ETV Bharat / state

আমি ৰাজনীতি নিষ্ঠা আৰু আদৰ্শগতভাৱে কৰিছো : ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভৰ পিচতে ৰমেন ডেকাৰ প্ৰতিক্ৰিয়া - Governor of Chhattisgarh

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 6:46 PM IST

Senior BJP leader Ramen Deka : ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পিচতে মঙলদৈবাসীক কৃতজ্ঞতা জ্ঞাপন ৰমেন ডেকাৰ ৷ ৰাজ্যপালৰ দৰে পদবী লাভ কৰাৰ কথা তেওঁ ভবাই নাছিল বুলি মন্তব্য কৰে ৷ ৰাজনীতি কৰিলে ধৈৰ্য আৰু নিষ্ঠা লাগিব বুলিও মন্তব্য প্ৰাক্তন সাংসদগৰাকীৰ ৷

Senior BJP leader Ramen Deka
ছত্তীশগড়ৰ নতুন ৰাজ্যপাল ৰমেন ডেকা (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুলাই : বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । এই খবৰে স্বাভৱিকতে উৎফুল্লিত কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক । এই খবৰ লাভ কৰাৰ পিচতে প্ৰাক্তন সাংসদ ৰমেন ডেকাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

নিজৰ প্ৰতিক্ৰিয়াত ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰমেন ডেকাই কয়, ‘‘মঙলদৈ সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ । কাৰণ তেওঁলোকেই প্ৰথম সংসদলৈ যোৱাৰ পথ প্ৰশস্ত কৰি দিছিল । অসমৰ সমগ্ৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ । বহুজনৰ প্ৰচেষ্টাত বিজেপিয়ে অসমত ২০১৬ আৰু ২০২১ চনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । এই যুদ্ধৰ ময়ো এজন যোদ্ধা আৰু কেতিয়াবা সেনাপতি হিচাপে আছিলো । বহু বিপৰীত পৰিস্থিতিত কাম কৰিছো । আমাৰ উত্থানটো ক্ৰমাগতভাৱে হৈ আছে আৰু ইয়াত সকলোৰে সহযোগিতা আছে ।’’

ৰমেন ডেকাই লগতে কয়, ‘‘বৰ্তমান মোদীৰ নেতৃত্বত বিকাশ-উন্নয়ন সম্ভৱ হৈছে । অসমতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশ হৈছে । এই বিকাশৰ মই সমভাগী হৈছো আৰু দলে মোক যথেষ্ট দিছে । আজি মোক যি সন্মান দিলে সেই সন্মানটো মই ভবা নাছিলো । মোৰ সাংসদ হোৱাৰ এটা সপোন আছিল । মই বিধায়ক হোৱাৰ বাবে ইমান চেষ্টা কৰা নাছিলো । সাংসদ হোৱাৰ পিচত পুনৰ টিকট দিয়া নাছিল যদিও মই দলৰ হৈ কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছো । এতিয়া মোদীয়ে ছত্তীশগড়ৰ দৰে এখন ডাঙৰ ৰাজ্যৰ ৰাজ্যপালৰ দায়িত্ব দিছে । যিটো মই ভবাই নাছিলো । মই মোদীকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ৷’’

প্ৰাক্তন সাংসদগৰাকীয়ে কয়, ‘‘ৰাজনীতি কৰিলে ধৈৰ্য আৰু নিষ্ঠা লাগিব । আমি ৰাজনীতি নিষ্ঠা আৰু আদৰ্শগতভাৱে কৰিছো । আদৰ্শগতভাৱে কৰি থাকিলে দলে নিশ্চয় চিন্তা কৰিব । আদৰ্শৰ পৰা আঁতৰি গ’লে স্থায়ী নহয় । আজি অসমত ৫০ বছৰ ধৰি একে দলত সক্ৰিয়ভাৱে কাম কৰি থকা মই আৰু হেমেন দাস আছো । ১৯৭৪ চনৰ পৰা মই আজিলৈকে সক্ৰিয়ভাৱে ৰাজনীতি কৰি আছো । সক্ৰিয় হৈ থাকিলে দলে চিন্তা কৰে আৰু ইয়াৰ প্ৰমাণ আছে ৷’’

নতুন-পুৰণিৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টা :

অসমত পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত হোৱা সংঘাত, দলীয় মজিয়াত সৃষ্টি হোৱা অসন্তুষ্টি নিৰ্মূল কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰিলে কৌশলী সিদ্ধান্ত ৷ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হয় ৷ বিজেপিৰ অসন্তুষ্ট নেতাসকলৰ ভিতৰত অন্যতম এগৰাকী নেতা আছিল ৰমেন ডেকা । প্ৰায়ে দলৰ সাংগাঠনিক কামক লৈ সময়ে সময়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল নেতাগৰাকীয়ে । লোকসভা নিৰ্বাচনত টিকটৰ আশা কৰিছিল যদিও দলে নিদিলে ।

