গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীৰস্থিত গুৱাহাটী মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত সংযোজিত হয় প্ৰযুক্তি পাঠ্যক্ৰমৰ এক নতুন অধ্যায় । গুৱাহাটী মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনত সোমবাৰে ৰব'টিক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থ্ৰী ডি প্ৰিণ্টিঙৰ ছয়মহীয়া পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । এই অত্যাধুনিক প্ৰযুক্তি পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
এই নতুন পাঠ্যক্ৰম মুকলি কৰি তেওঁ কয়, "একবিংশ শতিকাত অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হোৱা যি শিক্ষা পাঠ্যক্ৰম সেয়া নতুন প্ৰজন্মক প্ৰদান কৰিব লাগিব । তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আইটিআইসমূহত এনে ধৰণৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰিবলৈ লৈছোঁ । তাৰেই অংশ হিচাপে আজি গুৱাহাটী মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰবটিক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থ্ৰী ডি প্ৰিন্টিঙৰ ছয়মহীয়া পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।"
উল্লেখ্য যে আইটিআইৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব । আনহাতে, এই পাঠ্যক্ৰমে দক্ষতা বিকাশ শিক্ষাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে । এই ধৰণৰ চিন্তা-চৰ্চাৰেই ৰাজ্যৰ সকলো আইটিআই আৰু পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে কয় । ইফালে প্ৰযুক্তি শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্য ৰাজ্যত আৰু ৩ খন নতুন পলিটেকনিক আৰু ৩ খন নতুন আইটিআইত চলিত বছৰতে এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ উপৰি আগন্তুক বছৰত ৰাজ্যৰ সকলো আইটিআই আৰু পলিটেকনিকতে এই পাঠ্যক্ৰম আৰম্ভ হ'ব বুলিও মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় । আনহাতে, ৰাজ্যৰ চাহ বাগানসমূহত দক্ষতা ভিত্তিক শিক্ষা প্ৰদানৰ বাবে একোটাকৈ কেন্দ্ৰ প্ৰতিখন বাগিচাত স্থানপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি কয় যে অহা মাহৰ পৰা ইয়াৰ শুভাৰম্ভণি কৰা হ'ব ।
লগতে পঢ়ক :প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই