ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: জয় শ্রীৰাম ধ্বনিৰে মুখৰিত লখিমপুৰৰ আকাশ-বতাহ - ৰাম মন্দিৰ

Ram Temple consecration: অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো উখল-মাখল পৰিৱেশ ৷ দেওবাৰে লখিমপুৰত দেখা গ’ল দুটাকৈ শোভাযাত্ৰা ৷

Ram Temple consecration
শ্রীৰাম ধ্বনিৰে মুখৰিত লখিমপুৰ
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:32 PM IST

Updated : Jan 23, 2024, 10:15 AM IST

জয় শ্রীৰাম ধ্বনিৰে মুখৰিত লখিমপুৰৰ আকাশ-বতাহ

লখিমপুৰ, 21 জানুৱাৰী : সোমবাৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ ইয়াকে লৈ সমগ্ৰ দেশত উছাহৰ অন্ত নাই । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশৰ বিভিন্ন স্থানত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন অথবা আয়োজন কৰা পৰিলক্ষিত হৈছে । দেওবাৰৰ পৰাই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন স্থানত ।

আন ঠাইৰ সমান্তৰালভাৱে লখিমপুৰতো দেওবাৰে আনন্দ উছাহেৰে শ শ লোক ৰাজপথলৈ ওলাই আহে । ধৰ্মীয় শোভাযাত্ৰা কৰি জয় শ্ৰীৰাম ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে ৷

লখিমপুৰ নগৰৰ হনুমান মন্দিৰৰ পৰা আৰু নকাৰী নামঘৰৰ পৰা ওলোৱা দুটাকৈ শোভাযাত্ৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একেলগ হৈ সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰে । বিভিন্ন ধৰ্মীয় গীত-মাতৰ লগতে জয় শ্ৰীৰাম ধ্বনিৰে শোভাযাত্ৰা কৰি শ শ ধৰ্মপ্ৰাণ লোকে এক উৎসৱমুখৰ পৰিৱশৰ সৃষ্টি কৰে ।

উল্লেখ্য যে 22 জানুৱাৰী আৰ্থাৎ কাইলৈ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত সংগতি ৰাখি লখিমপুৰ নগৰৰ ঠাকুৰবাৰী মন্দিৰত দুদিনীয়াকৈ বিভিন্ন ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । দেওবাৰে নাম-কীৰ্তনেৰে দিনটো পাৰ কৰাৰ পিচত সোমবাৰে মন্দিৰটোত পুৱাৰ পৰা নাম-কীৰ্তন হ’ব আৰু এঘাৰ বজাত অযোধ্যাত ৰামলালাৰ প্ৰতিষ্ঠাৰ সময়ত শংখ, তাল, নাগাৰা আদি বিভিন্ন ধৰ্মীয় বাদ্য-যন্ত্ৰৰ সমলয় ধ্বনি কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে ।

আনহাতে সোমবাৰে অযোধ্যাৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হ’ব মন্দিৰটোত । সন্ধিয়া আৰতিৰ পিচত সুন্দৰাকাণ্ড পাঠ কৰা হ’ব । উদ্যোক্তাসকলে এই কাৰ্যসূচীসমূহত ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

Last Updated : Jan 23, 2024, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.