ETV Bharat / state

অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ, তীব্ৰ উত্তেজনা - Assam Nagaland border - ASSAM NAGALAND BORDER

Assam Nagaland border: মেৰাপানী অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে উত্তেজনা । অসমৰ ভূমিত নগাই আদৰণি তোৰণ নিৰ্মাণ কৰাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । শীঘ্ৰে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

Reaction to Nagas building welcome gates on Assam's land
অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 11:55 AM IST

গোলাঘাট,২৫ আগষ্ট: ২০১৯ চনতে স্থাপন কৰিব বিচৰা সৰুপানী পৰা লিফি বস্তিলৈ যোৱাৰ প্ৰবেশদ্বাৰত পুনৰ নগাই নিৰ্মাণ কৰিছে আদৰণি তোৰণ । প্ৰায় পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ২০১৯ চনতে মেৰাপানী সৰুপানীত নগাই অবৈধভাৱে অসমৰ ভূমিত নিৰ্মাণ কৰিছিল তোৰণখন । কিন্তু স্থানীয় ৰাইজ তথা দল-সংগঠনৰ প্ৰতিবাদত দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশৰ উপস্থিতিত তোৰণ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ বাধ্য হৈছিল ।

অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ (ETV Bharat Assam)

শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰশাসনে তোৰণখন পুনৰ নিৰ্মাণৰ বাবে অনুমতি বিচাৰি সৰুপানীত থকা চি আৰ পি এফক লিখিত আবেদন প্ৰদান কৰিছিল যদিও অনুমতি দিয়া নাছিল চি আৰ পি এফে । শনিবাৰে অঞ্চলটোত ঘটনাৰ বুজ ল’বলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ এটা দল সেই স্থানত উপস্থিতিত হয় । দলটোৱে চি আৰ পি এফৰ সৈতে যোগাযোগ কৰাত চি আৰ পি এফৰ বিষয়াগৰাকীয়ে সমগ্ৰ গোলাঘাট জিলাখনেই বিবদমান এলেকাত পৰে বুলি কোৱাত জাঙুৰ খাই উঠিছে সংগঠনটো ।

অতি শীঘ্ৰেই বিষয়াগৰাকীক উক্ত স্থানৰ পৰা বদলি কৰাৰ লগতে অসম প্ৰশাসনে নগাই অবৈধভাৱে অসমৰ ভূমিত নিৰ্মাণ কৰা তোৰণখনৰ কাম বন্ধ কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে । সীমান্ত অঞ্চলৰ ভৌগোলিক তথ্য নজনা এজন ব্যক্তিক এই অঞ্চলত নিযুক্ত হৈ থাকিলে ভৱিষ্যতৰ দিনত পৰিস্থিতিৰ বেয়াৰ ফালে গতি কৰাৰ শংকা প্ৰকাশ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে ।

গতিকে অতি সোনকালে এই বিষয়াজনক ইয়াৰ পৰা বদলি কৰাৰ লগতে গোলাঘাট জিলা প্ৰশাসনে নাগালেণ্ড প্ৰশাসনৰ দ্বাৰা তোৰণ নিৰ্মাণ কৰিবলৈ লোৱা কাম বন্ধ কৰিবলৈ দাবী জনায় । অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক: অসমভূমিত নাগালেণ্ডৰ পেট্ৰ’ল পাম্প নিৰ্মাণ : দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত - Assam Nagaland border

সীমান্তত তালাচী চলোৱাৰ নামত হাৰাশাস্তিৰ অভিযোগ চি আৰ পি এফৰ বিৰুদ্ধে - Assam Nagaland border

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.