ETV Bharat / state

অসম মুছলমান বিবাহ আইন বাতিল: 1 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ - Assam Muslim Marriage Act

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 6:43 PM IST

Repealing of Assam Muslim Marriage Act: আদালতত অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ শুনানি ৷ ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ বাবে ১ আগষ্ট চূড়ান্ত দিন নিৰ্ধাৰণ আদালতৰ ৷

Assam Muslim Marriage Act
Repealing of Assam Muslim Marriage Act (ETV Bharat)

গুৱাহাটী, ২৪ জুন: মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ কাৰ্দেক আটেৰ দুজনীয়া বিচাৰপীঠে আজি এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে ।

অসম মুছলমান বিবাহ আইন বাতিল (ETV Bharat Assam)

উল্লেখ্য যে মুছলমান লোকৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে ৰাজ্যত থকা ১৯৩৫ চনৰ অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনখন বাতিল কৰা বিষয়ক লৈ ২২ জুনৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল ।

লগতে পঢ়ক: মুছলমান বিবাহ আইন খাৰিজ কৰাক লৈ মনে মনে থাকিবলৈ আহ্বান আজমলৰ

অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পৰৱৰ্তী সময়ত জাৰি কৰা অধ্যাদেশক প্ৰত্যাহ্বান জনাই সদৌ অসম কাজী সন্থাই এখন লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল । এই সন্দৰ্ভত এমাহ পূৰ্বে শুনানি গ্ৰহণ কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰি ২২ জুনৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল । আজি পুনৰ এই অভিযোগৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৷

উল্লেখ্য যে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে যোৱা ২৪ ফেব্ৰুৱাৰীৰ কেবিনেটত উল্লিখিত আইনখন বাতিলৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । তাৰ পাছত যোৱা ১৫ মাৰ্চত ৰাজ্যপালে অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন প্ৰত্যাহাৰৰ বাবে অধ্যাদেশ জাৰি কৰে ।

লগতে পঢ়ক: মুছলমান বিবাহ আইন খাৰিজ, ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া

চৰকাৰৰ সিদ্ধান্ত আৰু অধ্যাদেশক প্ৰত্যাহ্বান জনোৱা কাজী সন্থাই পুৰণি আইনখন প্ৰত্যাহাৰৰ পাচত আৰু নতুন আইন নকৰালৈকে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰপৰা অন্তৱৰ্তী আদেশ বিচাৰিছিল ৷ কিন্তু বিচাৰপীঠে সেইসময়ত লোকসভা নিৰ্বাচনৰ আৰ্হি আচৰণবিধি বলৱৎ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এনে কোনো অন্তৰ্ৱর্তী আদেশ দিবলৈ অমান্তি হৈছিল ।

আজিৰ শুনানি সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা জুনেইদ খালিদে কয় যে আজিৰ শুনানীত চৰকাৰী পক্ষই এই সন্দৰ্ভত কোনো শপতনামা দাখিল নকৰিলে । যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰী পক্ষক অহা ১ আগষ্টৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিল কৰাৰ বাবে চূড়ান্ত সময় নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক: মুছলিম বিশেষ বিবাহ-বিচ্ছেদ আইন নিষিদ্ধ : দুমাহৰ ভিতৰত ৰাজ্য চৰকাৰে দিব লাগিব শপতনামা - Gauhati HC orders to Assam Govt

তেওঁ লগতে জনাই যে এই সময়ছোৱাত মুছলমান লোকসকলৰ বিবাহ আৰু বিচ্ছেদ পঞ্জীয়নৰ বাবে এক বিকল্প ব্যৱস্থাৰ বাবে আদালতৰপৰা অন্তৱৰ্তী আদেশ বিচাৰিছিল যদিও বিচাৰপীঠে কোনো অন্তৰ্ৱর্তী আদেশ দিয়া নাই । গতিকে অহা ১ আগষ্টৰ শুনানিৰ পিচতে আদালতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

ইপিনে জুনেইদ খালিদে কয় যে আইনবিহীন এই সময়ছোৱাত হোৱা বিবাহ পঞ্জীয়নৰ এটা বিকল্প ব্যৱস্থা কৰা উচিত; কিয়নো মুছলমানৰ বিবাহ আৰু বিচ্ছেদ প্ৰচলিত বিশেষ বিবাহ আইনৰ অধীনত পঞ্জীয়ন কৰিব পৰা নাযায় । এনে পৰিপ্ৰেক্ষিতত অসমত এক নেতিবাচক প্ৰভাৱ পৰিব । বাল্য বিবাহ বৃদ্ধি পাব ।

লগতে পঢ়ক: বিবাহ বিচ্ছেদৰ পিচত এগৰাকী মুছলমান মহিলাই ভৰণ-পোষণ দাবী কৰিব পাৰেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.