ETV Bharat / state

সলনি হ’ল 104 বছৰ পুৰণি বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত - Barpeta Satra Kirtanghar Repairing

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:42 PM IST

Barpeta Satra Kirtanghar : মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত 104 বছৰ পিচত সলনি কৰা হ’ল বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন বৰপেটাবাসীৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ ৷

Barpeta Satra Kirtanghar
সলনি হ’ল 104 বছৰ পুৰণি বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত (ETV Bharat Assam)

বৰপেটা, 12 জুলাই: মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনি কৰা হ'ল । 104 বছৰ পিচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা 1 কোটি টকাৰ অনুদানেৰে সত্ৰখনৰ মূল কীৰ্তনঘৰৰ লগতে যোগমোহন গৃহ, পাট চাং, অধ্যয়ন গৃহ, কাৰ্যালয় সকলোৰে টিনপাতবোৰ সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰলৈ অহাৰ সময়ত মূল কীৰ্তনঘৰৰ কিছু কিছু ঠাইত বৰষুণৰ পানী পৰা পৰিলক্ষিত হৈছিল । তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ টিনপাতবোৰ সলনি কৰাৰ প্ৰয়োজন হোৱা বুলি উল্লেখ কৰি এক কোটি টকাৰ অনুদান আগবঢ়ায় । উক্ত অনুদান লাভ কৰাৰ পাচত বিগত প্ৰায় পোন্ধৰ দিন পূৰ্বে চল্লিশজন মিস্ত্ৰী আৰু বনুৱাক কীৰ্তনঘৰৰ টিনপাত লগোৱা কামত নিয়োগ কৰা হৈছে ।

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰটো দীঘলে 120 হাত অৰ্থাৎ 180 ফুট আৰু বহলে 60 হাত অৰ্থাৎ 90 ফুট ৷

স্মৰ্তব্য যে, বৰপেটাৰ সমূহ ভকতে চান্দা সংগ্ৰহ কৰি 1920 চনত কলিকতাত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপণিৰ পৰা টিনপাত ক্ৰয় কৰি জাহাজেৰে তাৰাবাৰীৰ খোলাবন্ধা ঘাটলৈ আনে ৷ তাৰ পৰা গৰুগাড়ীৰে টিনপাতবোৰ বৰপেটা সত্ৰলৈ লৈ গৈ বাঁহ-খেৰৰ সলনি কাঠ আৰু টিনপাত ব্যৱহাৰ কৰি নতুনকৈ নিৰ্মাণ কৰি তোলা হৈছিল এই বৰপেটা সত্ৰখন ৷

সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনি কৰাৰ কাম চলি থকা সময়তো সত্ৰৰ নিত্যনৈমিত্তিক নাম-প্ৰসংগ পূৰ্বৰ দৰেই চলি আছে বুলি সত্ৰ কতৃৰ্পক্ষই জনায় । মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই বিশেষ উদ্যোগৰ বাবে বৰপেটাবাসীৰ হৈ বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰম্ভ হ'ল বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনিৰ কাম - Assam CM Himanta Biswa Sarma

মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি : হৰি নামৰ অমিয়া সুৰত মুখৰিত কলিয়াবৰ আৰু বৰপেটা সত্ৰ - Madhabdev Birth Anniversary

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰ ৫৩৪ সংখ্যক জন্মজ‌য়ন্তী পালন - MATHURA DAS BURHA ATA

বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ - Rongali bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.