ETV Bharat / state

সম্পাদকৰ নাম ঘোষণা নকৰাকৈয়ে শংকৰদেৱ সংঘৰ যোৰহাট বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতি গঠন - Srimanta Sankaradeva Sangha

Srimanta Sankaradeva Sangha session: যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভা সম্পন্ন । ড৹ নবীন চন্দ্ৰ বৰাক সভাপতি, বিত্ত মন্ত্রী তথা যোৰহাটৰ অভিভাৱক মন্ত্রী অজন্তা নেওগক কাৰ্যকৰী সভাপতি হিচাপে লৈ এখন সমিতি গঠন ।

Swargadeo Chaolung Sukaphaa
যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:22 PM IST

শ্ৰীযোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ

যোৰহাট, ২১ এপ্ৰিল: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংঘৰ বাৰ্ষিক অধিবেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব যোৰহাট জিলাত । সেই উদ্দেশ্যে আজি এক আদৰণি সমিতি গঠনৰ সভা অনুষ্ঠিত হয় । যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় এই ৰাজহুৱা সভাত আদৰণি সমিতিৰ সম্পাদক নিৰ্বাচনক কেন্দ্ৰ কৰি একাংশ সদস্য়ৰ মাজত মনোমালিন্য় ঘটে । সভাত আদৰণি সমিতিৰ সম্পাদকৰ বাবে প্ৰথম পৰ্যায়ত চাৰিগৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও শেষ মুহূৰ্তত এগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰে । যাৰ বাবে আজিৰ সভাই কোনো এগৰাকীক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিব নোৱাৰে । অৱশ্য়ে এসপ্তাহৰ ভিতৰত আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ নাম ঘোষণা কৰা হ'ব বুলি সদৰী কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

ৰাজহুৱা সভাত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে এখন আদৰণি সমিতি গঠন কৰা হয় । ড৹ নবীন চন্দ্ৰ বৰাক সভাপতি, বিত্ত মন্ত্রী তথা যোৰহাটৰ অভিভাৱক মন্ত্রী অজন্তা নেওগক কাৰ্যকৰী সভাপতি হিচাপে লৈ এই সমিতি গঠন কৰে । উল্লেখ্য় যে ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত যোৰহাটত অনুষ্ঠিত হ'ব সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনখনি ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজিৰ এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । আনহাতে,সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । ৰাজহুৱা সভাখন উদ্বোধন কৰি প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় যে আজি সংঘৰ বাবে এক গুৰুত্বপূৰ্ণ দিন । কিয়নো এনে এক বৃহৎ অনুষ্ঠানৰ এখন অধিবেশন য'ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতৰ সমাগম হয়, তেনে এক অধিবেশন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এখন শক্তিশালী আদৰণি সমিতিৰ প্ৰয়োজন হয় । আৰু সংঘৰ আগন্তুক অধিবেশন অনুষ্ঠিত হ'ব যোৰহাট জিলাত। ইয়াৰ বাবে যোৰহাট জিলা বিগত ২-৩ বছৰ ধৰি প্ৰস্তুতি চলাই আহিছে ।

আনহাতে,আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলাকান্ত গগৈ । মুখ্য অতিথিৰ ভাষণত কমলাকান্ত গগৈয়ে কয় যে শতবৰ্ষৰ দিশে অগ্ৰসৰ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত এক শক্তিশালী স্থিতিত উপনীত হৈছে । আৰু এই স্থান দিছে সংঘৰ ভকত বৈষ্ণৱ সকলে ।

সভাখনত উপস্থিত থাকে সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, প্ৰফুল্ল চন্দ্ৰ বৰা, বাবুল বৰা, দেবানজন বৰা, দিলীপ বৰা প্ৰমুখ্যে যোৰহাটৰ বিভিন্ন দল-সংগঠনেৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল ।

লগতে পঢ়ক:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.