কিন্তু তাৰ বিপৰীতে দিলে ৰাজ্যপালৰ দৰে সন্মানীয় পদবী ৷ টিকট নাপালেও অসন্তুষ্টি প্ৰকাশ নকৰি ৰমেন ডেকাই দলৰ কাম-কাজত ব্ৰতী হৈ আছিল । অৱশেষত তাৰেই যেন পুৰস্কাৰ পালে ৰমেন ডেকাই । ৰমেন ডেকাৰ দৰে এগৰাকী অতিকৈ পুৰণি বিজেপি নেতাক ৰাজ্যপালৰ পদত নিযুক্তি দি পুৰণি বিজেপিক অৱজ্ঞা কৰাৰ অভিযোগ যেন খণ্ডন কৰিলে বিজেপিয়ে ।

অষ্টমগৰাকী অসমীয়া ৰাজ্যপাল ৰমেন ডেকা :

ৰাজ্যপালৰ দৰে সন্মানীয় সাংবিধানিক পদত অধিষ্ঠিত হোৱা ৰমেন ডেকা অষ্টমগৰাকী অসমীয়া । ইয়াৰ পূৰ্বে ১৯৫৮ চনত তেতিয়াৰ মাদ্ৰাছ আৰু বৰ্তমানৰ তামিলনাডুৰ ৰাজ্যপাল হৈছিল বিষ্ণুৰাম মেধি । সেইদৰে ১৯৭১চনত বিহাৰৰ ৰাজ্যপালৰ দায়িত্ব লাভ কৰিছিল দেৱকান্ত বৰুৱাই । ইয়াৰ পিচত তৃতীয়গৰাকী অসমীয়া হিচাপে ১৯৭৩ চনত পঞ্জাৱৰ ৰাজ্যপাল হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী ।

ইয়াৰ পিচতে হিতেশ্বৰ শইকীয়াই ১৯৮৭চনত মিজোৰামৰ ৰাজ্যপালৰ দায়িত্ব লাভ কৰিছিল । ২০০৮ চনত মেঘালয়ৰ ৰাজ্যপাল হৈছিল অসম সন্তান ৰঞ্জিৎ শেখৰ মুছাহাৰী । ইয়াৰ পিচত ২০০৯ চনত বিহাৰ আৰু ২০২৩ চনত ত্ৰিপুৰাৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল দেৱানন্দ কোঁৱৰে । আনহাতে ২০১৫ চনত জ্যোতি প্ৰসাদ ৰাজখোৱাক অৰুণাচলৰ ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া হৈছিল । এইবাৰ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে ।

সংক্ষেপে ৰমেন ডেকা:

অসমত বিজেপিৰ সাংগাঠনিক ভেটি স্থাপন কৰা নেতাসকলৰ ভিতৰত অন্যতম এগৰাকী নেতা হৈছে ৰমেন ডেকা । বিজেপি দলৰ নীতি-আদৰ্শ লৈ সক্ৰিয়তাৰে কাম কৰা এগৰাকী নেতা হৈছে ৰমেন ডেকা । বিজেপি আনুষ্ঠানিকভাৱে গঠন হোৱাৰ আগৰে পৰাই এই নীতি আদৰ্শত কাম কৰি আছিল ৰমেন ডেকাই । জন সংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক আছিল ৰমেন ডেকা ।

ভাৰতীয় জনতা পাৰ্টীৰ গঠনৰ সময়ত ৰমেন ডেকা আছিল দলটো এগৰাকী মুখ্য সদস্য । ইয়াৰ পিচত বিজেপিৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতিৰ দৰে দায়িত্ব পালন কৰিছিল । ২০০৫ চনৰ পৰা ২০০৯ চনলৈ অসম বিজেপিৰ সভাপতি পদতো আছিল ৰমেন ডেকা । ৰমেন ডেকাৰ কাৰ্যকুশলতা দেখিয়েই সংসদৰ গৃহ আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ স্থায়ী কমিটিৰ সদস্যৰ পদতো অধিষ্ঠিত হৈছিল ৷ ১৯৫৪চনত শুৱালকুছিত জন্ম হোৱা ৰমেন ডেকা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

মঙলদৈ লোকসভা তথা বৰ্তমান দৰং-ওদালগুৰি সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ৰমেন ডেকাই । ২০০৯ আৰু ২০১৪ৰ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৰমেন ডেকা । এইবাৰ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিজেপিৰ এইগৰাকী জ্যেষ্ঠ নেতাই ।

বাজপেয়ী ভৱনত উষ্ম আদৰণি ৰমেন ডেকাক :

ৰাজ্যপালৰূপে নিযুক্তি পোৱাৰ পিচতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ৰমেন ডেকা । দেওবাৰে পুৱাই বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় জ্যেষ্ঠ নেতাগৰাকী । কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে ৰমেন ডেকাক উষ্ম আদৰণি জনায় ।

উল্লেখ্য যে ৰাষ্ট্ৰপতিয়ে অসমৰ লগতে দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি দিছে । অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্যক । অসমৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱ আৰু চণ্ডীগড়ৰ ৰাজ্যপালৰূপে নিযুক্তি প্ৰদান কৰা হৈছে । ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ দায়িত্বও অৰ্পণ কৰা হৈছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতাক অসমৰ ৰাজ্যপালৰ দায়িত্ব : নতুন ৰাজ্যপালৰ তালিকাত নাম ৰমেন ডেকাৰ

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নতুন উপাচাৰ্য ড৹ ননীগোপাল মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.