগন্তুক লোকসভা নিৰ্বাচনত ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছুক ভোট দিয়াৰ বাবে ডিমা হাছাওবাসীক আহ্বান জনায় গাৰ্লোচাই ।

বিকাশ যাত্ৰাৰ এই অনুষ্ঠানত প্ৰথমতে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসো উপস্থিত থাকে ৷ লগতে ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই উপস্থিত থাকে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতহে বিপিএফৰ প্ৰাৰ্থী ঘোষণা :হাগ্ৰামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.